১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিব লাভলিনা বৰগোঁহায়ে।এছিয়ান বক্সিং চেম্পিয়নশ্বিপত নিজকে খিতাপৰ দাবীদাৰ হিচাপে প্ৰতিপন্ন কৰিব।

২. শোণিতপুৰ জিলাৰ ডুমডুমাত কোভিড ভেকচিন লৈ গুৰুত্বৰ ভাবে অসুস্থ হোৱা এজন লোকৰ মৃত্যু । মৃত লোক জনৰ নাম অনন্ত হালৈ(৪৮)।

৩. উত্তৰ প্ৰদেশলৈ অনা হ'ল মুখটাৰ আনছাৰিক। আনছাৰিৰ নতুন ঠিকনা বান্দা কাৰাগাৰ।

৪. মৈত্ৰী আঁচনীৰ অধীনত নেপাল ভাৰতা নিৰ্মাণ কৰিব বিদ্যালয়। ২০১৫ চনত প্ৰলয়ংকাৰী ভূমিকম্পত ধ্বংস হোৱা ৭১ খন বিদ্যালয় নিৰ্মাণ কৰিব ভাৰতে।

৫. আন্তঃৰাষ্ট্ৰীয় বিত্ত নিধিৰ প্ৰতিবেদন। প্ৰতিবেদনত মহামাৰী-সৃষ্ট অৰ্থনৈতিক জটিলতা নিয়ন্ত্ৰণ কৰাৰ কথা উল্লেখ।

৬.পৰীক্ষাই জীৱনৰ শেষ নহয়। বুধবাৰে 'পৰীক্ষা পে চৰ্চা'ত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সৈতে প্ৰধানমন্ত্ৰীৰ মন বিনিময়।

৭. দৈনিক গড়ে ৩০.৯৩ লাখৰো অধিক লোকক ভেকচিন প্ৰদান। এই পৰ্যন্ত ভাৰত ৮.৭ কোটিৰো অধিক লোকৰ টিকাকৰণ সম্পন্ন।

৮. আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ ঘোষণা। ১৯ এপ্ৰিলৰ ভিতৰত দেশৰ সকলো প্ৰাপ্তবয়স্কক প্ৰদান কৰা হ'ব ভেকচিন।

৯. বিহুৰ আয়োজক সমিতিসমূহে কোভিড বিধি মানি ব্যৱস্থা লওক।- বিহু কৃষ্টি পৰিষদৰ জনালে এই আহ্বান।

১০. স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা- অসমত লকডাউনৰ সম্ভাৱনা নাই। সাধাৰণ ভাৱে অসমত জীৱন যাত্ৰা চলি থাকিব। বিহুও পালন কৰিব অসমৰ ৰাইছে।

১১. বৃহস্পতিবাৰৰ নিশা ৮ বজালৈকে দেশত ৩৪৭৩০৮৩জন লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন। এই কথা সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে।

১২. মধ্যপ্ৰদেশত আকৌ ৪৩২৪জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩২২৩৩৮জনলৈ পাইছে বৃদ্ধি।

১৩. পঞ্জাৱত আকৌ ৩১১৯জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত ৫৬জনৰ মৃত্যু কোভিডত।

১৪. যোৱা ২৪ ঘন্টাত পুনেত ১২০৯০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৭০জনৰ মৃত্যু।

১৫. ছত্তীশগড়ত অতি ভালকৈ কোৰোনাৰ টেষ্ট আৰু ভেকচিনেশ্যনৰ কাম চলি আছে।– এই মন্তব্য ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ।

১৬. হাৰিয়ানাত আকৌ ২৮৭২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৭১২৯জন ৰোগী।

১৭. গুজৰাটত যোৱা ২৪ ঘন্টাত ৪০২১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৩৫জনৰ মৃত্যু।

১৮. কৰ্ণাটকত এতিয়ালৈকে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১০৪০১৩০জনলৈ পাইছে বৃদ্ধি। বৃহস্পতিবাৰে ৰাজ্যখনত নতুনকৈ ৬৫৭০জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৯. কাশ্মীৰৰ শ্বোপিয়ানত আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। এই সংঘৰ্ষত ৩টা সন্ত্ৰাসবাদী নিহত।

২০. মহাৰাষ্ট্ৰত আকৌ ৫৬২৮৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৩৭৬জনৰ মৃত্যু হয়।

২১. ১১ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈকে টিকা উৎসৱ উদযাপন কৰা হ'ব। এই ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

২২. উত্তৰাখণ্ডত আকৌ ৭৮৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০৫৪৯৮জনলৈ পাইছে বৃদ্ধি।

২৩. ছণ্ডীগড়ত আকৌ ৩২৪জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত ২৯৫২১জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২৪. যোৱা ২৪ ঘন্টাত দিল্লীত আকৌ ৭৪৩৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩১৮১জন ৰোগী।

২৫. অসমত আকৌ ২৪৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে ১০২৩জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in