১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ৱেষ্ট ইণ্ডিজৰ সৈতে বিজয় সাব্যস্ত কৰাৰ পাছতে ৰাজ্যৰ বিভিন্ন স্থানত বিজয় উৎসৱ পালন। আতচবাজি জ্বলাই আনন্দত মতলীয়া ৰাজ্যৰ লগতে সমগ্ৰ দেশবাসী।

২. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ২৩ অক্টোবৰত প্ৰতিবাদত বহিব কৃষক মুক্তি সংগ্ৰাম সমিতিসহ  ৪৬টা সংগঠন। দেওবাৰে সংবাদমেলযোগে এই ঘোষণা কৃষক নেতা অখিল গগৈৰ। মুখ্যমন্ত্ৰী সোনোৱালকো দিল্লীৰ ওচৰত বিক্ৰী হোৱা বুলি আখ্যা কৃষক নেতাজনৰ।

৩. দেওবাৰে টাইৱানত লাইনচ্যুত হয় এখন ৰে'ল। দুৰ্ঘটনাটোত ২২জন লোক নিহত হোৱাৰ লগতে আহত হয় ১৩০ৰো অধিক লোক।

৪. ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ আম আদমী পাৰ্টিৰ। দেওবাৰে আৰম্ভ কৰিলে 'দৌৰ টু দৌৰ' কেম্পেইন। নিৰ্বাচনৰ বাবে ঘৰে ঘৰে ভোট খোজাৰ লগতে চান্দাও সংগ্ৰহ কৰিব আম আদমী পাৰ্টিয়ে।

৫. ৰিয়েলিটী শ্ব' ইণ্ডিয়ান আইডল'ৰ বিচাৰক পদৰ পৰা অব্যাহতি অনু মালিকক। মি টু অভিযোগৰ পাছত দেওবাৰে চেনেল কৰ্তৃপক্ষই ল'লে এই সিদ্ধান্ত।

৬. নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দেওবাৰে সন্ধিয়া গোলাঘাটত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ লৈ সমদল। বিজেপি চৰকাৰক কঠোৰ সমালোচনাৰে জাতিধ্বংসী বিধেয়কখন বাতিল কৰাৰ আহ্বান সংগঠনটোৰ।

৭. ১৭ নবেম্বৰত "জাতীয় সচেতনতা দিৱস" পালন কৰাৰ সিদ্ধান্ত সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থাৰ। অসমীয়া জাতিৰ আত্মসুৰক্ষাৰ স্বাৰ্থত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰিব সংগঠনটোৱে। ১৭ অক্টোবৰত বঙালী সংগঠনৰ সমাৱেশৰ বিৰোধিতাৰে এই সিদ্ধান্ত সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থাৰ।

৮. নেতাজী সুভাষ চন্দ্ৰ বসুয়ে প্ৰতিষ্ঠা কৰা 'আজাদ হিন্দ চৰকাৰ'ৰ দেওবাৰে ৭৫ সংখ্যক জন্মজয়ন্তী। ১৯৪৩ চনৰ ২১ অক্টোবৰত গঠন কৰা হৈছিল 'আজাদ হিন্দ চৰকাৰ'।

৯. উত্তৰপ্ৰদেশৰ লখিমপুৰ জিলাত এজন পিতৃয়ে কণমাণি পুত্ৰক লৈ দলঙৰ পৰা জাঁপ দিলে নদীত। পিতৃক জীৱিত অৱস্থাত উদ্ধাৰ কৰে যদিও বৰ্তমানলৈকে ৩ টা শিশুৰ সন্ধান পোৱা হোৱা নাই।

১০. পাঠশালাত দ্ৰুতবেগী বাইক আৰু ডেটচান গ' বাহনৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত ৩ জনকৈ লোক। আহত আটাইকেইজনকে হাস্পতালত ভৰ্তি।

১১. দেওবাৰে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ উপভোগ কৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীৰ সৈতে খেল উপভোগ কৰে ৰাজ্যৰ বহু কেইবাগৰাকী মন্ত্ৰী-আমোলাই।

১২. আজি বিশ্ব খাদ্য দিৱস। ১৯৪৫ চনৰ ১৬ অক্টোবৰত কানাডাত হোৱা ৪২খন দেশৰ সিদ্ধান্ত মৰ্মে ২১ অক্টোবৰত সমগ্ৰ বিশ্বত পালন কৰা হয় এই দিৱসটি।

১৩. ২৩ অক্টোবৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৪৬ টা জাতীয়-জনগোষ্ঠীয় সংগঠনে জনোৱা বন্ধ অসম গণ পৰিষদৰ বাবে। উক্ত দিনটোত মহানগৰীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া অগপৰ সমাৱেশলৈ আহিবলগীয়া বাহনৰ বাবে এই বন্ধ ৰেহাই। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জনালে এজেৱাইচিপি আৰু কেএমএছএছে।

১৪. নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা। ৰাজ্যৰ বিভিন্ন স্থানত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোৰ লৈ সমদল। মৰিগাঁৱতো বিজেপি চৰকাৰক সমালোচনাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।

১৫. দেওবাৰে জম্মু-কাশ্মীৰত বোমা বিস্ফোৰণ। বিস্ফোৰণত মৃত্যু হয় ৬জনকৈ লোকৰ। সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষস্থলীতে এই বিস্ফোৰণ।

১৬. দেওবাৰে লক্ষ্ণৌ পালেগৈ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পাৰ্থিৱ শৰীৰ। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। ২০ আৰু ২১ অক্টোবৰত ৰাজকীয় শোক ঘোষণা উত্তৰ প্ৰদেশত।

১৭. ১৯ অক্টোবৰত দেশৰ ছবিঘৰত মুক্তি পোৱা হিন্দী ছবি 'বধাই হৌ' ছবিখনে বিগত ৩ দিনত উপাৰ্জন কৰিছে ৩১.৪৬ কোটি টকা। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আয়ুষ্মান খুৰানাই।

১৮. দেওবাৰে কানপুৰত সংঘটিত হ'ল এক অমানৱীয় কাণ্ড। কন্যা সন্তান জন্ম হোৱাৰ বাবেই পিতৃয়ে পুখুৰীত পেলাই দিলে নৱজাতকক।

১৯. বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এদিনীয়া ক্ৰিকেটত কেৰিয়াৰৰ ৩৬ সংখ্যক শতক অৰ্জন কৰিলে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে। ১০৭টা বলত ১৪০ ৰাণ সংগ্ৰহ কৰে কোহলীয়ে।

২০. দেওবাৰে পশ্চিম বংগৰ জলপাইগুৰিৰ এগৰাকী মহিলাক ভূমি সম্পৰ্কীয় বিবাদৰ বাবে এটা লম্পটে কৰিলে বলাৎকাৰ। বৰ্তমান মহিলা গৰাকী জলপাইগুৰি সদৰ চিকিৎসালয়ত চিকিৎসাধীন।

২১. দেওবাৰে ছিমলাৰ কুল্লত দ' খাৱৈ পৰিল এখন টাটা চু'ম । এজন পৰ্যটক নিহত হোৱাৰ লগতে ৯জন লোক আহত।

২২. চোৰাংভাৱে ক্ৰুড অইল কঢ়িওৱা এখন টেংকাৰ দেওবাৰে অভয়াপুৰীত জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত টেংকাৰখনৰ নম্বৰ  এনএল০২-কিউ-৬২০০।

২৩. দেওবাৰে এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি জানিব পৰা গৈছে যে- ২০১৭ বৰ্ষত ৫০,৮০২ জন ভাৰতীয়ই ল'লে আমৰিকাৰ নাগৰিকত্ব।

২৪. ডেনমাৰ্ক অপেনৰ ফাইনেলত পৰাজয় স্বীকাৰ কৰিলে ভাৰতৰ মহিলা বেডমিন্টন তাৰকা ছাইনা নেহৱালে। ফাইনেলত চীনৰ জু য়িঙৰ হাতত পৰাস্ত হয় ছাইনা।

২৫. আৰু, ২৬ অক্টোবৰত দেশৰ ছবিগৃহত মুক্তি পাব ছানী দেউল অভিনীত ছবি 'ভায়াজী ছুপাৰহিট'। ছবিখনৰ পৰিচালনা কৰিছে নিৰজ পাঠকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in