১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. শুকুৰবাৰে সমগ্ৰ দেশত উদযাপন কৰা হয় জন্মাষ্টমী। লগতে জম্মু-কাশ্মীৰৰ জম্মুতো উলহ মালহেৰে উদযাপন কৰা হয় জন্মাষ্টমী।

২. কলকাতাত উদ্ধাৰ প্ৰায় ২ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী। লগতে আৰক্ষীয়ে আটক কৰে এজনক।

৩. শুকুৰবাৰে ইউ এ ইলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তাৰপাছত পেৰিছলৈ পুনৰ ঘূৰি আহিব প্ৰধানমন্ত্ৰী মোডী।

৪. হিমাচলপ্ৰদেশৰ ঠেওগত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত এজন লোক। আৰু আহত তিনিজন।

৫. উত্তৰাখণ্ডত টিকোচীত ভূপতিত এখন সেনা বাহিনীৰ হেলিকপ্টাৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন লোক।

৬. 'আমি একবিংশ শতিকাত INFRAৰ কথা আলোচনা কৰি আছো। যাৰ অৰ্থ হ'ল ভাৰত আৰু ফ্ৰান্সৰ (IN+FRA)একলগ হোৱা।'- এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

৭. জম্মু-কাশ্মীৰত পুনৰ পাক সেনাৰ যুদ্ধবিৰতি উলংঘা। পাক সেনাৰ গুলীবৰ্ষণত নিহত এজন ভাৰতীয় সেনা জোৱান।

৮. পশ্চিমবংগৰ কাচুৱাত ভয়ংকৰ ঘটনা। এটা মন্দিৰৰ দেৱাল খহি পৰাৰ ফলত নিহত ৬জনকৈ লোক।

৯. পঞ্জাৱৰ লুধিয়ানাত ভয়ংকৰ অগ্নিকাণ্ড। এটা চাইকেল ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড।

১০. ভুপালৰ ৰাধা কৃষ্ণ মন্দিৰত শুকুৰবাৰে উপস্থিত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। মন্দিৰত জন্মাষ্টমী উপলক্ষে পূজা-অৰ্চনা আগবঢ়াই তেওঁ।

১১. প্ৰাক্তন প্রধানমন্ত্ৰী তথা কংগ্ৰেছ জ্যেষ্ঠ নেতা ড০ মনমোহন সিঙে শুকুৰবাৰে শপতগ্ৰহণ কৰে।ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সদস্যৰূপে শপত লয় তেওঁ।

১২. তিনিদিনীয়া ভ্ৰমণসূচীৰে ৱাইনাডলৈ যাব ৰাহুল গান্ধী। ২৬ আগষ্টত তেওঁ যাব ৱাইনাডলৈ।

১৩. উত্তৰাখণ্ডৰ আৰাকোট আৰু দেহৰাডুনত উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে দুগৰাকী সন্তান সম্ভৱা মহিলাক। বানৰ মাজত আৱদ্ধ হৈ আছিল প্ৰসূতীদ্বয়।

১৪. হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টাৰে শুকুবাৰে অংশ লয় এক ৰ'ড শ্ব'ত। পানীপটত আয়োজন কৰা হয় এই ৰ'ড শ্ব'ৰ।

১৫. ভাৰতৰ লগতে নেপালতো ভক্তপ্ৰাণ ৰাইজে উদযাপন কৰে জন্মাষ্টমী। নেপালৰ ললিতপুৰৰ কৃষ্ণ মন্দিৰত শুকুৰবাৰে দেখা যায় ভক্তৰ ভিৰ।

১৬. ছত্তীশগড়ৰ কাৱাৰ্ধা জিলাত স্বাস্থ্য বিভাগে স্থানীয় ৰাইজৰ বাবে চিকিৎসা শিবিৰৰ ব্যৱস্থা কৰে। শতাধিক লোকৰ কৰা হয় এই শিবিৰত চিকিৎসা।

১৭. অন্ধ্ৰপ্ৰদেশৰ ক'ছামালা গাঁৱত জব্দ নথিপত্ৰ বিহীন প্ৰায় ২০০ কেজি ওজনৰ চন্দন গছৰ কাঠভৰ্তি ট্ৰাক। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩জনকৈ লোকক।

১৮. জেট এয়াৰৱেইজৰ নৰেশ গোৱেলৰ দিল্লী আৰু মুম্বাইস্থিত বাসগৃহ-প্ৰতিষ্ঠানত ই ডিৰ অভিযান।প্ৰায় ১২টাকৈ স্থানত ই ডিয়ে চলাই অভিযান।

১৯. অহা ১৩ ছেপ্টেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি ড্ৰীম গাৰ্ল। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা আয়ুষ্মান খুড়ানাই।

২০. গুজৰাটৰ ভাডোডাৰাত বান প্ৰভাৱান্বিত অঞ্চলত উদ্ধাৰ ৫২টা ঘৰিয়াল। বন বিভাগে ঘৰিয়াল কেইটা ধৰি নি এৰি দিয়ে সুৰক্ষিত স্থানত।

২১. উত্তৰাখণ্ডৰ টুনি আৰু আৰাকোটত বান প্ৰভাৱান্বিত অঞ্চলত খাদ্য যোগান। প্ৰায় ১৫০০ পেকেট ড্ৰাই ফুড, ৰেচন আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰা হয় অঞ্চল কেইটাত।

২২. উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও শুকুৰবাৰে উদযাপন কৰে জন্মাষ্টমী। গোৰাখনাথ মন্দিৰত কণ কণ শিশুৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে উদযাপন কৰে জন্মাষ্টমী।

২৩. মুম্বাই আৰক্ষীয়ে এগৰাকী যুৱতীৰ বলাৎকাণ্ডৰে জড়িত অভিযুক্ত এজনক গ্ৰেপ্তাৰ কৰে শুকুৰবাৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিছে ৫জন অভিযুক্তক।

২৪. পঞ্জাৱৰ আই এ এছ বিষয়াসকলৰ প্ৰশংসনীয় পদক্ষেপ। এদিনৰ দৰমহা ৰাজ্যখনৰ প্ৰতিজন আই এ এছ বিষয়াই দান কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বান সাহায্য পুঁজিত।

২৫. মুক্তিৰ ৮ দিনৰ অন্তত হিন্দী ছবি মিছন মংগলে উপাৰ্জন কৰিছে ১৮৬ কোটি টকা। অক্ষয় কুমাৰে অভিনয় কৰা এই ছবিখন আকোৱালি লৈছে দৰ্শকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in