শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

১ মিনিটত ২৫ খবৰ…

116

১. দেওবাৰে দেশবাসীক মন কী বাতৰ জৰিয়তে সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। পুৱা ১১ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

২. লাহোৰত উপস্থিত কংগ্ৰেছ নেতা শত্ৰুঘ্ন সিনহা। মিলিত হয় পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলৱীৰ সৈতে।

৩. চেন্নাই বিমান বন্দৰত গ্ৰেপ্তাৰ এজন লোকক। প্ৰায় ৩০ লাখ টকা মূল্যৰ সোণসহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

৪. কৰ্ণাটকৰ টুমকুৰত সংঘটিত শোকাৱহ ঘটনা। এটা কুঁৱাত পৰি প্ৰাণ হেৰুৱালে ৰোহিত বেভিনাহাল্লী নামৰ এজন সাংবাদিকে।

৫. ছণ্ডীগড়ৰ ৩২ নং ছেক্টৰস্থিত এটা আতিথিশালাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত নিহত ৩গৰাকী মহিলা আৰু কেইবাজনো লোক আহত।

৬. ওড়িশ্যাৰ জৱাহৰলাল নেহৰু ইণ্ডৰ ষ্টেডিয়ামত শনিবাৰৰ পৰা আৰম্ভ খেল ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছ। খেলখন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

৭. বিশ্বাখাপট্টনমত শোকাৱহ ঘটনা সংঘটিত। সাগৰত পৰি সলিল সমাধি ১১ বছৰীয়া এটি শিশুৰ। আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে মৃতদেহ।

৬. ‘দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালী সকলেই বৰ্তমান সময়ত ভাল খেল প্ৰদৰ্শন কৰি আহিছে।’- এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

৭. ২৪ ফেব্ৰুৱাৰীত আগ্ৰাত উপস্থিত হ’ব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ট্ৰাম্পক আদৰণি জনাব উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে।

৮. ভূৱনেশ্বৰত উপস্থিত ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক। গান্ধী পিচ চেন্টাৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

৯. পুনৰ টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ। ৰহাত টোল প্লাজাৰ সন্মুখতে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

১০. ‘২০২০চনৰ বৰ্তমানলৈকে ১২টা অভিযান সফল হৈছে। য’ত ২৫টা সন্ত্ৰাসবাদী নিহত হৈছে।’- এই কথা সদৰী কৰে জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে।

১১. ‘নৱেম্বৰ নিৰ্বাচনত নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এ-য়ে চৰকাৰ গঠন কৰাৰ বাবে আমি পৰিশ্ৰম কৰিব লাগিব।’- এই মন্তব্য বিজেপিৰ অধ্যক্ষ জে পি নড্ডাৰ।

১২. শনিবাৰে আৰজেডি নেতা তেজশ্বী যাদৱক দেখা গ’ল ক্ৰিকেটা খেলা। পাটনাৰ বিহাৰ ভেটেৰিনেৰী কলেজৰ খেলপথাৰত খেলে ক্ৰিকেট।

১৩. গুৱাহাটীত বন্ধ ৰেপিড’কে ধৰি বাইক টেক্সি সেৱা। প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ নোলোৱাকৈ বাইক টেক্সি সেৱা চলোৱাৰ অভিযোগ।

১৪. শনিবাৰে পুনৰ শ্বাহীনবাগত প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে উপস্থিত সাধনা ৰামাচন্দ্ৰন। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত মধ্যস্থতাকাৰী ৰূপে আলোচনাৰ বাবে শ্বাহীনবাগত উপস্থিত হয় তেওঁ।

১৫. ৬ মাৰ্চত মুক্তি পাব নতুন হিন্দী ছবি বাঘী-৩। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফে।

১৬. হিমাচলপ্ৰদেশত নিয়ন্ত্ৰণহীন হৈ দুৰ্ঘটনাত পতিত এখন বাহন। দুৰ্ঘটনাত আহত দুজন লোক। আহত দুয়োজনকে চিকিৎসালয়ত ভৰ্তি।

১৭. এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন মল্লযুঁজাৰু ৰবি কুমাৰ দাহিয়াৰ। ৫৭ কেজি ওজন শাখাত স্বৰ্ণ জয় কৰে দাহিয়াই। তাজিকিস্তানৰ হিকমাটুল্ল ৱোহিদোবক পৰাস্ত কৰে ভাৰতীয় মল্লযুঁজাৰুজনে।

১৮. জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন। পাকিস্তানে ডেগৱাৰ ছেক্টৰত চলাই গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে যোগ্য প্ৰত্যুত্তৰ।

১৯. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। শনিবাৰেও কেবাটাও সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ।

২০. মহানগৰীৰ মালিগাঁৱত মৃত্যুঞ্জয় এম্বুলেন্সত অগ্নিকাণ্ড। ৰাজপথতে দাউ-দাউকৈ জ্বলিল এম্বুলেন্সখন।

২১. পশ্চিমবংগলৈ স্থানান্তৰিত হ’ব কাজিৰঙাৰ ঢেকিয়াপতীয়া! বাঘ শূন্য হৈ পৰা পশ্চিমবংগৰ বাক্সা টাইগাৰ ৰিজাৰ্ভলৈ কাজিৰঙাৰ পৰা নিয়া হ’ব ৬টাকৈ বাঘ।

২২. তামিলনাডুৰ ৰামানাথস্বামী মন্দিৰত ১২দিনীয়াকৈ মহাশিৱৰাত্ৰি উদযাপন। শনিবাৰে মন্দিৰত ভিৰ কৰেহি শ শ ভক্তপ্ৰাণ ৰাইজে।

২৩. বিজেপি অধ্যক্ষ জে পি নড্ডাই সাক্ষাৎ কৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক। পাটনাস্থিত বাসগৃহত সাক্ষাৎ কৰে তেওঁক।

২৪. দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব বিজেপিৰ সংকল্প সমাৰোহ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি কেবাগৰাকী নেতা উপস্থিত থাকিব।

২৫. দ্বিতীয় দিনাও মহাশিৱৰাত্ৰি উপলক্ষে চৌদিশে উখল মাখল পৰিৱেশ। ৰাজ্যৰ প্ৰতিটো শিৱ মন্দিৰতে পৰম্পৰা অনুসৰি পালন কৰা হৈছে মহাশিৱৰাত্ৰি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি