১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ভাৰতে অক্টোবৰৰ ভিতৰত ৫ টা নতুন কোভিড ভেকচিন লাভ কৰা সম্ভাৱনা ব্যক্ত কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে। ভেকচিন কেইটা বৰ্তমান সুকীয়া পৰ্যায়ত পৰীক্ষা চলি আছে।

২. আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰন্থ অধ্যয়নেৰে উজ্বলিল এগৰাকী কণমানি শিশু।সংযুক্ত আৰব এমিৰেটছ নিবাসী ভাৰতীয় বংশোদ্ভৱ কিয়াৰা কৌৰ নামৰ শিশুটিয়ে মাত্ৰ ১০৫ মিনিটত ৩৬ খন গ্ৰন্থ পঢ়ি বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

৩. দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব ল'ব সুশীল চন্দ্ৰাই।অহা ১৩ এপ্ৰিলত দায়িত্বভাৰ গ্ৰহণ কৰিব পাৰে সুশীল চন্দ্ৰাই।

৪. জনসাধাৰণক ভেকচিনৰ বাবে মাত মাতিবলৈ আহ্বান প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীৰ। টুইটাৰ যোগে ভেকচিন ৰপ্তানিকৰণতো চৰকাৰক বাধা আৰোপ কৰিবলৈ আহ্বান জনাই দুয়োগৰাকীয়ে।

৫. নেতাৰ দুৰ্ব্যৱহাৰৰ বাবে ভূপালৰ এগৰাকী চিকিৎসকৰ পদত্যাগ। মধ্য প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী পি চি শৰ্মাই এগৰাকী ৰোগীৰ মৃত্যুক লৈ মানসিক ভাৱে অপদস্থ কৰাৰ বাবে পদত্যাগ কৰে ডাঃ যোগেন্দ্ৰ শ্ৰীবাস্তৱে।

৬. দিল্লীত দ্ৰুত গতিত কোৰোনাৰ সংক্ৰমণ। দৈনিক প্ৰায় ১০৭৩২ গৰাকী আক্ৰান্ত হৈছে মহামাৰী কোৰোনাত।

৭. উত্তৰ প্ৰদেশ কোৰোনাৰ দ্ৰুত সংক্ৰমণ বাবে বিদ্যালয় ৩০ এপ্ৰিললৈ বন্ধ। ধৰ্মীয় অনুষ্ঠানতো সোমাব পাৰিব ৫ জন লোক।

৮. জম্মু মহাবিদ্যালয়ৰ ৪৩ গৰাকী শিক্ষাৰ্থী কোৰোনাত আক্ৰান্ত। আক্ৰান্ত সকলোকে বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত নিলগাই ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে।

৯. ভেকচিনত প্ৰদানত ভাৰতৰ বৃহৎ সাফল্য। ৮৫ দিনত প্ৰায় ১০ কোটি ভেকচিন প্ৰদান কৰা হয়।

১০. শোণিতপুৰৰ বালিপৰাত সংঘটিত হয় এক পথ দুর্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হৰি ৰায় নামৰ এজন লোক, আহত ৫জন শ্রমিক ।

১১. নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক নিষেধাজ্ঞা জাৰি। নিৰ্বাচন আয়োগে ২৪ ঘন্টাৰ বাবে জাৰি কৰিছে এই নিষেধাজ্ঞা।

১২. যোৱা ২৪ ঘন্টাত দিল্লীত ১১৪৯১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭৩৬৬৮৮জনলৈ পাইছে বৃদ্ধি।

১৩. ৰাজস্থানত আকৌ ৫৭৭১জনৰ দেহত ধৰা পৰে কোৰোনাৰ  উপস্থিতি। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৬৯৫৬৪জনলৈ পাইছে বৃদ্ধি।

১৪. মুম্বাইত আকৌ ৬৯০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে ৫২৭১১৯জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্তৰ সংখ্যা।

১৫. যোৱা ২৪ ঘন্টাত অন্ধ্ৰপ্ৰদেশত ৩২৬৩ জনৰ দেহত ধৰা পৰে কোৰোনা পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈ ১১জনৰ মৃত্যু।

১৬. প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন ৰাজ্যৰ ৰাজ্যপালৰ সৈতে এক বৈঠকত বহিব অহা ১৪ এপ্ৰিলত। এই ভাৰ্চুৱেল বৈঠকত কোৰোনা আৰু টীকাকৰণৰ সন্দৰ্ভত কৰা হ'ব আলোচনা।

১৭. হাৰিয়ানাতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ইয়াৰ প্ৰতি দৃষ্টি ৰাখি হাৰিয়ানাত নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে জাৰি সান্ধ্য আইন।

১৮. গোৱাত আকৌ ৪৭৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬২৭৮০জনলৈ পাইছে বৃদ্ধি।

১৯. শিলিগুৰিত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহ। এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে তেওঁ।

২০. যোৱা ২৪ ঘন্টাত তামিলনাডুত আকৌ ৬৭১১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৯জনৰ মৃত্যু।

২১. উত্তৰপ্ৰদেশত আকৌ ১৩৬৮৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত মৃত্যু হৈছে ৭২জন লোকৰ।

২২. কেৰালাত আকৌ ৫৬৯২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৭৫৯৬জন ৰোগী।

২৩. কৰ্ণাটকত আকৌ ৯৫৭৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০৭৪৮৬৯জনলৈ পাইছে বৃদ্ধি।

২৪. জম্মু-কাশ্মীৰৰ ডোডাত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুওৱাই এখন যাত্ৰীবাহী বাগৰি পৰে এটা দ' খাৱৈত। এই দুৰ্ঘনটাত প্ৰাণ হেৰুৱাইছে ৫জন লোকে।

২৫. পঞ্জাৱতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ল'লে কোভিড ভেকচিনৰ দ্বিতীয়টো ড'জ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in