১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. 'কোহলী আৰু মোদী নিজ নিজ ক্ষেত্ৰত এজন অভিজ্ঞ খেলুৱৈ,তাত কাৰো সন্দেহ থাকিব নালাগে' -বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে মঙলবাৰে কৰিলে এই মন্তব্য।

২. দিল্লীৰ পৰা উত্তৰপ্ৰদেশলৈ ২০১৯ ত চলিব নতুন শীত-তাপ নিয়ন্ত্ৰিত ৰে'ল। মঙলবাৰে ৰেল বিভাগে কৰিলে এই ঘোষণা।

৩. সোমবাৰে নিশা আগ্ৰাত দুৰ্বৃত্তই জীৱন্তে জ্বলাই দিলে এজন যুৱকক। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

৪. সজ্জন কুমাৰক শাস্তি সন্দৰ্ভত মোদীৰ মন্তব্য- 'কোনেও হয়তো কল্পনাই কৰিব পৰা নাছিল দীৰ্ঘসময়ৰ পাছত কংগ্ৰেছ নেতাই শাস্তি পাব'।

৫. 'চীনক এৰি বিশ্বৰ বাকীবোৰ স্থানত পুঁজিবাদতকৈ শ্ৰেষ্ঠ সমাজবাদ' -দালাই লামাই মঙলবাৰে এক অনুষ্ঠানত কৰিলে এই মন্তব্য।

৬. 'ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰাক লৈ বৰ্তমানেও সিদ্ধান্ত লোৱা নাই মিত্ৰজোঁটে' -অভিলেষ যাদৱে কৰিলে এই মন্তব্য।

৭. মঙলবাৰে বিহাৰৰ সমস্তীপুৰত দ' খাৱৈত পৰিল স্কুল বাছ। ৫ শিক্ষকৰ লগতে ৪০ শিক্ষাৰ্থী গুৰুতৰভাৱে আহত।

৮. মঙলবাৰে কেৰালাৰ সৱৰিমালা মন্দিৰ পৰিদৰ্শন কৰি ৪ সমকামীয়ে সংবাদমাধ্যমৰ সন্মুখত ক'লে- 'মন্দিৰ দৰ্শন কৰি ধন্য হ'ল জীৱন'।

৯. আই পি এল-২০১৯ত ক্ৰিকেটাৰ যুৱৰাজ সিঙে খেলিব মুম্বাই ইণ্ডিয়ানছৰ হৈ। মঙলবাৰে হোৱা নিলামত খেলুৱৈগৰাকীক ১ কোটি টকা ধনৰ বিনিময়ত ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে।

১০. ২০১৯ৰ ২৫ জানুৱাৰীত সমগ্ৰ দেশৰ ছবিগৃহত মুক্তি পাব কংগনা ৰানাৱটৰ ছবি 'মণিকৰ্ণিকা'। মঙলবাৰে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয়।

১১. আজি আন্তঃৰাষ্ট্ৰীয় অধিবাসী দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত বিশ্বৰ বিভিন্ন প্ৰান্তত পালন কৰা হয় এই দিৱসটি।

১২. মঙলবাৰে বজাৰত মুকলি হ'ল ৩টা ৰিয়েৰ কেমেৰাযুক্ত 'Lenovo Z5s'। ফোনটোৰ বজাৰ মূল্য ১৯,৫০০।

১৩. আই পি এল-২০১৯ৰ সবাতোকৈ দামী খেলুৱৈ জন বৰুণ চক্ৰৱতী। তামিলনাডুৰ এই খেলুৱৈজনক কিংগ্ছ ইলেভেন পঞ্জাৱে ক্ৰয় কৰিছে ৮.৪০ কোটিত।

১৪. মিছন ২০১৯ৰ নিৰ্বাচন। ২৩ ডিচেম্বৰত দিল্লীত ১২ হাজাৰ বুথ পৰ্যায়ৰ কৰ্মীৰ সৈতে বৈঠকত বহিব বিজেপি সভাপতি অমিত শ্বাহ।

১৫. গুজৰাট কৃষকৰ ৬৫০ কোটি বিজুলীৰ বিল ৰেহাই। গুজৰাট চৰকাৰৰ শক্তি মন্ত্ৰী সৌৰভ পেটেলে মঙলবাৰে কৰিলে এই ঘোষণা।

১৬. দিল্লীত ৪১ লাখ টকা আত্মসাত্ কৰি মঙলবাৰে ক্ৰাইম ব্ৰান্সৰ জালত পৰিল দুই প্ৰৱঞ্চক। দুয়োকে জেৰা অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে।

১৭. আফাগানিস্তান বোমা বিস্ফোৰণ, নিহত তিনি সেনা জোৱানসহ ৬ সাধাৰণ নাগৰিক।

১৮. 'মোৰ বাবে ৰাজ্যৰ সেৱাই মূলমন্ত্ৰ। জনতাৰ বাবে কাম কৰিবলৈ জনতাই মোক জয়যুক্ত কৰাইছে যেতিয়া তেওঁলোকৰ বাবে কিবা এটা কৰাটোৱেই মোৰ লক্ষ্য' -এই মন্তব্য মধ্যপ্ৰদেশৰ নৱনিযুক্ত কংগ্ৰেছ বিধায়ক মনদ্বীপ পলকসেনৰ।

১৯. মঙলবাৰে কাজিৰঙাৰ কঁহৰা বনাঞ্চলত গবৰাই কেম্পৰ মেৰামতিৰ কামত নিয়োজিত এজন শ্ৰমিক গঁড়ৰ আক্ৰমণত আহত হয়৷ আহত শ্ৰমিকজনৰ নাম চেনিৰাম গগৈ।

২০ মহানগৰীৰ ফাঁচী বজাৰত মঙলবাৰে এজন ব্যৱসায়ীৰ পৰা মোবাইল ফোন কাঢ়ি নিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হয় দুটা চুৰ। চোৰ দুটাৰ নাম ক্ৰমে সৌৰভ ভূঞা আৰু তপন গোহাঁই।

২১. মঙলবাৰে বৰষুণৰ ফলত মহানগৰীৰ কালীপুৰত ৰাজপথত বাগৰি পৰে এদাল প্ৰকাণ্ড গছ। গছডাল বাগৰি পৰাৰ পাছতে বহু সময় ধৰি ৰাজপথত স্তব্ধ হৈ পৰে যান-বাহনৰ চলাচল।

২২. এ এছ ১১-পি-৭৩৪৩ নম্বৰৰ এখন হুণ্ডাই ইয়ন গাড়ীৰে কিছুপৰিমাণৰ অবৈধ নিষিদ্ধ ঘোষিত দ্ৰৱ্য পাথাৰকান্দিৰ চান্দখিৰাত জব্দ কৰে আৰক্ষীয়ে। ইফালে আৰক্ষীয়ে আব্দুল বাছিত নামৰ এজন লোককো আটক কৰিছে।

২৩. গুৱাহাটী প্ৰেছ ক্লাৱত মঙলবাৰে ইউনিচেফে শিশুৰ অধিকাৰ সন্দৰ্ভত বাতৰি পৰিৱেশন কৰা সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানক আগবঢ়াই মিডিয়া ফেল'শ্বিপ এৱাৰ্ড। ৰাজ্যত ৫গৰাকী সাংবাদিকৰ লগতে শ্বিলং আৰু ডিব্ৰুগড়ৰ দুটা সংবাদ প্ৰতিষ্ঠানে লাভ কৰে এই এৱাৰ্ড।

২৪. মঙলবাৰেও সন্ধান নোলাল শিৱসাগৰৰ দিচাংত সন্ধানহীন হোৱা অঞ্জলী ছেত্ৰী আৰু আৰতী ছেত্ৰী নামৰ দুগৰাকী যুৱতীৰ। ৩দিনকৈ এছ ডি আৰ এফে অভিযান চলাইছে যদিও যুৱতী দুগৰাকীক পাবলৈ সক্ষম হোৱা নাই।

২৫. শাসনভাৰ গ্ৰহণ কৰিয়েই গেহলট চৰকাৰে কৰিলে ৰাজ্যৰ প্ৰশাসনৰ ব্যপক ৰদবদল। মঙলবাৰে ৪০ আই এ এছ আৰু ৮ আৰ এ এছ বিষয়াক বদলি কৰে ভিন্ন স্থানলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in