১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ৰাজ্যত আকৌ ৪০৫জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৯৯৫৮জনলৈ পাইছে বৃদ্ধি।

২. শনিবাৰে পশ্চিমবংগত অনুষ্ঠিত হৈছে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন। চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৪৪টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে নিৰ্বাচন।

৩. উত্তৰ প্ৰদেশত আজৱ কাণ্ড। ৰাজ্যখনৰ কান্ধলা নাম স্বাস্থ্য কেন্দ্ৰত ৩ মহিলাক কোভিড ভেকচিন দিয়াৰ পৰিৱৰ্তে দিলে কুকুৰে কামুৰিলে দিয়া এন্টিভেনম।

৪. নাৰায়ণপুৰত স্বাস্থ্য বিভাগৰ তৎপৰতা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাহিৰৰ পৰা প্ৰৱেশ কৰা যান-বাহন সমূহ আৰক্ষীৰ সহযোগত ৰখাই ড্ৰাইভাৰ আৰু যাত্ৰী সকলক ৰেপিড টেষ্ট কৰিছে স্বাস্থ্য বিভাগে।

৫. শনিবাৰে অসমত সুস্থ হয় ৭৯জন লোক। এতিয়ালৈকে অসমৰ কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ সংখ্যা ২১৫৯০৭জনলৈ বৃদ্ধি পাইছে।

৬. ভাৰতৰ অনুমতি নোলোৱাকৈয়ে আমেৰিকাৰ নৌসেনাৰ এখন জাহাজে লক্ষ্যদ্বীপত অভিযান চলোৱাক লৈ ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া। দেশখনে কাৰ্যৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰিছে।

৭. পশ্চিমবংগত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ মাজতে ব্যাপক হিংসাত্মক ঘটনা। সংবাদমাধ্যমৰ বাহনতো আক্ৰমণ দুবৃৰ্ত্তৰ।

৮. কামাখ্যাধাম দৰ্শনলৈ গ'লে পুনৰ কৰিব লাগিব কোৰোনা টেষ্ট। পুনৰ কোৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।

৯. গোলকগঞ্জৰ আগমণিৰ ১৭ নং ঘাইপথ ভয়াবহ পথত শোকাবহ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী বাইক আৰোহীৰ। দুৰ্ঘটনাত থিতাতে নিহত মনীন্দ্ৰ সৰকাৰ।

১০. ৰাজ্যৰ ৪ টা ভোটকেন্দ্ৰত পুনৰ হ'ব ভোটগ্ৰহণ। ২০ এপ্ৰিল অনুষ্ঠিত হ'ব পুনৰ ভোট গ্ৰহণ। ৰাতাবাৰী, সোনাই আৰু হাফলঙৰ ২ টা কেন্দ্ৰত হ'ব ভোটগ্ৰহণ।

১১. মহানগৰীত কোৰোনাত আক্ৰান্ত হৈ এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু। মৃত শিক্ষয়িত্ৰীগৰাকীৰ নাম সীমা হাজাৰি। মহানগৰীৰ গোপাল বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত আছিল শিক্ষয়িত্ৰী গৰাকী।

১২. ভাৰতীয় ৰে'ল বিভাগৰ ঘোষণা। দেশত ৰে'ল সেৱা বন্ধ নহয়। প্ৰয়োজন সাপেক্ষে যাত্ৰীৰ সংখ্যা বাঢঞিলে ৰে'লৰ সংখ্যাহে বৃদ্ধি কৰা হ'ব।

১৩. বিশ্ব উষ্ণতা বৃদ্ধিৰ ফলত গলিবলৈ ধৰিছে দক্ষিণ মেৰুৰ বৰফ। দক্ষিণ মোৰুৰ ৩৪ শতাংশ গলি সাগৰত বৈ যোৱাৰ আশংকা কৰিছে বিজ্ঞানীসকলে।

১৪. ব্ৰিটেইনৰ ৰাণী মহাৰাণী এলিজাবেথৰ স্বামী যুৱৰাজ ফিলিপৰ মৃত্যু। মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শোক প্ৰকাশ।

১৫. উচ্চতম ন্যায়ালয়ৰ মন্তব্য। ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকে ইচ্ছানুযায়ী বাছনি কৰিব পাৰিব ধৰ্ম।

১৬. তামিলনাডুত আকৌ ৫৯৮৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯২৬৮১৬জনলৈ পাইছে বৃদ্ধি।

১৭. গুজৰাটত আকৌ ৫০১১জনৰ দেহত যোৱা ২৪ ঘন্টাত কোৰোনাৰ উপস্থিতি ধৰা পৰে। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৪৯জনৰ মৃত্যু।

১৮. কাশ্মীৰৰ শ্বোপিয়ানত সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ সংঘৰ্ষ।এই সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী।

১৯. পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন । চতুৰ্থ পৰ্যায়ত ৭৬.১৬ শতাংশ ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ।

২০. কৰ্ণাটকত আকৌ ৬৯৫৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০৫৫০৪০জনলৈ পাইছে বৃদ্ধি।

২১. তেলেংগানাৰ বিভিন্ন স্থানত ই ডিৰ অভিযান। এই অভিযানকালত জব্দ প্ৰায় ৩ কোটি টকাৰ আ-অলংকাৰসহ বহু সা-সামগ্ৰী।

২২. ৰাজস্থানত শনিবাৰে ৪৪০১জন কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৮জন লোকৰ। এতিয়ালৈকে ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৫৮৬৮৮জনলৈ পাইছে বৃদ্ধি।

২৩. অন্ধ্ৰপ্ৰদেশত আকৌ ৩৩০৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈ ১২জনৰ মৃত্যু।

২৪. শনিবাৰে দিল্লীত ৭৮৯৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭১৪৪২৩জনলৈ পাইছে বৃদ্ধি।

২৫. পশ্চিমবংগৰ হুগলীত সংঘটিত হিংসাত্মক ঘটনা। বিজেপি নেতা লকেট চেতাৰ্জীৰ বাহনত আক্ৰমণৰৰ ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in