১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. দুৰ্গাপূজা সমাগত। দুৰ্গাপূজাৰ প্ৰস্তুতি চলিছে সমগ্ৰ অসমত। গুৱাহাটীত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে দুৰ্গা মাৰ মূৰ্তি।

২. এয়াৰ ইণ্ডিয়াৰ এ আই-৪৬৭ বিমানখন দিল্লীৰ পৰা বিজয়ৱাড়া অভিমুখে আকাশমাৰ্গত গৈ থকা সময়তে আহত বিমান কৰ্মী। বজ্ৰপাতৰ ফলত বিমানখন অস্থিৰ হৈ পৰিছিল কেইমুহূৰ্তৰ বাবে। ফলত আহত তেওঁলোক।

৩. হাউডী মোডী কাৰ্যসূচীৰ প্ৰস্তুতি প্ৰায় সম্পন্ন। দেওবাৰে হিউষ্টনত অনুষ্ঠিত হ'ব এই কাৰ্যসূচী। প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উপস্থিত থাকিব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।

৪. শনিবাৰে বিহাৰৰ মহাবোধি মন্দিৰত উপস্থিত মংগোলীয় ৰাষ্ট্ৰপতি খালটমাগিন বাট্টুলগা। মহাবোধি মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই মংগোলীয় ৰাষ্ট্ৰপতিগৰাকীয়ে।

৫. আৰক্ষীৰ জালত অবৈধ বিলাতী সুৰাৰ কাৰ্টনসহ আবকাৰী কনিষ্টবল। তাৰপাছতেই নিলম্বন কৰা হয় কনিষ্টবলজনক। নিলম্বিত আবকাৰী কনিষ্টবলজন হোজাই জিলাৰ লিংকাৰ মণ্টু কুমাৰ বৰা।

৬. দক্ষিণ কেলিফৰ্ণিয়াত গুলীবৰ্ষণৰ ঘটনা। গুলীবৰ্ষণত নিহত ২জন লোক। ইফালে, গুৰুতৰভাৱে আহত ৮জন।

৭. ৱ'ৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় বক্সাৰ অমিত পাংঘালৰ ৰূপৰ পদক অৰ্জন। ৫২ কেজি শাখাত ৰূপৰ পদক অৰ্জন কৰে পাংঘালে।

৮. তেলেংগানাৰ ৰাজান্না ছিৰিচিলাত ভয়ংকৰ ঘটনা। হঠাৎ খহি পৰে এখন নিৰ্মীয়মান দলং। ধাৰাসাৰ বৃষ্টিপাতৰ ফলতেই দলংখনৰ এটা খহি পৰাৰ সম্ভাৱনা।

৯. আফগানিস্তানত ভয়ংকৰ আই ই ডি বিস্ফোৰণ। বিস্ফোৰণত প্ৰাণ হেৰুৱালে এটি শিশুৱে। ইফালে, গুৰুতৰভাৱে আহত ১১জনক হাস্পতালত ভৰ্তি।

১০. 'ভৱিষ্যতৰ কাম-কাজৰ ওপৰত চৰ্চা অব্যাহত আছে। অহা বছৰত মনুষ্যবিহীন মহাকাশ মিছনৰ বাবে আমি চিন্তা-চৰ্চা কৰি আছো।'- এই কথা ঘোষণা কৰে ইছৰ'ৰ অধ্যক্ষ কে শিৱানে।

১১. দেওবাৰে ভিডিঅ' কনফাৰেন্সত আলোচনা কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰতিখন ৰাজ্যৰ বিজেপি সাংসদৰে মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্মদিন উদযাপনৰ সন্দৰ্ভত আলোচনা কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

১২. শ্বাহজাহানপুৰৰ নয়াগঞ্জত পিঞ্জৰাৱদ্ধ এটা ঘৰিয়াল। বন বিভাগে ঘৰিয়ালটো পিঞ্জৰাৱদ্ধ কৰি এৰি দিয়ে এটা নদীত।

১৩. ৱৰ্ল্ড ৰেছলিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতৰ দীপক পুনিয়াই। ৮৬ কেজি শাখাৰ ছেমিফাইনেলত দেওবাৰে জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰে তেওঁ।

১৪. হিমাচলপ্ৰদেশৰ ছিমলাৰ নাৰকাণ্ডাত তুষাৰপাত। তুষাৰপাতৰ ফলত এলেকাটোৰ বহু বাট-পথত ব্যাহত হৈ পৰে যাতায়াত।

১৫. জম্মু-কাশ্মীৰৰ মেন্ধাৰ ছেক্টৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

১৬. অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন স্থানত বানৰ তাণ্ডৱ অব্যাহত। দেওবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহনে হেলিকপ্টাৰযোগে পৰ্যবেক্ষণ কৰে বান বিধ্বস্ত অঞ্চলসমূহ।

১৭. চেন্নাই বিমান বন্দৰত দেওবাৰে গ্ৰেপ্তাৰ এজন বিমান যাত্ৰীক। প্ৰায় ২৯০ গ্ৰাম সোণ আৰু ১১ লাখ টকা নগদ ধনসহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

১৮. শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে টিডিপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন চিট্টৰৰ সাংসদ এন শিৱা প্ৰসাদে। চেন্নাইৰ এপ'ল' হাস্পতালত চিকিৎসাধীন হৈ আছিল টিডিপিৰ নেতাগৰাকী।

১৯. উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাট মিলিত হয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাভিছে। শনিবাৰে পুৱা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীদ্বয় মিলিত হয় মুম্বাইত।

২০. কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে সাক্ষাৎ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক। ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে তেওঁক।

২১. ২১ অক্টোবৰ, ২০১৯ত হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত হ'ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰপাছত ২৪ আগষ্টত হ'ব ভোটগণনা পৰ্ব।

২২. কলকাতাৰ ঢাকুৰিয়াৰ এ এন আৰ আই হাস্পতালত চিকিৎসাধীন যাদৱপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ সুৰঞ্জন দাস। উপাচাৰ্যগৰাকীৰ স্বাস্থ্য বুজ ল'বলৈ শনিবাৰে হাস্পতালখনত উপস্থিত হয় পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধানখাৰ।

২৩. দিল্লী আৰক্ষীৰ বিশেষ কোষে শনিবাৰে গ্ৰেপ্তাৰ কৰে এটা অস্ত্ৰধাৰী দুৰ্বৃত্তক। লগতে উদ্ধাৰ কৰে ৫টা অস্ত্ৰ আৰু ৫০০ কাৰ্টিজ।

২৪. ২ অক্টোবৰত ভাৰতৰ ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি 'ওৱাৰ'। ছবিখনত অভিনয় কৰিছে অভিনেতা হৃত্বীক ৰোশ্বন আৰু টাইগাৰ শ্ৰফে।

২৫. ভাৰতীয় সময় অনুসৰি শনিবাৰে নিশা প্ৰায় ১১ বজাত টেক্সাছৰ হিউষ্টনত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। 'হাউডী মোডী' কাৰ্যসূচীত দেওবাৰে অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in