১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. জম্মু- কাশ্মীৰৰ ভাৰত-পাক সীমান্তত গুলীবৰ্ষণৰৰ সময়ত স্থানীয় ৰাইজৰ সুৰক্ষাৰ বাবে ৰাজ্যখনৰ নোছেৰা, সুন্দৰবনী আৰু মঞ্জাকোটত বৃহৎ আকাৰৰ দেৱাল নিৰ্মাণ কৰা হয়।

২. এ আই চি চিৰ মহাসচিব আৰু মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ সচিব দীপক বাবাৰীয়া ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত। বৰ্তমান তেওঁ চিৰায়ু হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে।

৩. ভাৰত-পাক সীমান্তৰ দেৰা বাবা নানাক এলেকাত উদ্ধাৰ এজন আঘাতপ্ৰাপ্ত পাকিস্তানী যুৱক। আহত লোকজনক ভৰ্তি কৰোৱা হৈছে গুৰু নানাক দেৱ হাস্পতালত।

৪. বুধবাৰে দক্ষিণ কোৰিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দুদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ কোৰিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰীগৰাকী।

৫. গুৱাহাটীৰ সাতগাঁৱত জুৱেলাৰ্ছৰ দোকানত ডকাইতৰ লুটপাত। প্ৰায় ৩৮ লাখ টকাৰ সোণৰ অলংকাৰ আৰু নগদ ২.৪০ লাখ টকা লুটি নিলে ৪টা ডকাইতে। অলকা জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী প্ৰসেনজিত্‍ মুদকক প্ৰহাৰ কৰি লুট ডকাইতৰ।

৬. মহাৰাষ্ট্ৰত বুধবাৰে অল ইণ্ডিয়া কৃষাণ সভাৰ বৃহৎ সমদল বাহিৰ। কৃষক সকলৰ বিভিন্ন দাবীৰে নাশ্বিকৰ পৰা মুম্বাইলৈ বাহিৰ কৰা হয় এই সমদল।

৭. বজালীৰ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা বৃদ্ধি। ৭জনলৈ বৃদ্ধি পালে পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা। ট্ৰাক আৰু টেম্প'ৰ মুখামুখি সংঘৰ্ষত আটাইকেইজনৰে মৃত্যু। বঙাইগাঁৱৰ গৰাইমাৰীত বিয়লি সংঘটিত হৈছিল এই ঘটনা।

৮. অন্ত পৰিল ছিকিম বিধানসভাৰ অধিৱেশন। অন্তিম দিনা অধিৱেশনত দুখন বিধেয়ক গৃহীত হ'ল। ছিকিম ৰেগুলেচন অফ ট্ৰান্সফাৰ অফ লেণ্ড ২০১৯ আৰু ছিকিম প্ৰহিবিছন অফ বেগাৰী এমেণ্ডমেণ্ট বিল ২০১৯ গৃহীত অধিৱেশনত।

৯. ৰঙিয়াত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোক। মাৰুতি বাহনে মহটিয়ালে চাইকেল আৰোহীক। গুৰুতৰভাৱে আহত চাইকেল আৰোহীজন। দুৰ্ঘটনাৰ পিছতে বাগৰি পৰে মাৰুতি বাহনখনো।

১০. আনৰ লিগেচী ব্যৱহাৰৰ অভিযোগত এজন লোকক আটক। জুৰীয়া আৰক্ষীৰ জালত আব্দুল ছাত্তাৰ নামৰ লোকজন। প্ৰৱঞ্চনাৰে NRCত নাম অন্তৰ্ভুক্তৰ বাবে চেষ্টা চলাইছিল যুৱকজনে। চান্দ মিঞা নামৰ লোকজনৰ লিগেচী ব্যৱহাৰ কৰাৰ অভিযোগ।

১১. উত্তৰাখণ্ডৰ উধম সিং নগৰত ৩জনকৈ লোকক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ পৰা ১১ কেজি ওজনৰ বাঘৰ হাঁড় উদ্ধাৰ।

১২. বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ ৰোগীলৈ দুপৰীয়াৰ আহাৰ খালচা চেণ্টাৰৰ। প্ৰতি বুধবাৰে হাস্পতালখনত চিকিৎসাধীন ৰোগীক খাদ্য যোগান ধৰে খালচা চেণ্টাৰৰ সদস্যসকলে। গুৰু নানকৰ ৫৫০সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি খালচা চেণ্টাৰে আৰম্ভ কৰিছে এই বিশেষ পদক্ষেপ।

১৩. পাঠশালা আৰক্ষীৰ জালত প্ৰৱঞ্চক। মেগাফুট মাৰ্গত ছুপাৰভাইজাৰৰ চাকৰি দিয়াৰ নামত বহু যুৱকৰ পৰা ধন সংগ্ৰহ কৰিছিল পুলক ডেকা নামৰ প্ৰৱঞ্চকটোৱে। পাছত টকা লৈ আত্মগোপন কৰি আছিল প্ৰৱঞ্চকটোৱে।

১৪. 'অকলেই নিৰ্বাচন খেলিব পাৰে অগপই, ৰাজনীতিত সকলো সম্ভৱ।'- এই মন্তব্য ডাঃ কমলা কলিতাৰ।

১৫. আগন্তুক কিছু দিনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ ডাৱৰীয়া হৈ থাকিব। শনিবাৰৰ পৰা ঠায়ে ঠায়ে পাতলীয়া বৰষুণৰ সম্ভাৱনা। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে বতৰৰ আগজাননী।

১৬. তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ পুত্তলিকা দাহ। সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দক্ষিণ তিনিচুকীয়া উপ-শাখাৰ প্ৰতিবাদী কাৰ্যসূচী। ১৭ ফেব্ৰুৱাৰীত চামডাং চাহ–বাগিচাৰ এখন সভাত বিধায়কগৰাকীয়ে এজন আটছা কৰ্মীক অশালীন আচৰণ কৰাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ।

১৭. আৰোহণ ভৱেন্দ্ৰ নাথ শইকীয়া ন্যাসৰ উদ্যোগত ড০ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণি বঁটা(২০১৮) প্ৰদান অনুষ্ঠান তথা নাট সমাৰোহ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই অনুষ্ঠান।

১৮. নগাঁৱত নিচাজাতীয় সামগ্ৰীসহ সৰবৰাহকাৰী আটক কৰে আৰক্ষীয়ে। বহু নিচাজাতীয় সামগ্ৰীসহ এটা সৰবৰাহকাৰী কৰায়ত্ত। লগতে এখন বাহনো জব্দ কৰে নগাঁও আৰক্ষীয়ে। নগাঁৱৰ এলপিষ্টন চিনেমা হলৰ সমীপৰ পৰা জব্দ কৰে সামগ্ৰীখিনি।

১৯. শ্ৰীলংকাৰ নৌ সেনা বাহিনীয়ে বুধবাৰে ৯জন ভাৰতীয় মাছমৰীয়াক দুখন মাছমৰা নাও সহ ডেফ্ট দ্বীপত আটক কৰে। আটকাধীন লোককেইজনৰ সোধা-পোছা অব্যাহত ৰখা হৈছে কনকেছানথুৰাই নৱল কেম্পত।

২০. হিজবুল মুজাহিদীনৰ সন্ধানত মধ্য অসমত শীঘ্ৰেই সেনা আৰক্ষীয়ে চলাব অভিযান। বিশেষকৈ হোজাই আৰু নগাঁৱৰ কেইবাজনো যুৱকে হিজবুল মুজাহিদীনত যোগদানৰ তথ্য লাভৰ পাছতে চিন্তিত হৈ পৰিছে অসম আৰক্ষী।

২১. দিল্লীৰ মেডিকেল কাউন্সিল অব ইণ্ডিয়াত ড০ অনামিকা ৰায়ৰ মৃত্যুৰ শুনানি গ্ৰহণ। ডাঃ চন্দন ডেকা আৰু ডাঃ অভিজিৎ খাউণ্ডৰ শাস্তি বৃদ্ধিৰ আৱেদনৰ শুনানি। ২০১৭ চনত অনামিকা ৰায়ৰ স্বামী অংকুৰ দত্তই কৰিছিল আৱেদন। ২০১৫ চনত মৃত্যু হৈছিল ড০ অনামিকা ৰায়ৰ।

২২. দিল্লীৰ মেডিকেল কাউন্সিল অব ইণ্ডিয়াত ড০ অনামিকা ৰায়ৰ মৃত্যুৰ শুনানি গ্ৰহণ। ডাঃ চন্দন ডেকা আৰু ডাঃ অভিজিৎ খাউণ্ডৰ শাস্তি বৃদ্ধিৰ আৱেদনৰ শুনানি। ২০১৭ চনত অনামিকা ৰায়ৰ স্বামী অংকুৰ দত্তই কৰিছিল আৱেদন। ২০১৫ চনত মৃত্যু হৈছিল ড০ অনামিকা ৰায়ৰ।

২৩. ছিমলাৰ ৰাজপথত বুধবাৰে ১৫০ ফুট উচ্চ ভাৰতৰ জাতীয় পতাকা লৈ 'ত্ৰিৰংগা যাত্ৰা' বাহিৰ কৰে ছাত্ৰ-ছাত্ৰীসকলে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত ছাত্ৰী-ছাত্ৰীসকলে বাহিৰ কৰে এই সমদল।

২৪. মৰিয়নীৰ মগৈত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ। মৰিয়নীৰ সীমান্তবাসী ৰাইজৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। নগাৰ উপদ্ৰৱ বন্ধ কৰাৰ দাবীৰ লগতে সীমান্ত সুৰক্ষা চকী নিৰ্মাণ আৰম্ভ কৰাৰো দাবী প্ৰতিবাদকাৰীৰ।

২৫. অমিত শ্বাহে ক'লে পুনৰ বিজেপি আহিলে হিন্দু বাংলাদেশী আনিবই। তাৰ পিছতো নিমাত অসম গণ পৰিষদ। অসমলৈ বিদেশী অহাটো যিসকলে নিবিচাৰে, সেইসকলে বিজেপিক ভোট নিদিয়ে।- এই মন্তব্য প্ৰাক্তন মুখমন্ত্ৰী তৰুণ গগৈৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in