১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. দিল্লীৰ নাজাফগড়ত হত্যাকাণ্ড। বাইকেৰে অহা অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে মোহিন মোৰ নামৰ এজন জিম ট্ৰেইনাৰক।

২. অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু মঙলবাৰে উপস্থিত বাংগালুুৰুত। কৰ্ণাটককৰ মুখ্যমন্ত্ৰী এই ডি কুমাৰাস্বামীক সাক্ষাৎ কৰে নাইডুৱে।

৩. বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে মঙলবাৰে সাক্ষাৎ কৰে কাৰগিজষ্টানৰ বিদেশ মন্ত্ৰী ছিংগিজ আইডাৰবেকভক। দুয়ো দেশৰ প্ৰতিনিধিদ্বয়ে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনাত বহে।

৪. মঙলবাৰে দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহকে ধৰি বহু কেইজন নেতা।

৫. 'এইবাৰৰ নিৰ্বাচনী প্ৰচাৰ মোৰ তীৰ্থযাত্ৰাৰ নিচিনাই আছিল।' এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

৬. 'বিৰোধীৰ মতে নৰেন্দ্ৰ মোডী যেতিয়া শাসনলৈ আহিব বুলি ভাৱে, তেতিয়াই ই ভি এম বেয়া হয়।' এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ।

৭. 'অসমত এন আৰ চি নামত একাংশই অশান্তি সৃষ্টি কৰিব বিচাৰিছে।' এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

৮. 'ই ভি এম সমূহ সম্পূৰ্ণ সুৰক্ষিত, তদন্তত প্ৰকাশ পাইছে এই তথ্য।' নিৰ্বাচনী আয়োগে সংবাদমাধ্যমক অৱগত কৰিলে এই কথা।

৯. ' উত্তৰ ভাৰতৰ লোকসকল কম পঢ়া-লিখা, যাৰ বাবে মিছা প্ৰচাৰত পতিয়ন গৈছে।' মঙলবাৰে এই বিৰ্তকিত মন্তব্য কৰিলে কংগ্ৰেছ নেতা ছামা মহম্মদে।

১০. 'প্ৰধানমন্ত্ৰীৰ বদ্ৰীনাথ আৰু কেদাৰনাথ ভ্ৰমণক সমালোচনা হোৱাটো দুৰ্ভাগ্যজনক।' এই মন্তব্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং যাদৱে।

১১. 'এগজিট প'ল উৎসাহজনক, মোডী আকৌ আহিব শাসনলৈ।' এই মন্তব্য শিৱসেনা প্ৰধান উদ্ধৱ থাকৰেৰ।

১২. ফেনী ঘূৰ্ণী বতাহত ওড়িশাত ১২,০০০ কোটি টকা লোকচান। ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে এই তথ্য।

১৩. পিতৃৰ মৃত্যু বাৰ্ষিকীত জীয়াৰী প্ৰিয়ংকা গান্ধীয়ে ক'লে- 'আপুনি চিৰদিন মোৰ বাবে হি'ৰ।'

১৪. কাৰ্বি আংলঙত সোমবাৰে নিশা আৰক্ষী আৰু চি আৰ পি এফৰ উগ্ৰপন্থীবিৰোধী অভিযান। আৰক্ষীয়ে উগ্ৰপন্থীৰ কৱলৰ পৰা উদ্ধাৰ কৰে জে চি বি চালক আদিল হুছেইনক।

১৫. ইণ্ডিয়া অ'পেন বক্সিঙত যমুনা বড়োৰ জয়লাভ। নেপালৰ মিনু গুৰুঙৰ বিৰুদ্ধে ৫-০ ব্যৱধানত সহজ জয়। এই জয়েৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ যমুনা বড়োৰ।

১৬. দ্বিতীয়বাৰলৈ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় জেকৌ ৱিডৌড। এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই জেকৌ ৱিডৌডৰ নাম।

১৭. মঙলবাৰে মুক্তি পালে অনুপম খেৰ অভিনীত ছবি 'ৱেন ডে'ৰ ট্ৰেইলাৰ। ছচিয়েল মিডিয়াত সমাদৰ পাইছে ট্ৰেইলাৰটোৱে।

১৮. চলিত বৰ্ষৰ ১৫ আগষ্টত মুক্তি পাব দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাস অভিনীত ছবি ছাহৌ। ছবিখনৰ বাজেট ৩০০ কোটি।

১৯. মহানগৰীৰ পাঞ্জাবাৰীত মঙলবাৰে পুনৰ গজৰাজৰ মুক্ত বিচৰণ। গজৰাজে সাপ্তাহিক বজাৰৰ পৰা খালে আলু-ৰঙালাও। ক্ষতি কৰিলে এখন বাহনৰো।

২০. একজিট প'লক লৈ ড০ হীৰেন গোহাঁইৰ গুৰুত্বপূৰ্ণ মন্তব্য-'একজিট প'ল বিশ্বাস নকৰা মানুহক ভয় খুৱাবলৈ দিয়া হৈছে একজিট প'লক।'

২১. জম্মু-কাশ্মীৰৰ পুলৱামাত ষ্টেট বেংকৰ সন্মুখৰ চি আৰ পি এফলৈ সন্ত্ৰাসবাদীৰ গ্ৰেণেড নিক্ষেপ। বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।

২২. মঙলবাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী টি ডি পি নেতা চন্দ্ৰবাবু নাইডুৱে সাক্ষাৎ কৰে জে ডি ইউৰ নেতা এইছ ডি ডেবেগৌড়াক। কৰ্ণাটকত দুয়ো নেতা বহে আলোচনাত।

২৩. মুম্বাইৰ পশ্চিম যোগেশ্বৰীত চিলিণ্ডাৰ বিস্ফোৰণ হৈ আহত হৈছে ১০ জনকৈ লোক। আহতসকলক ভৰ্তি কৰা হৈছে হাস্পতালত।

২৪. 'এন ডি এৰ ৩৬ সমৰ্থক উপস্থিত থাকে নেশ ভোজত। যিসকল নাথাকে তেওঁলোকে লিখিত সমৰ্থন দিছে।'- কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কৰিছে এই মন্তব্য।

২৫. বুধবাৰে ভাৰতীয় মহাকাশ সংস্থাই শ্ৰীহৰিকটাৰ পৰা নিক্ষেপ কৰিব পি এছ এল ভি চি ৪৬ উপগ্ৰহ।

২২.

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in