১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. মুলসূঁতিলৈ উভতিল ৫ উগ্ৰপন্থী সংগঠনৰ সহস্ৰ কেডাৰ ।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় অস্ত্ৰ সম্বৰণ অনুষ্ঠান ।অস্ত্ৰ সম্বৰণ কৰে পিডিচিকে কেএনএলএফ, কেপিএলটি, কেএলএফ, ইউপিএলএৰ কেডাৰ সকলে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত সমূহীয়া অস্ত্ৰ সম্বৰণ কৰে কেডাৰ সকলে ।

২. আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰিত আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ডিআইডিয়ে । অমৰজিত্‍ লহকৰ আৰু দ্বীপজ্যোতি শালৈ নামৰ দুজনক গ্ৰেপ্তাৰ কৰে ।

৩. সাম্প্ৰতিক পৰিস্থিতিত লকডাউনৰ প্ৰয়োজন নাই এই মন্তব্য প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীৰ কেইবাখনো বিদ্যালয়ত কৰোনা সংক্ৰমণ পোৱাৰ লগতে ডিব্ৰুগড় বিশ্ব বিদ্যালয়তো পোৱা গৈছে কোৰোনাৰ সংক্ৰমণ । সংক্ৰমণ বৃদ্ধিৰ লগে লগে বিয়পিছে লকডাউনৰ ভুৱা প্ৰচাৰ ।

৪. প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণকলৈ সৰৱ হৈ উঠিছে কংগ্ৰেছ । মোডীক সমালোচনা কৰি ৰিপুন বৰাই মন্তব্য কৰে । ভয় খাই দিল্লীৰ পৰা নৰেন্দ্ৰ মোদী অসমলৈ ঢপলিয়াই আহিছে বুলি মন্তব্য কৰে বৰাই ।

৫. গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু গুজৰাট বিজেপিৰ সভাপতি চিআৰ পাটিলে সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক । কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ বাসভৱনত সাক্ষাৎ কৰে ৰূপানী আৰু পাটিলে ।

৬. বুধবাৰে অনুষ্ঠিত হ'ব ভাৰত- ইংলেণ্ডৰ মাজত তৃতীয় খন টেষ্ট খেল । চৰ্দাৰ পেটেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই দিবা-নৈশ টেষ্ট খেল খন । খেলখনত ভাৰতেই ফেভাৰিট বুলি মন্তব্য কৰে বিভিন্ন জন ক্ৰিকেট বিশেষজ্ঞই ।

৭. কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে পুনৰ অসমলৈ আহিব । বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে বটদ্ৰৱা আৰু কাৰ্বি আংলঙত এক অনুষ্ঠানত অংশ ল'ব । বটদ্ৰৱা থানৰ প্ৰকল্পৰ ভূমি পূজন, আধাৰশিলা স্থাপনৰ লগতে নগাওঁ মহা মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ।

৮. যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত মঙলবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দল উপস্থিত হৈ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ ওপৰত তদন্ত আৰম্ভ কৰে। মৰিয়নী বিধানসভা সমষ্টিত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ দ্বাৰা ৰূপায়ণ কৰা আঁচনিসমূহত সংঘটিত কেলেংকাৰীৰ তদন্ত কৰিবলৈ আহিছে এই দলটো।

৯.ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে ভি নাৰায়ণস্বামীৰ লগতে তেওঁৰ মন্ত্ৰী পৰিষদৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে।

১০. গুজৰাট বিজেপিৰ এই ঐতিহাসিক বিজয় হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত ৰাজ্য খনৰ জনসাধাৰণৰ অটল বিশ্বাসৰ জয় । বিজেপিৰ প্ৰতি অব্যাহত বিশ্বাসৰ বাবে মই গুজৰাটৰ জনসাধাৰণক ধন্যবাদ জনাইছো । এই মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই ।

১১. মুম্বাইৰ আন্ধেৰীত গ্ৰেপ্তাৰ কৰা হয় এজন ব্যক্তিক। ড্ৰাগছ সৰবৰাহ কৰা সময়ত গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

১২. অন্ধ্ৰপ্ৰদেশত আকৌ ৭০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৮৯৪০৯জনলৈ বৃদ্ধি পাইছে।

১৩. মহাৰাষ্ট্ৰত আকৌ ৬২১৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৫১জনৰ মৃত্যু।

১৪. 'কংগ্ৰেছৰ সমস্যাটো হ'লে তেওঁলোক দালালৰ দল।'- এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে।

১৫. বিধানসভাত বাজেট ঘোষণা কৰিব ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে। বুধবাৰে এই বাজেট ঘোষণা কৰিব তেওঁ।

১৬. দিল্লীত আকৌ ১৪৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৩৮১৭৩জনলৈ পাইছে বৃদ্ধি।

১৭. মৰেছিয়াছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে উদ্বোধন কৰে ভাৰতীয় উচ্চায়ুক্তৰ এটা বিল্ডিং। টুইটাৰযোগে এই কথা জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে।

১৮. পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বলবীৰ সিং সিদ্ধুৱে এম্বুলেন্সৰ ফ্লেগ অফ কৰে। ২২খনকৈ এম্বুলেন্স ফ্লেগ অফ কৰে তেওঁ।

১৯. মুম্বাইত গেংগষ্টাৰ ৰবি পুজাৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। মাৰ্চৰ ৯ তাৰিখলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে গেংগষ্টাৰটোক।

২০. ছত্তীশগড়ৰ নাৰায়ণপুৰত জব্দ কৰা হয় বৃহৎ পৰিমানৰ বিস্ফোৰক। গোপন সূত্ৰৰ পমখেদি অভিযান চলোৱাৰ পাছত আইটিবিপিয়ে জব্দ কৰে বিস্ফোৰকখিনি।

২১. আহমেদাবাদত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। বহু কেইটা কাৰ্যসূচীত অংশ লয় তেওঁ।

২২. বুধবাৰে নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক। ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ'ব।

২৩. মধ্যপ্ৰদেশত আকৌ ২৪৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২৫৯৯৬৯জনলৈ পাইছে বৃদ্ধি।

২৪. ইউক্ৰেইনত মঙলবাৰে গৈ পাই ভাৰতত নিৰ্মাণ কৰা কোভিড ভেকচিন। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই কথা ঘোষণা কৰে।

২৫. বিজেপি নেতা ৰাকেশ সিঙক গ্ৰেপ্তাৰ কৰে কলকাতা আৰক্ষীয়ে। পূৰ্ব বৰ্ধমান জিলাৰ গালছীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in