১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ডোভাছত উপস্থিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে পাক প্রধানমন্ত্ৰীগৰাকীয়ে।

২. চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰেপ্তাৰ দুজনক। ১২টাকৈ দুষ্প্ৰাপ্য প্ৰাণী সৰবৰাহ কৰিবলৈ চেষ্টা চলাইছিল ধৃত লোক দুজনে।

৩. কোহিমাত জব্দ বিস্ফোৰক কঢ়িয়াই অনা এখন ট্ৰাক। আছাম ৰাইফলে লগতে আটক কৰে দুজন লোকক।

৪. 'জিতু পাটৱাৰে কৈছে যে মই আগন্তুক সাংসদ হ'ব নোৱাৰিম। এইটো সেইসকল ভোটাৰৰ অপমান কৰা যিসলে মোক এবাৰ সাংসদ হ'বলৈ ভোট দিছিল।'- এই মন্তব্য বিজেপি সাংসদ মহেন্দ্ৰ ছোলানকি।

৫. '২ কোটি বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰী আছে ভাৰতত।'- এই মন্তব্য পশ্চিমবংগ বিজেপিৰ সভাপতি দীলিপ ঘোষৰ।

৬. ৫ ফেব্ৰুৱাৰী, ২০২০ত হ'ব নিউজিলেণ্ড আৰু ভাৰতৰ প্রথম টি-২০ শৃংখল মেচ। খেলিব লগা মেচখনৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ ১৫জন খেলুৱৈৰ নাম ঘোষণা।

৭. দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে আপৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালৰ মনোনয়ন দাখিল। তেওঁৰ সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপি প্ৰাৰ্থী সুনীল যাদৱে।

৮. বাংগালুৰুৰ ছেটেলাইট টাউনৰ এটা গীৰ্জাঘৰৰ আচবাব লণ্ড ভণ্ড। অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰে এই ঘটনা।

৯. কংগ্ৰেছ নেতা আৰ মঞ্জুনাথ, এ কেন্সে গোৱডাক দলৰ পৰা বহিষ্কাৰ। দলৰ বিৰুদ্ধে শ্ল'গান দিয়াৰ বাবে বহিষ্কাৰ কৰা হয় তেওঁলোকক।

১০. হিমাচলপ্ৰদেশত তুষাৰপাত অব্যাহত। তুষাৰপাতৰ ফলত ৰাজ্যখনৰ ৪৪৬টা পথত যাতায়ত ব্যাহত হৈ পৰে।

১১. নবেল বঁটা বিজয়ী কৈলাস সত্যাৰ্থীক সাক্ষাৎ কৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে। তেওঁৰ সৈতে মিলিত হৈ অভিনন্দন জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

১২. বাদ্ৰাত উপস্থিত কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী আৰু নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰা। দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে ৰায়বৰেলীত উপস্থিত হ'ব দুয়োগৰাকী নেত্ৰী।

১৩. ঝাৰখণ্ডৰ ৰাজ্যপালৰ দ্ৰৌপদী মুৰ্মুৱে সাক্ষাৎ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক। ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে তেওঁক।

১৪. ছত্তীশগড়ৰ পাড়েৰাত এগৰাকী প্ৰসূতীক লৈ কান্ধত কঢ়িয়াই লৈ যোৱা হয় চিকিৎসালয়ত। প্ৰায় ৬ কিলোমিটাৰ দূৰত্বত থকা চিকিৎসালয়লৈ চিআৰপিএফ জোৱানে প্ৰসূতীগৰাকীক চাঙিৰে কান্ধত কঢ়িয়াই লৈ যায়।

১৫. ছণ্ডীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন লোক। দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰা হয়।

১৬. ২৪ জানুৱাৰীত মুক্তি পাব নতুন হিন্দী ছবি ষ্ট্ৰীট ডান্সাৰ ৩। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা বৰুণ ধৱন আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে।

১৭. ১২ দিনে সন্ধানহীন মৰাণৰ এজন যুৱক। SSBত শাৰীৰিক আৰু লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা ইণ্টু ফুকন নামৰ যুৱকজনে অপেক্ষা কৰিছিল স্বাস্থ্য পৰীক্ষালৈ। স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰয়োজনীয় এডমিট কাৰ্ড আনিবলৈ গৈ সন্ধানহীন হয় ইণ্টু।

১৮. মহাৰাষ্ট্ৰৰ নেহৰুনগৰত গ্ৰেপ্তাৰ চাৰি অভিযুক্তক। এগৰাকী মহিলাৰ বলাৎকাৰকাণ্ডৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় চাৰিওকে।

১৯. গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সোণাৰিত বিস্ফোৰণ। সোমবাৰে নিশা বিস্ফোৰণত কঁপি উঠিল সাপেখাতী।

২০. ১৮ জানুৱাৰীত মন্ত্ৰী হিচাপে শপত লৈ মঙলবাৰে নতুন কাৰ্যালয়ত প্ৰৱেশ কৰি দায়িত্ব ল'লে ৰাজহ, দুৰ্যোগ প্ৰশমন আৰু গড়কাপ্টানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে।

২১. ১৯ টা সোণৰ পদকেৰে খেল ইণ্ডিয়াৰ তালিকাৰ ষষ্ঠ স্থানত অসম। মঙলবাৰৰ লৈকে অসমে লাভ কৰা মুঠ পদকৰ সংখ্যা হৈছে ৬৩ ।

২২. মহানগৰীত ১০খন চিটীবাছ জব্দ। আদালতৰ নিৰ্দেশ নমনাৰ ফল ভুগিলে চিটীবাছৰ গৰাকীয়ে।

২৩. খেলো ইণ্ডিয়াত পঞ্চমটো স্বৰ্ণপদক দখল শিৱাংগীৰ। গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছত বুধবাৰে পঞ্চমটো স্বৰ্ণপদক অৰ্জন কৰিলে অসমৰ শিৱাংগী শৰ্মাই।

২৪. 'মই ক'লা নহয় কেৱল বগা ৰঙটোহে দেখা পাওঁ কাৰণ মোৰ মনটো বগা' বোকাখাতত ক'লা পতাকা দেখুৱাই ৩১জন আটক হোৱাৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্বৰ প্ৰতিক্ৰিয়া।

২৫. 'NDFBৰে চুক্তি কৰাৰ নামত অসম বিভাজিত কৰিলে ভয়ংকৰ হ'ব পৰিস্থিতি' সাংসদ নৱ শৰণীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in