১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ১০জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৫৩৭জনলৈ পাইছে বৃদ্ধি।

২. অতুল বৰাৰ বাসগৃহত অসম গণ পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক। কাৰ্যনিৰ্বাহক সমিতিৰ কেইবাগৰাকীও নেতাই কৰে অংশগ্ৰহণ এই বৈঠকত। সোমবাৰে নতুন দিল্লীলৈ উৰা মাৰিব অসম গণ পৰিষদৰ প্ৰতিনিধি দল।

৩. অসমত দেওবাৰে সুস্থ হয় ১৫জন লোক। এতিয়াও ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৬৮জন ৰোগী।

৪. 'কৃষকসকলক সকলো ৰাজনৈতিক দলেই প্ৰতাৰণা কৰিছে। কৃষকসকলে উৎপাদিত সামগ্ৰীসমূহৰ বাবে উচিত মূল্য বিচাৰিছে।কোনো ৰাজনৈতিক দলেই চিন্তা নকৰে কৃষকসকলৰ বাবে।'- দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

৫. লুৰীণজ্যোতি গগৈৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ। পুলকেশ বৰুৱাৰ সৈতে আছিল লুৰীণজ্যোতি গগৈ। বৰক্ষেত্ৰীৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল তেওঁ। বাঁহজানীলৈ আহি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা।

৬. বিবাহৰ দিনাই নুমলীগড়ৰ ধনশিৰি নদীৰ পৰা কমাৰগাঁও আৰক্ষীয়ে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বোকাখাতত। মৃতদেহটো বোকাখাতৰ মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী দিপাংকৰ দাসৰ বুলি জানিব পৰা গৈছে৷

৭. বুৰীয়া ৰাষ্ট্ৰত ম্যানমাৰত দেওবাৰে বিয়লি ষ্টেট কাউন্সিলৰ আঙ চান চ্যু কীৰ মুক্তিৰ আৰু গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ দাবীত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰী ওপৰত ম্যানমাৰ আৰক্ষী আৰু সেনাই চলোৱা গুলীবৰ্ষণ অতি কমেও ১৮ জনলোক নিহত হোৱাৰ লগতে অন্য ৩০ লোক গুৰুত্বভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

৮. অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈসহ তেওঁৰ সতীৰ্থসকলৰ ওপৰত নলবাৰীৰ কালাগত দুৰ্বৃত্তই কৰা আক্ৰমণ সন্দৰ্ভত দেওবাৰে নিশাৰ ভাগত সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰত এই আক্ৰমণ বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ নেতৃত্বত বিজেপিৰ একাংশ লোক সংঘটিত কৰা বুলি গুৰুতৰ অভিযোগ তুলিছে।

৯. পেট্ৰ'ল-ডিজেলৰ মূল্য বহু বৃদ্ধি পাইছে। বিৰাট-শচীনক চেঞ্চুৰী মৰা দেখিছিলো, কিন্তু এতিয়া পেট্ৰ'ল-ডিজেলেও চেঞ্চুৰী মাৰিছে।– এই মন্তব্য মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ।

১০. 'মোৰ বেয়া লাগিছে যে মই তামিল ভাষাত আপোনালোকৰ সৈতে কথা পাতিব পৰা নাই।'- বিলুপ্পুৰামত এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ।

১১. কেৰালাত আকৌ ৩২৫৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়াও এই ভাইৰাছত আক্ৰান্ত ৪৯৪২০জন ৰোগী চিকিৎসাধীন হৈ আছে।

১২. অন্ধ্ৰপ্ৰদেশত আকৌ ১১৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৮৯৯১৬জনলৈ পাইছে বৃদ্ধি।

১৩. মুম্বাইত গ্ৰেপ্তাৰ কৰা হয় এজন লোকক। ডুবাইৰ পৰা ভাৰতলৈ অবৈধভাৱে লাখ লাখ টকাৰ ধপাত জাতীয় সামগ্ৰী সৰবৰাহ কৰে গ্ৰেপ্তাৰ কৰা এই লোকজনে।

১৪. বাৰানসীত উপস্থিত বিজেপি অধ্যক্ষ জে পি নড্ডা। নৱনিৰ্মিত এটা বিজেপি কাৰ্যালয় উদ্বোধন কৰে তেওঁ। উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথো।

১৫. শ্ৰীনগৰ-লেহ সংযোগী ঘাইপথত পুনৰ যান-বাহন চলাচল আৰম্ভ। যোৱা দুই মাহ ধৰি বন্ধ হৈ আছিল পথটো।

১৬. মুম্বাইত এনচিবিয়ে গ্ৰেপ্তাৰ কৰে তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক। লগতে জব্দ কৰে প্ৰায় ১৫ লাখ টকাৰ ড্ৰাগছ আৰু ২৫টা ম'বাইল।

১৭. দিল্লীত আকৌ ১৯৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৩৯২৮৯জনলৈ পাইছে বৃদ্ধি।

১৮. পশ্চিমবংগত বিজেপি কৰ্মী গোপাল মজুমদাৰৰ মাতৃক গুৰুতৰভাৱে প্ৰহাৰ। টিএমচি কৰ্মীয়ে এই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন বিজেপি কৰ্মীগৰাকীৰ মাতৃয়ে।

১৯. পঞ্জাৱৰ লুধিয়ানাত গ্ৰেপ্তাৰ কৰা হয় দুজন লোকক। প্ৰায় ২.১৭ কেজি ওজনৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ কৰে দুয়োকে।

২০. দেওবাৰে ইছৰ'ৰ পিএছএলভি-চি৫১ বহন কৰা এমেজ'নীয়া-১ আৰু আন ১৮টা উপগ্ৰহ নিক্ষেপ কৰা হয়। সতীশ ধৱন স্পেচ চেন্টাৰৰ পৰা নিক্ষেপ কৰা হয় এই উপগ্ৰহ কেইটা।

২১. আগন্তুক নিৰ্বাচনত এনডিএ-য়ে চৰকাৰ গঠন কৰিব পুডুচেৰীত।– এই ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ।

২২. কংগ্ৰেছ নেতা ৰাহুল গান্ধী দেওবাৰে উপস্থিত তামিলনাডুৰ তিৰুনেলভেলীত। অৰুলমিগু নেল্লাইয়াপ্পাৰ মন্দিৰত পূজা-অৰ্চনা কৰে ৰাহুল গান্ধীয়ে।

২৩. মহাৰাষ্ট্ৰত আকৌ ৮২৯৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৬২জনৰ মৃত্যু।

২৪. তামিলনাডুত বৃদ্ধি কৰা হৈছে ল'কডাউনৰ সময়সীমা। অহা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে ল'কডাউন।

২৫. দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন লোকক। ৰাজ্যখনৰ আদৰ্শনগৰত এগৰাকী মহিলাক চুৰিকাঘাত কৰি হত্যা কৰাৰ অভিযোগত অভিযুক্ত গ্ৰেপ্তাৰ কৰা দুয়োজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in