১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. হিমাচলপ্ৰদেশৰ ৰোহটাগ টানেলত যান-বাহন চলাচল বন্ধ। অহা ২৫ নবেম্বৰলৈ যান-বাহন চলাব নোৱাৰিব টানেলেৰে।

২. মুৰাদাবাদৰ এখন চিকিৎসালয়ত ৰোগীৰ মাজত ফলমুল বিৰতৰণৰ উদ্দেশ্যে উপস্থিত এছ পি নেতা হাজি ইক্ৰাম কুৰেশ্বী। কিন্তু চিকিৎসালয় চৌহদত তেওঁক দেখা যায় চিগাৰেট হুপি থকা।

৩. ঝাৰখণ্ডৰ লাটেহাৰত মাওবাদীৰ আক্ৰমণ। আক্ৰমণ নিহত তিনিজন আৰক্ষী জোৱান। লগতে আহত এজন লোক।

৪. ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু ৰাজনৈতিক দলসমূহ। শুকুৰবাৰে কংগ্ৰেছে ঘোষণা কৰে তিনিজনীয়া প্ৰাৰ্থীৰ তালিকা।

৫. বিশ্বাখাপট্টনমত আত্মহত্যা কৰিলে এহাল দম্পতীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

৬. তামিলনাডুৰ ৰামেশ্বৰামত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২১৪টা অবৈধ সুৰাৰ বটল। লগতে গ্ৰেপ্তাৰ কৰে দুটা অবৈধ সুৰা ব্যৱসায়ীক।

৭. দেশত বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য। ওড়িশ্যাত প্ৰতি কেজি পিঁয়াজৰ মূল্য হৈছেগৈ ১২০-১৫০ টকা পৰ্যন্ত। ভীষণ অসুবিধাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ ৰাইজ।

৮. বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সাক্ষাৎ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক। কলকাতা সাক্ষাৎ কৰে তেওঁক।

৯. মিৰ্জাপুৰত গ্ৰেপ্তাৰ কৰা হয় চাৰিটা চোৰক। এটা গুডামৰ পৰা বিদ্যুতৰ তাঁৰ চুৰি কৰি থকা সময়তে হাতে-লুটে ধৰা পৰে চোৰ কেইটা।

১০. শুকুৰবাৰে কংগ্ৰেছ-শিৱসেনা-এনচিপিৰ বৈঠক অব্যাহত। শনিবাৰেও এনচিপি-কংগ্ৰেছ-শিৱসেনাৰ বৈঠক অনুষ্ঠিত কৰা হ'ব।

১১. মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব উদ্ধৱ থাকৰেক প্ৰদান কৰাৰ সন্দৰ্ভত প্ৰায়ভাগে সহমত জনাইছে।'- এই মন্তব্য এন চি পি মুৰব্বী শৰদ পাৱাৰৰ।

১২. 'শনিবাৰে এক সংবাদমেল সম্বোধন কৰা হ'ব।'- এই কথা জনালে এন চি পি মুৰব্বী শৰদ পাৱাৰে।

১৩. 'যদি সমগ্ৰ দেশতেই এন আৰ চিৰ কাম-কাজ কৰা হয়, তেন্তে উত্তৰাখণ্ডতো এন আৰ চিৰ কাম-কাজ কৰা হ'ব।'- এই মন্তব্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ।

১৪. কলাবুৰ্গিত উপস্থিত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডুয়াৰাপ্পা। গ্ৰীণফিল্ড এয়াৰপ'ৰ্ট উদ্বোধন কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৫. মণিপুৰ থাংমেইবান্দ ক্লাৱৰ সমীপত হেণ্ড গ্ৰেণেড নিক্ষেপ। বিস্ফোৰণত গুৰুতৰভাৱে আহত দুজন চিআৰপিএফৰ জোৱান।

১৬. হায়দৰাবাদত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত তিনিজনকৈ লোক। আহত কেইজনক চিকিৎসালয়ত ভৰ্তি।

১৭. ওড়িশ্যাৰ সাগৰীয় পাৰত আটক তিনিজন মাচমৰীয়াক। অবৈধভাৱে অলিভ ৰিডলী কাছ ধৰাৰ বাবে আটক কৰা হয় মাছমৰীয়া কেইজনক।

১৮. মধ্যপ্ৰদেশৰ এগৰাকী মহিলায়ে হত্যা কৰিলে স্বামীক। হত্যা কৰি স্বামীৰ মৃতদেহ পুতি থয় বাসগৃহৰ চৌহদত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক।

১৯. ছত্তীশগড়ৰ বাষ্টাৰত আই ই ডি বিস্ফোৰণ। বিস্ফোৰণত গুৰুতৰভাৱে আহত দুজন লোক। লোক দুজনক ভৰ্তি কৰা হয় চিকিৎসালয়ত।

২০. সমাজৱাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ শুকুৰবাৰে জন্মদিন। ৮১ কেজি ওজনৰ কেক কাটি উদযাপন কৰে তেওঁৰ জন্মদিনটো।

২১. অন্ধ্ৰপ্ৰদেশৰ ছিমহাচামলত গ্ৰেপ্তাৰ এজন লোকক। প্ৰায় ৫০০ গ্ৰাম ওজনৰ সোণসহ গ্ৰেপ্তাৰ কৰে লোকজনক।

২২. শুকুৰবাৰে হিমাচলপ্ৰদেশত তুষাৰপাত। তুষাৰপাতৰ ফলত হিমাচলপ্ৰদেশৰ বিভিন্ন বাট-পথত যান-বাহন চলাচল ব্যাহত হৈ পৰে।

২৩. শুকুৰবাৰে জ্যেষ্ঠ অভিনেত্ৰী চৌকট কাইফিৰ দেহাৱসান। হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে তেওঁৰ।

২৪. উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে শুভাৰম্ভ কৰে 'হট এয়াৰ বেলুন ফেষ্টিভেল-২০১৯'ৰ। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই উৎসৱ।

২৫. ২৯ নবেম্বৰত ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি কামাণ্ড-৩। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা বিদ্যুৎ জামৱালে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in