১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. কংগ্ৰেছ নেতা কে চি বেনুগোপাল, আহমেদ পাটেল আৰু মালিকাৰ্জন খাৰ্গে শুকুৰবাৰে ৰাওনা হ'ব মুম্বাইলৈ। শিৱসেনা আৰু এন চি পিৰ সেতা বহিব এক অনুষ্ঠানত।

২. কেৰালা ৰাজ্যিক চৰকাৰে ছিংগল ইউজ প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰিব। ১ জানুৱাৰী, ২০২০ৰ পৰা বন্ধ হ'ব সকলো ছিংগল ইউ প্লাষ্টিক।

৩. 'এইবাৰ সকলো ৰাজনীতিৰে এক অংশ। এইবোৰ হৈয়ে থাকিব।'- এছ পি জি নিৰাপত্তা আতৰোৱা সন্দৰ্ভত এই মন্তব্য কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ।

৪. কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰেৰণ কৰিলে কেৰালাৰা মুখ্যমন্ত্ৰীলৈ পত্ৰ। ৱাইনাইডত সৰ্পদংশনত নিহত এগৰাকী ১০ বছৰীয়া ছাত্ৰক লৈ এই পত্ৰ প্ৰেৰণ কৰে তেওঁ।

৫. জম্মু-কাশ্মীৰত আৱন্তিপোৰাত এটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ। সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে সোধ-পোছ।

৬. প্ৰধানমন্ত্ৰী মোডীয়ে উন্মোচন কৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি। কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অৱ ইণ্ডিয়াৰ কাৰ্যাল চৌহদত উন্মোচন কৰে এই প্ৰতিমূৰ্তিটো।

৭. হিমাচলপ্ৰদেশৰ মুখ্যমন্ত্ৰাৰে এক বৈঠকত বহে কেন্দ্ৰীয়বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। বহু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে এই বৈঠকত।

৮. চিবিআইয়ে গ্ৰেপ্তাৰ কৰে উত্তৰ দিল্লী পৌৰ নিগমৰ দুজন কৰ্মচাৰীক। উৎকোচ লোৱাৰ অভিযোগ গ্ৰেপ্তাৰ কৰে দুয়োজন কৰ্মচাৰীক।

৯. মধ্যপ্ৰদেশৰ গোৱালিয়ালত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজন লোকক। গ্ৰেপ্তাৰ কৰা লোক কেইজনে নকল আৰক্ষী হৈ স্থানীয় লোকৰ পৰা লৈছিল উৎকোচ।

১০. দিল্লীত অখিল ভাৰতীয় পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত মাচুল বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ।

১১. শুকুৰবাৰে কংগ্ৰেছ লেগিছলেটিভ পাৰ্টিৰ গুৰুত্বপূৰ্ণ বৈঠক। মহাৰাষ্ট্ৰ বিধান ভৱনত অনুষ্ঠিত কৰা হ'ব এই বৈঠক।

১২. গুৱাহাটীৰ পৰা মুম্বাই অভিমুখে উৰা মৰা স্পাইচজেটৰ এখন বিমানৰ জৰুৰীকালীন অৱতৰণ। এজন যাত্ৰী হঠাৎ অসুস্থ হৈ পৰাৰ বাবে ৰায়পুৰত অৱতৰণ কৰা হয় বিমানখন।

১৩. কংগ্ৰেছ আৰু এন চি পি নেতা মিলিত হয় এন চি পি মুৰব্বী শৰদ পাৱাৰৰ সৈতে।  শৰদ পাৱাৰৰ বাসভৱনত মিলিত কৰে তেওঁক।

১৪. 'মধুৰাত মই মাংকী চাফাৰীৰ দাবী জনাইছো। লগতে ফলমূলৰ গছ ৰোপন কৰিব লাগে।'- এই মন্তব্য বিজেপি সাংসদ হেমা মালিনীৰ।

১৫. কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অংশ লয় আই এছ এ ষ্টিল কনক্লেভ ২০১৯ত। ইণ্ডিয়া ষ্টিল এছ'চিয়েশনে সাব্যস্ত কৰে এই আই এছ এ ষ্টিল কনক্লেভ।

১৬. 'যিসকলে শিৱসেনাৰ বিধায়কক প্ৰহাৰ কৰিব, তেওঁলোকৰ ওপৰতো প্ৰহাৰ কৰা হ'ব।'- এই মন্তব্য শিৱসেনাৰ সাংসদ আব্দুল ছাট্টাৰৰ।

১৭. 'যোৱা ৫০০ বছৰে ওলমি থকা ৰাম জন্মভূমি কেছক লৈ মাত্ৰ ৪৫ মিনিটত ৰায়দান কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনালো।'- এই মন্তব্য উত্তৰপূবৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।

১৮. বৃহস্পতিবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আহমেদ সাক্ষাৎ কৰে এন চি পি মুৰব্বী শৰদ পাৱাৰক। শৰদ পাৱাৰৰ বাসভৱনত মিলিত কৰে তেওঁক।

১৯. বিজেপি নেতা আৰু কৰ্মীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ। পানীৰ নমুনা লৈ বিজেপি নেতা-কৰ্মীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ।

২০. শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰীয়ে কৰে শপতগ্ৰহণ। মহিন্দ্ৰ ৰাজাপক্ষই শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে কৰে শপতগ্ৰহণ।

২১. 'ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক মই প্ৰশ্ন কৰিব বিচাৰো, তেওঁলোকে ৭০ বছৰে জনগোষ্ঠীয় লোকসকলৰ বাবে কি কৰিলে।'- এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।

২২. ২২ নবেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি পাগলপন্তী। ছবিখনত অভিনয় কৰিছে অনিল কাপুৰ, জন আহ্ৰামকে ধৰি বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে।

২৩. ছত্তীশগড়ৰ মোহভাট্টাত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাহনৰ খুন্দাত নিহত ৮ জনকৈ লোক। ইফালে গুৰুতৰভাৱে আহত এজন।

২৪. শিৱসেনাৰ নেতা উদ্ধৱ থাকৰে আৰু আদিত্য থাকৰেয়ে সাক্ষাৎ কৰে এন চি পি নেতা শৰদ পাৱাৰক। শৰদ পাৱাৰৰ বাসভৱনত উপস্থিত হয় তেওঁলোক।

২৫. হিমাচলপ্ৰদেশৰ মাণ্ডিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক। লগতে জব্দ কৰে প্ৰায় ৫০০ গ্ৰাম ড্ৰাগছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in