১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. দুৰ্গাপূজাৰ দেৱী বিসৰ্জন দিবলৈ গৈ বিসৰ্জনস্থলীত পানীত বুৰ গৈ মৃত্যুক আকোৱালি লোৱা সঞ্জয় বৈদ্যৰ মৃতদেহ লৈ ডিগবৈৰ ৰাজপথত প্ৰতিবাদ ৰাইজৰ। আই অ' চি পূজা মণ্ডপৰ দেৱী বিসৰ্জন দিয়া পুখুৰীত সুৰক্ষা ব্যৱস্থা নথকাৰ বাবে যুৱকজনৰ মৃত্যুৰ হোৱাৰ অভিযোগ।

২. বাংগালুৰুত অনুষ্ঠিত হোৱা বিজয় হাজাৰে ট্ৰফীৰ ফাইনেলত দিল্লীক ৪ উইকেটত পৰাস্ত কৰে মুম্বাইয়ে। বিজয় হাজাৰে ট্ৰফীত তৃতীয় বাৰলৈ চেম্পিয়ন মুম্বাই।

৩. শনিবাৰে ৪০ বছৰত ভৰি দিলে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ সিং ছেহৱাগে। ১৯৭৮ চনৰ ২০ অক্টোবৰত দিল্লীত জন্মগ্ৰহণ কৰিছিল ক্ৰিকেটাৰ গৰাকীয়ে।

৪. বিজয়া দশমীত দুৰ্গাপূজাৰ দেৱী উটুৱাৰ পাছতে নদ-নদীৰ দাঁতিকাষৰীয়া ঠাইত লেতেৰা পৰিৱেশৰ সৃষ্টি। শনিবাৰে প্ৰশাসনে চাফ-চিকুণ কৰিলে মহানগৰীৰ কাছমাৰী ঘাট।

৫. পঞ্জাৱৰ অমৃতসৰত সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাত নিহত হোৱা পৰিয়াললৈ শনিবাৰে টুইটাৰযোগে সমবেদনা জ্ঞাপন কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ লগতে ৰাষ্ট্ৰ সংঘৰ সচিব এন্টনিঅ' গুটাৰেজেও।

৬. দেওবাৰৰ পৰা বাৰানসীৰ বড়ালালপুৰত ৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব ইণ্ডিয়া কাৰপেট এক্সপ'। ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মোডীয়ে কৰিব অনুষ্ঠানটোৰ উদ্বোধন।

৭. গুজৰাটত ৩ বছৰীয়া এটি শিশুক দুষ্কাৰ্য আৰু হত্যা কৰা এটা লম্পটক গুজৰাট আৰক্ষীয়ে শুক্ৰবাৰে নিশা বিহাৰত গ্ৰেপ্তাৰ কৰে। ধৃত লম্পটটোৰ নাম অনিল যাদৱ।

৮. শনিবাৰে দিনত পশ্চিমবংগৰ হুগলী জিলাত সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত ৮ জন লোক।

৯. কটকটীয়া নিৰাপত্তাৰ মাজেৰে দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্ট্ৰেডিয়ামত অনুষ্ঠিত হব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া খেলখন। খেলখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে ৫ হাজাৰ আৰক্ষী নিয়োগ।

১০. দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ খেলখনত প্ৰথমবাৰৰ বাবে এদিনীয়াত ভাৰতীয় দলত স্থান লাভ কৰিছে ঋষভ পন্টে। শনিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ১২ জনীয়া ভাৰতীয় খেলুৱৈৰ দলটো।

১১. শনিবাৰে বিয়লি জম্মু কাশ্মীৰৰ পুলৱামত সেনা সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। হতাহতিৰ কোনো খবৰ পোৱা হোৱা নাই।

১২. কেৰালাৰ সবৰিমালা মন্দিৰৰ সন্দৰ্ভত দক্ষিণ চুপাৰষ্টাৰ ৰজনীকান্তৰ মন্তব্য-'উচ্চতম ন্যায়ালয়ৰ  ৰায়ক সমৰ্থন জনাইছো কিন্তু পৰম্পৰাও ৰক্ষা হব লাগে।'

১৩. 'সাম্প্ৰদায়িক দল বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধী দল এক হওঁক।'- শনিবাৰে সংবাদমেলত এই আহ্বান কৰিলে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কণাৰ্টকৰ জে ডি এছৰ নেতা এইচ ডি দেৱগৌড়াই।

১৪. ভাৰতীয় ক্ৰিকেটাৰ প্ৰৱীণ কুমাৰে আন্তঃৰাষ্টীয় ক্ৰিকেটৰ পৰা ললে বিদায়। শনিবাৰে টুইটাইযোগে আনুষ্ঠানিক ভাৱে এই ঘোষণা কৰে ক্ৰিকেটাজনে। সুদীৰ্ঘ ১৩ বছৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলিছিল প্ৰৱীণ কুমাৰে।

১৫. দিল্লীৰ গাজিয়াবাদত শনিবাৰে বিয়লি অট্টালিকাৰ পৰা জপিঁয়াই এগৰাকী যুৱতীৰ আত্মহত্যা। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

১৬. আফগানিস্তানৰ ৰাজনৈতিক হিংসাত গুৰুতৰভাৱে আহত হৈছে ১৩০ জনৰো অধিক লোক। দেশখনত শনিবাৰে অনুষ্ঠিত হয় সাধাৰণ নিৰ্বাচন।

১৭. দেশৰ জনপ্ৰিয় গায়ক কুমাৰ চানুৰ ৬১ সংখ্যক জন্মদিন। কলকাতাত জন্মগ্ৰহণ কৰা কুমাৰ চানুৰ প্ৰকৃত নাম কেদাৰনাথ ভট্টাচাৰ্য।

১৮. পঞ্জাৱৰ অমৃতসৰৰ ৰে'ল দুৰ্ঘটনাক লৈ বলিউদতো শোকৰ ছাঁ। পৰিচালক শেখৰ কাপুৰে দেশৰ ৰাজনৈতিক দল সমূহলৈ আহ্বান ' এনে মৰ্মান্তিক ঘটনাক লৈ ৰাজনীতি নকৰিব।

১৯. শনিবাৰে উত্তৰ প্ৰদেশৰ দাদৰী অঞ্চলত ভেন আৰু বাছৰ সংঘৰ্ষ। দুৰ্ঘটনাটোত ১জন লোক নিহত হোৱাৰ লগতে ১৫জন লোক আহত হয়।

২০. ডেনমাৰ্ক অপেন ফাইনেলত প্ৰৱেশ ছাইনা নেহৱালৰ। ছেমিফাইনেলত ইণ্ডোনেছিয়াৰ গ্ৰেগৌৰিয়া মৰিস্কোক পৰাস্ত কৰে চাইনাই।

২১. দীৰ্ঘ বিৰতিৰ অন্তত ১৬ নৱেম্বৰত ছবিগৃহলৈ আহিব অভিনেতা গোবিন্দাৰ হিন্দী ছবি 'ৰাজা ৰঙগিলা'। ছবিখনৰ পৰিছালনা কৰিছে চিকন্দৰ ভাৰতীয়ে।

২২. নুমলীগড়ৰ ৫নং ৰংবঙত সন্ধিয়া ভাগৰ শনিবাৰৰ সন্ধিয়াৰ পৰা বন্যহস্তীৰ জাকৰ উপদ্ৰৱ। বন্যহস্তীৰ পৰা জনসাধাৰণক সুৰক্ষা দিয়াত ব্যৰ্থ বন বিভাগ।

২৩. আজি বিশ্ব পৰিসংখ্যা দিৱস। ২০১০ চনৰ ২০ অক্টোৰৰ পৰা সমগ্ৰ বিশ্বতে পালন কৰা হয় এই দিৱসটি।

২৪. এ পি ডব্লিউৰ প্ৰাক্তন নেতা হাদি হুছেইনৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য।যোগীঘোপাৰ ভাৰাঘৰত উদ্ধাৰ মৃতদেহ। অাৰক্ষীয়ে অাৰম্ভ কৰিছে তদন্ত ।

২৫. আৰু, শনিবাৰে দিল্লীৰ শালিমাৰ বাগ অঞ্চলত দুবৃৰ্ত্তই গুলীয়াই হত্যা কৰে ১৫ বছৰীয়া এটি কিশোৰক। তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in