১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. এসপ্তাহত দ্বিতীয় বাৰৰ বাবে অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মোডীয়ে তামুলপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ।

২. নিৰ্বাচন আয়োগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিষেধাজ্ঞা ৪৮ ঘন্টাৰ পৰা ২৪ ঘন্টালৈ হ্ৰাস কৰাৰ পিছতে শনিবাৰে সন্ধিয়া নিৰ্বাচনী প্ৰচাৰত নামে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

৩. বিজেপিৰ নিৰ্বাচনী কাৰচাজিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে দিছপুৰত শনিবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে । প্ৰদেশ কংগ্ৰেছে কঠোৰ আইনী ব্যৱস্থা লোৱাত দেখুওৱা নিৰ্লিপ্ততাৰ বাবে সমালোচনা কৰিলে নিৰ্বাচন আয়োগক ।

৪. কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোছনা দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্ৰিল সন্ধিয়া ৬ বজালৈ বন্ধ থাকিব জিলাখনৰ সকলো সুৰাৰ বিপনী বন্ধ থাকিব ।

৫. সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আদৰ্শ আচৰণ বিধিচলি থকাৰ মাজতে কামৰূপ মহানগৰ নিৰ্বাচন জিলাত জব্দ কৰা হৈছে ২,৮৮,০৮৬ লিটাৰ সুৰা জব্দ কৰে । এই সুৰা খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৫ কোটিতকৈও অধিক মূল্য ।

৬.কংগ্ৰেছে অসমত সন্ত্ৰাসবাদ আৰু বন্ধৰ ৰাজনীতি কৰিছিল বুলি কংগ্ৰেছক সমালোচনা কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰী অনুৰাগ ঠাকুৰে । সংবাদমেল যোগে এই মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

৭. এনচিপি প্ৰধান শাৰদ পাৱাৰক শনিবাৰে চিকিৎসালয়ৰ আৰোগ্য হৈ ঘৰলৈ উভতে । তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ আছে বুলি জানিব দিয়ে এনচিপি নেতা নবাব মালিকে ।

৮. ভাৰত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমন । দেশৰ ৮ খন ৰাজ্যত ৮০ শতাংশতকৈ অধিক নতুন সংক্ৰমন পোৱা গৈছে ।

৯. কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু বিজেপি নেতা অমিত শ্বাহে পশ্চিমবংগৰ তৃতীয় পৰ্যায় নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ হৈ কোঝিকোড়ত ৰোড শ্ব' কৰি নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহন কৰে ।

১০. কুইপ'ৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক মুকলি কৰি দিলে আলফা স্বাধীনে। অৰুণাচল- ম্যানমাৰ সীমান্তত মুকলি কৰি দিলে বিষয়া দুগৰাকীক।

১১. অসমত আকৌ ৬৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮৬০১জনলৈ পাইছে বৃদ্ধি।

১২. ৰাজস্থানত আকৌ ১৬৭৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১৭৩৮জন ৰোগী।

১৩. তামিলনাডুত যোৱা ২৪ ঘন্টাত আকৌ ৩৪৪৬জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৪জনৰ মৃত্যু।

১৪. পঞ্জাৱত আকৌ ২৭০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত ৪৯জনৰ মৃত্যু।

১৫. শনিবাৰৰ নিশা ৮ বজালৈকে দেশত ৭৪৪৪২২৬৭জনক প্ৰদান কৰা হৈছে কোভিড ভেকচিন। স্বাস্থ্য মন্ত্ৰণালয়ে এই কথা সদৰী কৰে।

১৬. মধ্যপ্ৰদেশত আকৌ ২৮৩৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও চিকিৎসাধীন হৈ আছে ২০৩৬৯জন কোৰোনাত আক্ৰান্ত ৰোগী।

১৭. হাৰিয়ানাত আকৌ ১৯৫৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত ১১৭৮৭জন লোক কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

১৮. যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত আকৌ ৪৯৪৪৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ২৭৭জনৰ মৃত্যু হয়।

১৯. চিকিৎসালয়ৰ পৰা ঘৰলৈ পঠিওৱা হৈছে এনচিপি মুৰব্বী শৰদ পাৱাৰক। বৰ্তমান তেওঁ সুস্থ বুলি জানিবলৈ দিয়ে চিকিৎসকে।

২০. মুম্বাইত আকৌ ৯০৯০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও চিকিৎসাধীন হৈ আছে ৬২১৮৭জন ৰোগী।

২১. উত্তৰাখণ্ডত আকৌ ৪৩৯জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৪জনৰ মৃত্যু।

২২. তামিলনাডুৰ কন্যাকুমাৰীত বিজেপি অধ্যক্ষ জে পি নড্ডাৰ ৰোড শ্ব'। এই ৰোড শ্ব'ত শ শ সমৰ্থকে অংশগ্ৰহণ কৰে।

২৩. অন্ধ্ৰপ্ৰদেশত আকৌ ১৩৯৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯০৫৯৪৬জনলৈ পাইছে বৃদ্ধি।

২৪. ছত্তীশগড়ৰ বিজাপুৰত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ। এই সংঘৰ্ষত নিহত ৫জন নিৰাপত্তাৰক্ষী।

২৫. দিল্লীত আকৌ ৩৫৬৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১০জনৰ মৃত্যু।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in