১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ গুলাম নৱী আজাদক শ্ৰেষ্ঠ সাংসদ হিচাপে সন্মানিত কৰা হৈছে৷ এই সন্মান প্ৰদান কৰে দেশৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে৷

২. উত্তৰ প্ৰদেশৰ বিকাপুৰ কোডৱালি অঞ্চলত শুকুৰবাৰে পুৱা প্ৰয়াগৰাজ আৰু অযোধ্যাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকবহ দুৰ্ঘটনা৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় স্বামী-স্ত্ৰী৷

৩. মধ্য নেপালত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত হয় ১৫জন লোক৷

৪. উৰিষ্যাৰ এখন শিশু চিকিৎসালয়ত বৃহস্পতিবাৰে নিশ আত্মহত্যা কৰে এগৰাকী চিকিৎসকে৷ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত৷

৫. আগন্তক ১২ ঘন্টাৰ ভিতৰত ঘন্টাত ৭২ কিঃমি বেগেৰে অহা ধুমুহাই সন্ত্ৰাস সৃষ্টি কৰিব পাৰে অন্ধ্ৰ প্ৰদেশত৷ ৰাজ্যখনৰ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিলে এই কথা৷

৬. বিবাহ পাশত আবদ্ধ হ'ল ভাৰতীয় বেডমিন্টন তাৰকা চাইনা নেহৱাল৷ শুকুৰবাৰে পুৰুষ বেডমিন্টন খেলুৱৈ পৰপুল্লি কাশ্যপৰ সৈতে বিবাহত বহে চাইনা৷

৭. কৰ্ণাটকত প্ৰসাদৰ বিষক্ৰিয়া হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি৷ বৰ্তমানেও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৭০জনৰো অধিক লোক৷

৮. আলিগড়ত কাৰ আৰু স্কুটীৰ সংঘৰ্ষ৷ থিতাতে নিহত এটি শিশু৷

৯. আফগানিস্তানত এক বিস্ফোৰণত নিহত ৫ সাধাৰণ নাগৰিক৷ বিস্ফোৰণত আহত হৈছে প্ৰায় ১১জন লোক৷

১০. বিহাৰত দেওৰেকে হত্যা কৰিলে কৰি বৌৱেকক৷ ভূমি বিবাদৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷

১১. শুকুৰবাৰে দক্ষিণ গুজৰাটত হোৱা দুটা পথ দুৰ্ঘটনাত ১২ জন লোক আহত হোৱাৰ উপৰিও নিহত হয় ১৪ জন লোক৷

১২. আগ্ৰা-দিল্লী ৰাজপথত শুকুৰবাৰে পুৱা তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে ৩জন পথচাৰীক৷ ইয়াৰে এজনৰ ঘটনাস্থলীতে মৃত্যু৷

১৩. জম্মু-কাশ্মীৰৰ ৰিয়াচি জিলাত দ খাৱৈত পৰিল যাত্ৰীবাহী বাহন৷ দুৰ্ঘটনাত ৩টা শিশুৰ সৈতে ৭জনৰ মৃত্যু৷ আহতৰ সংখ্যা ৩৷

১৪. ৰোহিত চেট্টীৰ 'চিম্বা'ৰ দ্বিতীয়টো গান শুকুৰবাৰে মুক্তি দিয়া হয়৷ ছবিখনত অভিনয় কৰিছে ৰণবীৰ সিং আৰু ছাৰা আলী খানে৷

১৫. জৈনপুৰত নিৰ্মিয়মান অট্টালিকাৰ ছাদ খহি পৰি এজন ছাত্ৰৰ মৃত্যু৷

১৬. দিল্লীত দলবদ্ধ বলাৎকাৰ বলি এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী৷ এসপ্তাহ ধৰি বন্দী কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ৪জনৰ বিৰুদ্ধে৷

১৭. অতি সোনকালে পিতৃ হ'ব ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং৷ ইছা আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত এই কথা প্ৰকাশ কৰিলে যুৱৰাজ সিঙে৷

১৮. পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাক লৈ শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷ একাংশ পৰাজিত প্ৰাৰ্থীক বিজয়ীৰ প্ৰমাণ পত্ৰ দিয়াৰ অভিযোগত একাংশ প্ৰাৰ্থীয়ে হোজাইৰ উপায়ুক্ত কাৰ্যালয়ত সাব্যস্ত কৰে প্ৰতিবাদ৷

১৯. ১৮ ডিচেম্বৰত এদিনীয়া ভ্ৰমণ সূচীৰে মহাৰাষ্ট্ৰৰ থানেত উপস্থিত হ'ব নৰেন্দ্ৰ মোডী৷ কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে৷

২০. মাজুলীৰ নতুন বেচামৰাত ধতুৰা গুটি খাই অসুস্থ একে পৰিয়ালৰ ৮ জন৷ অসুস্থকেইজন ক্ৰমে শৈল পেগু, নিৰু পেগু, মণিকা দলে, ৰিমা পেগু, বৰ্ণালী পেগু, মাইনা দলে আৰু ৰাকেশ দলে।

২১. ৰাফেল ডীলৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে শুকুৰবাৰে এক সংবাদমেলত ক'লে যে ৰাফেল ডীলক লৈ চৰকাৰে আৰম্ভণিৰ পৰাই মিছা মাতি আছে৷

২২. কলিয়াবৰ বিজেপিৰ সাধাৰণ সম্পাদক বিৰাজ কুমাৰ নন্দিক ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি অচিনাক্ত লোকৰ৷ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল৷

২৩. ২০১৯ৰ জুলাই মাহত সমগ্ৰ দেশত মুক্তি পাব 'হেৰা ফেৰী-৩'৷ ছবিখনৰ পৰিচালনা কৰিছে নিৰাজ ভোৰা আৰু আহমেদ খানে৷

২৪. 'প্ৰধানমন্ত্ৰীৰ সততা আৰু দক্ষতাৰ সুশাসনকে প্ৰতিফলিত কৰিলে উচ্চতম ন্যায়ালয়ৰ ৰায়ে৷' -ৰাফেল ক্ৰয় চুক্তিৰ বিতৰ্ক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ক্লীন চীট দিয়াৰ পিছতে এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷

২৫. অচিৰেই অসমৰ ছবিগৃহত মুক্তি পাব জেবি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা অসমীয়া ছবি 'ৰত্নাকৰ'৷ ইতিমধ্যে ছুটিং শেষ হোৱা ছবিখনৰ প্ৰযোজনা, পৰিচালনাৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা যতীন বৰাই৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in