১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. দুৰ্গা পূজালৈ মাজত মাথো এসপ্তাহ। দুৰ্গা মাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল।

২. দক্ষিণ কামৰূপৰ কলহীকাষত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী সন্তান সম্ভৱা মহিলাই।

৩. চলন্ত বাছত যাত্ৰীক নিৰ্যাতনৰ অভিযোগ। গুৱাহাটী ফেকাল্টী বিদ্যালয়ৰ শিক্ষক যুগল বৰাক আটক।

৪. সোমবাৰৰ পৰা অসমত নতুন যান-বাহন আইন কাৰ্যকৰী হোৱাৰ সম্ভাৱনা। পৰিবহন আয়ুক্ত বীৰেন্দ্ৰ মিট্টালে সোমবাৰে অধিসূচনা জাৰি কৰা কথা প্ৰকাশ কৰিছে।

৫. দেওবাৰে হাউডী মোডী অনুষ্ঠানত অংশ ল'লে প্রধানমন্ত্ৰী মোডীয়ে। প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।

৬. দেওবাৰে ইউ এ ইত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল। 'ডুবাই এক্সপ' ২০২০'ৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

৭. দেওবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টি-২০ ইনিংছৰ তৃতীয়খন মেচ। মেচখনত ভাৰতে ৯টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৩৪ ৰান।

৮. পঞ্জাৱ আৰক্ষীয়ে দেওবাৰে জব্দ কৰে বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ। ৫টা এ কে-৪৭ ৰাইফল, পিষ্টল, ছেটেলাইট ফোন আৰু হেণ্ড গ্ৰেণেড জব্দ কৰে আৰক্ষীয়ে।

৯. ৰাজস্থানৰ আজমেৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নিহত ৮জনকৈ লোক। ইফালে, গুৰুতৰভাৱে আহত ২০জন।

১০. হিমাচলপ্ৰদেশৰ ছিনকুলাত তুষাৰপাত। তুষাৰপাতৰ ফলত একাংশ বাট-পথত ব্যাহত যান-বাহন চলাচল।

১১. হাৰিয়ানা বিজেপিৰ নেতাসকলৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বৈঠকত মিলিত হয় নেতাসকল।

১২. বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নড্ডাই সাক্ষাৎ কৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ক। বাংগালুৰুস্থিত বাসভৱনত সাক্ষাৎ কৰে তেওঁক।

১৩. 'সংবিধানৰ ৩৭০ ধাৰা জম্মু-কাশ্মীৰৰ বাবে কেন্সাৰৰ দৰে আছিল।'-দেওবাৰে এই মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

১৪. কৰ্ণাটকৰ কালাবুৰাগী আৰক্ষীয়ে যান-বাহন সন্দৰ্ভত লয় সতৰ্কতামূলক পদক্ষেপ। 'ন' হেলমেট, ন' পেট্ৰ'ল' শীৰ্ষ প্ৰচাৰ আৰম্ভ কৰে কালাবুৰাকী আৰক্ষীয়ে।

১৫. অস্কাৰৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত হৈছে ৰণবীৰ সিং অভিনীত ছবি 'গলী বয়'। ছবিখনৰ পৰিচালক  জয়া আখতাৰে কয়- 'এয়া মোৰ বাবে বহু সুখবৰ।'

১৬. দেওবাৰে হিমাচলপ্ৰদেশৰ উনা, বিলাসপুৰ, হামিৰপুৰ, চাম্বাত ধাৰাসাৰ বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত বিভিন্ন স্থানত সৃষ্টি হৈছে কৃত্ৰিম বান।

১৭. দিল্লীৰ এগৰাকী মহিলাক হত্যা কৰিলে ভাড়াঘৰৰ গৰাকীয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাড়াঘৰৰ মালিকক আটক কৰি আৰম্ভ কৰিছে সোধ-পোছ।

১৮. উত্তৰাখণ্ডত ভয়ংকৰ ঘটনা। নিজমুলা-বিৰাহী পথৰ কাষৰ এটা নদীত পৰিল এখন বাহন। দুৰ্ঘটনাত নিহত ৩জনকৈ লোক।

১৯. দিল্লীৰ অক্সৰধাম মন্দিৰৰ সন্মুখত গুলীয়াগুলি। চাৰি অচিনাক্ত দুৰ্বৃত্তৰ গুলীবৰ্ষণত গুৰুতৰভাৱে আহত আৰক্ষীৰ লোক।

২০. ভূৱনেশ্বৰত মহিলাই উলিয়ালে বাইক ৰেলী। যান-বাহন আইন সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে উলিওৱা হয় এই ৰেলী।

২১. দেওবাৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান। চৌদী আৰৱৰ ৰাজকুমাৰৰ বিশেষ বিমানযোগে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰীগৰাকী।

২২. মুম্বাই বিমান বন্দৰত আটক এজন যাত্ৰীক। মুঠ ৯৯,৫৫০ ডলাৰ নগদ ধন সহ আটক কৰা হয় লোকজনক।

২৩. প্ৰয়াগৰাজৰ বহু স্থানত বান। গংগা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত নদীখনৰ বাঢ়নী পানী সোমাই ঘৰসমূহত।

২৪. ২ অক্টোবৰত ভাৰতৰ ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি 'ওৱাৰ'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা হৃত্বীক ৰোশ্বন আৰু টাইগাৰ শ্ৰফে।

২৫. পুনে আৰক্ষীয়ে জব্দ কৰে এখন হাতীৰ দাঁত ভৰ্তি ট্ৰাক। আৰক্ষীয়ে জব্দ কৰা হাতীৰ দাঁত কেইটাৰ মূল্য ৮০ লাখ টকা। লগতে আটক এজন লোকক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in