১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত মঙলবাৰে ৫২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮০৫৮জনলৈ পাইছে বৃদ্ধি।

২. দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ । কৰ্নাটকৰ মণিপাল ইনষ্টিটিউট অফ টেকন'লজী, চৌহদত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰে । চৌহদটোত বাস কৰা প্ৰতিগৰাকী লোকক কৰা হ'ব কোভিড পৰীক্ষা ।

৩. ১ এপ্ৰিলৰ পৰা ৪৫ বছৰৰ উৰ্ধৰ প্ৰতিগৰাকী নাগৰিকক প্ৰদান কৰা হ'ব কোভিড ভেচকিন। মঙলবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে । কেবিনেটে টাস্ক ফ'ৰ্চ আৰু বিশেষজ্ঞৰ পৰামৰ্শৰ আধাৰত এই সিদ্ধান্ত গ্ৰহন কৰা বুলি মন্ত্ৰী গৰাকীয়ে কয় ।

৪. ২৪ মাৰ্চ বুধবাৰে অসম গণ পৰিষদে বিধানসভা নিৰ্বাচনৰ বাবে মুকলি কৰিব ইস্তাহাৰ । অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই ইস্তাহাৰ মুকলি অনুষ্ঠানত অংশ ল'ব অগপৰ কেন্দ্ৰীয় নেতৃত্ব ।

৫. মৈৰাবাৰীত ভূৱা চিআৰপিএফক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিধায়ক আমিনুল ইছলামে ভূৱা চিআৰপিএফক লগত লৈ প্ৰচাৰলৈ গৈছিল । আমিনুল ইছলামৰ লগতে চিআৰপিএফৰ পোচাকধাৰী যুৱকৰ দলক খেদা দিয়ে ৰাইজে ।

৬. দেশত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ । কোৰোনাৰ সংক্ৰমণ বৃদ্ধি ৰোধ কৰিবলৈ ততপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ । মঙলবাৰে দেশৰ গৃহ মন্ত্ৰানলয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা ।

৭. বিধানসভা নিৰ্বাচনৰ বাবে দলৰ পৰা টিকট নাপাই মূৰৰ চুলি খুৰাই প্ৰতিবাদ কৰিলে এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে ।কেৰেলা মহিলা কংগ্ৰেছৰ মুৰব্বী লাথিকা সুভাষে কৰে এই ব্যতিক্ৰমী প্ৰতিবাদ । তিৰুৱানন্তপুৰমৰ কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ।

৮. এইবাৰ হোলী খেলিব নোৱাৰিব মুম্বাই বাসীয়ে । কোৰোনাৰ সংক্ৰমনৰ বৃদ্ধি হোৱাৰ বাবে ৰাজহুৱা স্থান আৰু ব্যক্তিগত স্থানত হোলি খেলাৰ অনুমতি নিদিয়ে মুম্বাই পৌৰ নিগমে ।

৯. মঙলবাৰে বিজেপি দলে গুৱাহাটীৰ হোটেল তাজত প্ৰকাশ কৰে নিৰ্বাচনী ইস্তাহাৰ। ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই মুকলি কৰা এই ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, নৰেন্দ্ৰ সিং তোমৰৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও বিষয়ববীয়া ।

১০. মুম্বাইত বালাচাহেব থোৰাটৰ বাসগৃহত কংগ্ৰেছৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত পৃথ্বীৰাজ চৱন, নীতিন ৰাউত আৰু উপস্থিত অন্যান্য দলৰ নেতাসকল উপস্থিত থাকে ।

১১. মথুৰাৰ বৰ্সনাত লাথমাৰ হোলী উদযাপন কৰা হয়। মহিলা সকলে এই হোলী উপলক্ষে লাঠিৰে কোবাই পুৰুষসকলক।

১২. ভাৰত আৰু ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলাৰ প্রথমখন মেচ। এই মেচত জয়ী হয় ভাৰত। এই শৃংখলাত ১-০ ব্যৱধানত আগবাঢ়িছে কোহলী বাহিনী।

১৩. বলিউডৰ অভিনেতা সঞ্জয় দত্তই ল'লে কোভিড ভেকচিন। বিকেচি জাম্ব ভেকচিনেশ্যন চেন্টাৰত টীকাকৰণ প্ৰদান কৰা হয় অভিনেতাগৰাকীক।

১৪. দিল্লীত আকৌ ১১০১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৪৯৯৭৩জনলৈ পাইছে বৃদ্ধি।

১৫. পুনেত যোৱা ২৪ ঘন্টাত ৫৭২২ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত পুনেত কোৰোনাত আক্ৰান্ত ৩৮জনৰ মৃত্যু।

১৬. মহাৰাষ্ট্ৰত আকৌ ২৮৬৯৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৩২জনৰ মৃত্যু।

১৭. গুজৰাটৰ সুৰটত খহি পৰিল এখন নিৰ্মিয়মান অট্টালিকা। অট্টালিকাটো খহি পৰাৰ ফলত চাৰিজন লোকে হেৰুৱাই প্ৰাণ।

১৮. যোৱা ২৪ ঘন্টাত পঞ্জাৱত আকৌ ২২৭৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৫৩জনৰ মৃত্যু।

১৯. ছত্তীশগড়ৰ নাৰায়ণপুৰত মঙলবাৰে আইইডি বিস্ফোৰণ। এই বিস্ফোৰণত তিনিজন ডিআৰজি জাৱান আৰু এজন আৰক্ষীৰ লোকৰ মৃত্যু। গুৰুতৰভাৱে আহত ১৪জন লোক।

২০. মুম্বাইত আকৌ ৩৫১২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। মহানগৰীখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৬৯৪২৬জনলৈ পাইছে বৃদ্ধি।

২১. তামিলনাডুত আকৌ ১৪৩৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৯জনৰ মৃত্যু।

২২. কেৰালাত আকৌ ১৯৮৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত মঙলবাৰে কোৰোনাত আক্ৰান্ত ১০জনৰ মৃত্যু।

২৩. অন্ধ্ৰপ্ৰদেশত আকৌ ৪৯২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৯৪৫৩৬জনলৈ পাইছে বৃদ্ধি।

২৪. কৰ্ণাটকত আকৌ ২০১০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ২৪ ঘন্টাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৫জনৰ মৃত্যু।

২৫. দিল্লীৰ নাৰেলা ৰেল ষ্টেচনৰ সমীপত উদ্ধাৰ দুটা মৃতদেহ। কিন্তু মৃতদেহ কেইটা বৰ্তমানলৈ চিনাক্ত কৰা হোৱা নাই। আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in