১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. জম্মু-কাশ্মীৰৰ চাত্যাৰী বনাঞ্চলত থকা এটা সন্ত্ৰাসবাদীৰ শিবিৰ ধ্বংস কৰি আৰক্ষীয়ে উদ্ধাৰ কৰে বহু অস্ত্ৰ-শস্ত্ৰ। উদ্ধাৰ হৈছে কেইবাটাও ৰাইফল, পিষ্টল আৰু আপত্তিজনক নথিপত্ৰ।


২. ছত্তীশগড়ৰ কোন্দাগাঁৱৰ এটা ষ্ট্ৰং ৰূমত বুধবাৰে অঘটন। হৃদজনিত ৰোগত আক্ৰান্ত হৈ এজন চি আৰ পি এফ জোৱানে হেৰুৱালে প্ৰাণ।


৩. ৰঙিয়াৰ উদিয়ানাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই এখন দ্ৰুতবেগী বলেৰ' পিক–আপ ভানে মহতিয়ালে তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। এই দুৰ্ঘটনাত চাৰিজন লোক গুৰুতৰভাৱে আহত হয়।

৪. বৈঠালাংছ'ত ধনদাবী কৰি এটা .২২ পিষ্টল, ৪ জাঁই গুলী, মোবাইল ফোন আৰু বহু আপত্তিজনক নথি-পত্ৰসহ আৰক্ষীৰ জালত পৰিল এজন প্ৰাক্তন উলকা সদস্য। সদস্যজনৰ নাম ছাৰছিং ৰংপি।

৫. ওড়িশ্যাত লোকসভা নিৰ্বাচনৰ ফলাফলৰ বাবে মিঠাইৰ দোকানসমূহত ভীষণ ব্যস্ততা। লাড়ু, ৰসগুল্লা, কাজু বৰফি আদি ৰাজনৈতিক দলসমূহৰ বাবে বনোৱাত ব্যস্ত মিঠাই দোকানসমূহৰ কৰ্মচাৰীসকল।

৬. অভিনেতা বিবেক অবেৰয়ক দিয়া হৈছে ব্যক্তিগত নিৰাপত্তাৰক্ষী। বিভিন্ন পক্ষৰ পৰা পোৱা ভাবুকিৰ বাবে দিয়া হৈছে নিৰাপত্তাৰক্ষী।

৭. কেৰালাৰ ৱাইনাড সংসদীয় সমষ্টিৰ ৩টা ভোটগণনা কেন্দ্ৰত ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সকলো দিশৰ প্ৰতি মনযোগ দিয়া হৈছে।- এই কথা জনালে ৱাইনাডৰ এজন ৰিটাৰ্ণিং বিষয়াই।


৮. ২৩ মে'ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত ২৪ মে' মুকলি কৰা হ'ব 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।' নিৰ্বাচনী আচৰণবিধিৰ বাবে ১১ এপ্ৰিলত পূৰ্ব নিৰ্ধাৰিত সময়ত মুক্তি দিব পৰা নগ'ল ছবিখন।

৯. বিহাৰৰ কাইমুৰত ৰামচন্দ্ৰ যাদৱ নামৰ এজন নিৰ্দলীয় প্ৰাৰ্থীৰ বাসভৱনত নিৰাপত্তা বাহিনীৰ অভিযান। এখন সংবাদমেলত পিষ্টল দেখুৱাইছিল নিৰ্দলীয় প্ৰাৰ্থীজনে।

১০. নগাঁৱৰ পানীখাইতি, চলচলি আৰু বঢ়মপুৰত বন বিভাগৰ অভিযান। জব্দ ৫ লক্ষাধিক চোৰাং কাঠসহ ৩টা কাঠফলা মিল।

১১. আমিনগাঁৱত মঙলবাৰে নিশা ৩টা মন্দিৰত চোৰে চলালে লুট। এটা গণেশ মন্দিৰ আৰু দুটা কালী মন্দিৰত আ-অলংকাৰ লুটাৰ লগতে লৈ গ'ল দানপাত্ৰৰ ধন।

১২. গুজৰাটত ঘৰৰ ভিতৰত সোমাল ঘৰিয়াল। বণ্যপ্ৰাণী সুৰক্ষা সংস্থাই পৰৱৰ্তী সময়ত ঘৰিয়ালটো মুকলি কৰি দিয়ে এখন নিৰাপদ ঠাইত।

১৩. 'সকলোৰে সহযোগত কূটাঘাতকাৰী কৰায়ত্ত হ'ল। ভোটগণনাৰ দিনটোত নিৰাপত্তাৰ বাবে সাজু আৰক্ষী।' বুধবাৰে সংবাদমেলত এই মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই।

১৪. ভুৱনেশ্বৰ ৰে'ল ষ্টেচনত ঢেকিয়াজুলিৰ এজন লোকক দুৰ্বৃত্তই হত্যা কৰি পেলাই দিয়াৰ সন্দেহ। মৃত ৪৭ বছৰীয়া লোকজনৰ নাম অজিত কিষাণ।

১৫. 'পৰেশ ককাইদেউ ঘৰৰ লৰা ঘৰলৈ ঘূৰি আহক।' আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক উদ্দেশ্যি এই মন্তব্য কৰিলে বিপিন চাউদাঙে।

১৬. ই ভি এমক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছতে মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰ। নম্বৰটো হৈছে ০১১–২৩০৫২১২৩।

১৭. দিল্লীত বুধবাৰে অনুষ্ঠিত হয় কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত থাকে কংগ্ৰেছ বহু নেতা-কৰ্মী।

১৮. ছত্তীশগড়ত হাৰ্ট এটেকত প্ৰাণ হেৰুৱালে নিৰ্বাচনী ষ্ট্ৰং ৰুম ৰক্ষ্যাৰ দায়িত্বত থকা এজ জোৱান। জোৱানজনৰ নাম বি সতীশ কুমাৰ।

১৯. মেধা, আৰ্থিকভাৱে অনগ্ৰসৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ অসম সাহিত্য সভা আৰু ইউএছটিএমে আগবঢ়াব জলপানি। বুধবাৰে সংবাদমেলত কৰা হয় এই ঘোষণা।

২০. কামৰূপ মহানগৰ জিলাত ২৩ মে'ত বন্ধ থাকিব সকলো সুৰা বিপণী। ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ বিপণীসমূহ।

২১. নগাঁৱত প্ৰায় ৫ কোটি টকাৰ হেৰ'ইন জব্দ হয় বুধবাৰে। ভকত গাঁৱৰ ইক্ৰামুল নামৰ লোকজনৰ ঘৰত জব্দ হয় হেৰ'ইনখিনি।

২২. সোণাপুৰৰ বাৰঘৰীয়াত যুৱকৰ দাৰ ঘাপত নিহত এটি ৪ বছৰীয়া শিশু। হত্যাকাৰীজনৰ নাম অৰ্জুন ৰংহাং।

২৩. অৰুণাচলত ভয়াৱহ এম্বুশ্বৰ পাছত অসম-অৰুণাচল সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। হত্যাকাৰীৰ সন্ধানত অৰুণাচল আৰক্ষী আৰু ভাৰতীয় সেনা নমাৰ সমান্তৰালকৈ বুধবাৰে দেখিবলৈ পোৱা হত্যাকাৰীৰ শাস্তীৰ দাবীত প্ৰতিবাদ।

২৪. পেচাপল এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে লাভ কৰিলে ২টা সোণ, ৩টা ৰূপৰ পদক। ভাৰতীয় দলটোত আছিল অসমৰ ১৩ গৰাকী খেলুৱৈ।

২৫. প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে দল পৰিচালনাত বিফল হোৱাৰ অভিযোগ। হাইকামাণ্ডক অভিযোগ দাখিল কৰি ৰিপুণ বৰাৰ বিৰুদ্ধে লিখিত অভিযোগ কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in