১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ১৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৬৬৮জনলৈ পাইছে বৃদ্ধি।

২. দেওবাৰে অসম জাতীয় পৰিষদে প্ৰকাশ কৰে ৫০ জনীয়া দ্বিতীয় খন প্ৰাৰ্থী তালিকা । অজাপৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে দুলীয়াজান আৰু নাহৰকটীয়াত নিৰ্বাচন খেলাৰ লগতে দলটোৰ কাৰ্যকাৰী সভাপতি পবিন্দ্ৰ ডেকাই পটাছাৰকুছিৰ পৰা প্ৰতিদন্দিতা কৰিব ।

৩. কেইবালানিও আলোচনাৰ অন্তত অসম গণ পৰিষদে প্ৰথম খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে । ৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষনা কৰে দলটোৱে । দলটোৰ প্ৰাক্তন সভাপতি তথা তেজপুৰ বিধায়ক বৃন্দাবন গোস্বামীক প্ৰাৰ্থিত্ব ৱুদিয়াৰ বাবে তেজপুৰত অগপৰ ক্ষোভ।

৪. সোণাপুৰৰ স্প্ৰীং ভেলী ৰিজৰ্টত উত্তপ্ত পৰিস্থিতি হয়।ৰিজৰ্ট খনত অনুষ্ঠিত হৈ আছিল মহাজোঁটৰ বৈঠক । দুই পক্ষৰ মাজত ৰিজৰ্টখনত হতাহতিৰ সৃষ্টি হয় ।এআইইউডিএফক সমষ্টি এৰি দিয়াক লৈ কংগ্ৰেছ কৰ্মী সকলে প্ৰতিবাদ সব্যস্ত কৰে ।

৫. অসম গণ পৰিষদ দলে পাটাছাৰকুছি সমষ্টি বিজেপিক এৰি দিয়াৰ বাবে অগপ তৃণমূল কৰ্মীৰ ক্ষোভ । সমষ্টিটোৰ প্ৰায় ৪০ শতাংশ কৰ্মীয়ে অতুল বৰা,কেশৱ মহন্তক তীব্ৰ ভাষাৰে সমালোচনা কৰি দল ত্যাগ কৰে ।

৬. পশ্চিমবংগৰ মোডীৰ বিশাৰ জনসভা । তৃণমূল কংগ্ৰেছ খেল শেষ, বিকাশ আৰম্ভ… নিৰ্ভীকভাৱে বিজেপিক ভোট দিয়ক, বেয়া শাসনৰ বিৰুদ্ধে ভোট দিয়ক । কলকাতাৰ বিগ্ৰেড পেৰেড গ্ৰাউণ্ডত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ।

৭. ৯ এপ্ৰিলৰ পৰা চেন্নাই আৰম্ভ হ'ব ২০২১ বৰ্ষৰ আইপিএল । ৩০ মেত অহমেদাবাদ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আইপিএলৰ ফাইনেল খেল খন ।

৮. পৰিবৰ্তন দিল্লীত হ'ব, বংগত নহয়। প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল যে বংগত কোনো মহিলা নিৰাপত্তা নাই কিন্তু উত্তৰ প্ৰদেশ, বিহাৰ আৰু অন্যান্য ৰাজ্যলৈ চাওঁক। বংগত মহিলা সুৰক্ষিত ।পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী চিলিগুৰিত এই মন্তব্য কৰে ।

৯. নতুন দিল্লীত দলীয় নেতৃত্বৰ এচৰত ক্ষমা খুজিলে বহুবল্কী বিধায়ক শিলাদিত্য দেৱে । প্ৰায় এবছৰ আগতে শিলাদিত্য দেৱে আকাৰে ইংগিতে এক সংবাদ মেলত কটাক্ষ কৰিছিল ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফনী শৰ্মাক ।

১০. 'খেলা হোবে'! আমি খেলিবলৈ সাজু… । এই মন্তব্য পশ্চিমবংগৰ প্ৰধানমন্ত্ৰী মমতা বেনাৰ্জীয়ে । যদি বিজেপিয়ে ভোট ক্ৰয় কৰিব বিচাৰে, টকা লৈ আৰু তৃণমূল কংগ্ৰেছক ভোট দিয়াৰ আহ্বান মমতা বেনাৰ্জীৰ ।

১১. কেৰালা পিপ'লছ পাৰ্টি মুখ্য তথা অভিনেতা দেৱনে অনুস্থানিক ভাবে বিজেপিত যোগদান কৰে ।বিজেপিৰ কেৰালা বিজয় যাত্ৰাৰ সমাপ্তি অনুষ্ঠানৰ অভিনেতা গৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰে ।

১২. অসমত দেওবাৰে সুস্থ হয় ১৭জন লোক। ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৮০জন লোক।

১৩. পুনেত আকৌ ২০৪৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪১৯৪৬৫জনলৈ পাইছে বৃদ্ধি।

১৪. দিল্লীৰ নাজাফগড়ত এজন ৪৫ বছৰীয়া লোকক গুলীয়াই হত্যা। দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

১৫. কৰ্ণাটকত আকৌ ৬২২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৩জনৰ মৃত্যু।

১৬. পঞ্জাৱত আকৌ ১০৫১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত ১৮৮৩৯১জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৭. ডিএমকে নেতা এম কে ষ্টেলিনে তামিলনাডুত ওলাই এক ৰেলী। এই ৰেলীত অংশ লয় টিএমচিৰ শ শ সমৰ্থকে।

১৮. যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত ১১১৪১জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৩৮জনৰ মৃত্যু।

১৯. তেলেগু দেশম পাৰ্টীৰ সভাপতি এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশৰ বিজায়ৱাড়াত ৰোড শ্ব'। এই ৰোড শ্ব'ত অংশ লয় হাজাৰ হাজাৰ লোকে।

২০. মহাৰাষ্ট্ৰত থানেত গ্ৰেপ্তাৰ কৰা হয় এটা ড্ৰাগছ সৰবৰাহকাৰীক। লগতে জব্দ কৰা হয় বৃহৎ পৰিমানৰ ড্ৰাগছ।

২১. অন্ধ্ৰপ্ৰদেশত আকৌ ১৩৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৯০৬৯২জনলৈ পাইছে বৃদ্ধি।

২২. চেন্নাই আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হয় এজন লোকক। লগতে জব্দ কৰা হয় প্ৰায় এক কেজিৰ সোণ।

২৩. দিল্লীত আকৌ ২৮৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৪১১০১জনলৈ বৃদ্ধি পাইছে।

২৪. শিলিগুৰিত মমতা বেনাৰ্জীৰ পদযাত্ৰা ৰেলী। এলপিজি গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই পদযাত্ৰা।

২৫. ভাৰতীয় অভিজ্ঞ এথলিট ইশ্বাৰ সিং দেউল মৃত্যু। তেওঁৰ মৃত্যুৰ সময়ত বয়স আছিল ৯১ বছৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in