১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ৬৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮৬৭০জনলৈ বৃদ্ধি।

২. কোৰোনাত আক্ৰান্ত বলিউদৰ অভিনেতা অক্ষয় কুমাৰ । দেওবাৰে অভিনেতা গৰাকীৰ দেহত ধৰা পৰে কোভিডৰ উপস্থিতি ।

৩. ৰংজুলিত পুণৰ বন্যহস্তীৰ আক্ৰমণত এজন নিহত ।দেওবাৰে ৰবৰ কাটিবলৈ যাওতে আক্ৰমন কৰে ব্যক্তি গৰাকীক । মৃত ব্যক্তি গৰাকীৰ কাহিবাৰী গাঁৱৰ দীপক ৰাভা ।

৪. বিশিষ্ট সাহিত্যিক,সমালোচক,অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা অধ্যাপক ড০ কুতুবুদ্দিন দেহাৱসান । দেওবাৰে পুৱতি নিশা গুৱাহাটীৰ এক চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে বিশিষ্ট সাহিত্যক গৰাকীয়ে।

৫. বকোত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু। ৰাতিপুৱা প্ৰায় ৮.৩০ বজাত এটা বনৰীয়া হাতীক খেদি পঠিয়াবলৈ যাওঁতে পুহিন ৰাভা (৭২) নামৰ লোকগৰাকীক আক্ৰমণ কৰে।

৬. দেশৰ শেহতীয়া কোভিড পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠক।কোভিড ১৯ সম্পৰ্কীয় বিষয় আৰু টিকাকৰণৰ পৰ্যালোচনা কৰিবলৈ আয়োজন কৰা হৈছে এই বৈঠকৰ ।

৭.কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমনৰ দুটা কাৰ্যসূচী বাতিল । ভবানীপুৰ আৰু শুৱালকুছিৰ নিৰ্বাচনী সভা বাতিল কৰা হয় ।

৮. বিহালীত ৰে'লৰ আগত পৰি যুৱকৰ মৃত্যু। বেদেতী ৰে'ল ষ্টেচনৰ নিচেই কাষত দেওবাৰে পুৱতি নিশা বিশ্বনাথৰ বিজিত নাথ মৃতদেহ উদ্ধাৰ হয়।

৯. অসমত দেওবাৰে কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১১০৯জনৰ।

১০. পুনৰ ৪ দিনৰ এন আই এ(নিয়া) ৰ জিম্মালৈ শচীন ৱাজেক।উদ্যোগপতি মুকেশ আম্বানিৰ বাসগৃহৰ সন্মূখত ৰখোৱা মনসুখ হিৰণৰ হত্যাৰ অভিযোগত ১২ মাৰ্চত আৰক্ষীয়ে ৱাজেকক গ্ৰেপ্তাৰ কৰিছিল।

১১. দিল্লীত আকৌ ৪০৩৩জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৭৬৪১৪জনলৈ পাইছে বৃদ্ধি।

১২. পঞ্জাৱত পুনৰ ৩০১৯জন লোক আক্ৰান্ত কোৰোনা ভাইৰাছত। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৫১জনৰ মৃত্যু।

১৩. মহাৰাষ্ট্ৰত আকৌ ৫৭০৭৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩০১০৫৯৭জনলৈ পাইছে বৃদ্ধি।

১৪. যোৱা ২৪ ঘন্টাত তামিলনাডুত ৩৫৮১জন লোক কোৰোনাত আক্ৰান্ত। ইফালে, ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৪জনৰ মৃত্যু।

১৫. ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী উপস্থিত ৰামকৃষ্ণ কেয়াৰ হাস্পতালত। মাওবাদীৰ আক্ৰামণত আহত নিৰাপত্তাৰক্ষীৰ খবৰ ল'বলৈ হাস্পতালখনত উপস্থিত হয় তেওঁ।

১৬. ৰাজস্থানত আকৌ ১৭২৯জন লোক কোৰোনাত আক্ৰান্ত। ৰাজ্যখনত ৩৩৯৩২৫জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।

১৭. দেওবাৰৰ দিনটোত গুজৰাটত আকৌ ২৮৭৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত দিনটোত কোৰোনাত আক্ৰান্ত ১৪জনৰ মৃত্যু।

১৮. হিমাচলপ্ৰদেশত আকৌ ৪০৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৫২৪২জনলৈ পাইছে বৃদ্ধি।

১৯. অন্ধ্ৰপ্ৰদেশত যোৱা ২৪ ঘন্টাত ১৭৩০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৫জনৰ মৃত্যু।

২০. মুম্বাইত আকৌ ১১১৬৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। মহানগৰীখনতেই দিনটোত কোৰোনাত আক্ৰান্ত ২৫জনৰ মৃত্যু।

২১. বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে বৈঠকত বহিব প্রধানমন্ত্ৰী মোডী। অহা ৬ এপ্ৰিলত বহিব তেওঁ এই বৈঠকত।

২২. উত্তৰাখণ্ডত আকৌ ৫৫০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০২২৬৪জনলৈ পাইছে বৃদ্ধি।

২৩. গোৱাত আকৌ ২৬৫জন কোৰোনাত আক্ৰানত আৰু সুস্থ হৈছে ১৬৭জন লোক। এতিয়ালৈকে ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা  ৫৯০৬৮জনলৈ পাইছে বৃদ্ধি।

২৪. কৰ্ণাটকত আকৌ ৪৫৫৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত দেওবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ১৫জনৰ মৃত্যু।

২৫. দেওবাৰে অসমত সুস্থ হয় কোৰোনাত আক্ৰান্ত হৈ থকা ৪৮জন লোক। এতিয়াও ৰাজ্যখনত চিকিৎসাধীন হৈ আছে ৬১৭জন ৰোগী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in