১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ ২৭জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি । ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৪৫৪জনলৈ বৃদ্ধি পাইছে।

২. কোকৰাঝাৰত পুনৰাই কোভিড-১৯ পজিটিভৰ আতংকই বিৰাজ কৰিছে । বুধবাৰে জিলাখনত পাঁচজনকৈ লোক কোভিড-১৯ পজিটিভত আক্ৰান্ত হয়।

৩. অহা ২৬ ফেব্ৰুৱাৰী অৰ্থাৎ শুকুৰবাৰে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে আহ্বান জনাইছে ভাৰত বন্ধৰ। এই ভাৰত বন্ধলৈ সমৰ্থন আগবঢ়াইছে অসম জাতীয় পৰিষদে।

৪. কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ২৫ ফেব্ৰুৱাৰীত আহি উপস্থিত হ'বহি অসমত। তেওঁ পুৱা ৯.৫০ বজাত আহি উপস্থিত হ'বহি আমিনগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ অতিথিশালাত। 

৫. উত্তৰপ্ৰদেশত লাভ জেহাদৰ দৰে ঘটনা প্ৰতিৰোধৰ বাবে অবৈধ ধৰ্ম পৰিৱৰ্তন বিধেয়ক ২০২১ বিধানসভাত পাছ হ'ল। এই বিধেয়ক অনুসৰি জোৰজবৰদস্তি ধৰ্ম সলনি কৰাৰ দৰে ঘটনাবোৰ যাতে সংঘঠিত হ'ব নোৱাৰে তাৰ বাবে এই বিধেয়ক পাছ কৰা হয়।

৬. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিঙিৰ পৰা অসমীয়াৰ স্বাভিমান মৰমৰ গামোচাখন কাঢ়ি অনাৰ হুংকাৰ নৱ গঠিত 'ৰাইজৰ দল'ৰ। প্ৰধানমন্ত্ৰী মোডীক পৃথানী-আদানীৰ গোলাম আখ্যা দি ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ড০ হৰিকান্ত দাসে প্ৰধানমন্ত্ৰী গৰাকীক ক্ষমতাচ্যুত কৰাৰ বাবে ৰাইজক মাৰ বান্ধি ওলাই আহিবলৈআহ্বান জনায় ।

৭. নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী-হাইডুবী তিনিআলিত বুধবাৰে বিয়লি সংঘটিত হোৱা এক শোকাকুল পথ দুৰ্ঘটনাত এজন ছাত্ৰ থিতাতে নিহত হয়। 

৮. ৰাজ্যখনৰ ২১ খন জিলাৰ দহ লক্ষাধিক বড়ো জনতাৰ উন্নয়নৰ লক্ষ্যৰে মিহিনিশ্বৰ বসুমতাৰীক মুখ্য কাৰ্যবাহী হিচাপে লৈ গঠন হ'ল ১৪ জনীয়া বড়ো কছাৰী কল্যাণ স্বায়ত্ত্ব পৰিষদ ৷ উল্লেখ্য যে স্বায়ত্ব শাসিত পৰিষদ প্ৰাপ্তিৰ গণতান্ত্ৰিক আন্দোলনৰ সমুখৰ পৰা নেতৃত্ব দি অহা মুখ্য কাৰ্যবাহী মিহিনিশ্বৰ বসুমতাৰীৰ বৰ্ণিল জীৱনৰ ওপৰত চলিছে সৰব আলোচনাই ৷ 

৯. বুধবাৰে প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্মদিন । পৰাগ কুমাৰ দাসৰ এই ওপজা দিনটোত ৰাজ্য বাসীয়ে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

১০. বুধবাৰে ৰাজ্যত সুস্থ হয় ২৫জন কোৰোনাত আক্ৰান্ত হৈ থকা লোক। ৰাজ্যত চিকিৎসাধীন হৈ আছে ২৫৯জন ৰোগী।

১১. ছিমলাত নৱবাহাৰত অগ্নিকাণ্ড। এখন অৰণ্যত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

১২. ছত্তীশগড়ৰ কুকৰাঝোৰাত বোমা বিস্ফোৰণ। এই বিস্ফোৰণত গুৰুতৰভাৱে আহত এজন জোৱান।

১৩. মহাৰাষ্ট্ৰত আকৌ ৮৮০৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৮০জনৰ মৃত্যু।

১৪. কেৰালাত আয়োজন কৰা হৈছে হাতীৰ দৌৰ খেলা। গুৰুবায়ুৰ মন্দিৰৰ সমীপত হাতীৰ দৌৰৰ খেলা আয়োজন।

১৫. পুনেত আকৌ ১৪৭৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪০১৯৫৫জনলৈ বৃদ্ধি পাইছে।

১৬. জম্মু-কাশ্মীৰৰ অনন্তনাগত আৰক্ষীৰে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। এই সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী।

১৭. অন্ধ্ৰপ্ৰদেশৰ তিৰুলামাৰ বালাজী মন্দ্ৰিত ২ কোটি টকাৰ শংখ আৰু চক্ৰ দান কৰে এজন লোকে। তামিলনাডুৰ এজন ভক্তই দান কৰে এয়া।

১৮. ২৪ ফেব্ৰুৱাৰীৰ নিশালৈকে ১২৩৬৬৬৩৩জনলৈকে কোভিড ভেকচিন প্ৰদান কৰা হৈছে। এই কথা জনায় স্বাস্থ্য মন্ত্ৰণালয়ে।

১৯. হাৰিয়ানাত ১ মাৰ্চৰ পৰা প্রথম আৰু দ্বিতীয় শ্ৰেণীৰ ক্লাছ নিয়মীয়াকৈ আৰম্ভ হ'ব। এই কথা ঘোষণা কৰে হাৰিয়ানাৰ চৰকাৰে।

২০. প্ৰাক্তন ক্ৰিকেটাৰ অশোক ডিণ্ডাই বিজেপিত যোগদান কৰে। বিজেপিৰ কেন্দ্ৰীয় বাবুল সুপ্ৰীয়াৰ উপস্থিতিত দলটোত যোগদান কৰে তেওঁ।

২১. কলকাতাৰ আলিপোৰা ন্যায়ালয়ত হাজিৰা কৰা হয় বিজেপি নেতা ৰাকেশ সিঙক। এক নাৰ্কটিক কেচত তেওঁ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

২২. মুম্বাইৰ পৰা ৰাওনা কৰা হৈছে ভাৰতৰ কোভিড-১৯ ভেকচিন। মুম্বাইৰ পৰা ঘানালৈকে প্ৰেৰণ কৰা হৈছে এই ভেকচিনসমূহ।

২৩. অন্ধ্ৰপ্ৰদেশত আকৌ ৯৪ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৮৯৫০৩জনলৈ পাইছে বৃদ্ধি।

২৪. ভূমিকম্পই জোঁকাৰি গ'ল আইচলেণ্ডৰ গ্ৰিণ্ডাভিকক। ৫.৬ প্ৰাবল্যই জোঁকাৰি যায় আইচেলণ্ড।

২৫. কাশ্মীৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটা সন্ত্ৰসাবাদীক। দুয়োটা সন্ত্ৰাসবাদী জে-ই-এম সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in