১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ২৫ মাৰ্চৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা আৰম্ভ হ'ব। প্ৰথম দিনাই অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা। ৮ এপ্ৰিলত অন্ত পৰিব পৰীক্ষা।

২. উত্তৰ-পূব দিল্লীত অব্যাহত উত্তপ্ত পৰিস্থিতি। দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ দিয়া হৈছে হিংসাত্মক ঘটনা সংঘটিত কৰা লোকক।

৩. ৰাষ্ট্ৰপতি ভৱনত মঙলবাৰে আয়োজন কৰা হয় নৈশ ভোজনৰ। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ লগতে ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্পৰ আগমনৰ উপলক্ষ্যে আয়োজন কৰা হৈছিল এই ভোজনৰ।

৪. 'উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে বুধবাৰে বন্ধ ৰখা হ'ব সকলো বিদ্যালয়।'- এই ঘোষণা উপ মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াৰ।

৫. নগাঁও অসামৰিক চিকিৎসালয়ৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ড। হৰিজন কলনিৰ আৱাস গৃহ জ্বলি ছাৰখাৰ।

৬. জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানকালত গ্ৰেপ্তাৰ কৰা হয় দুটা সন্ত্ৰাসবাদীক।

৭. ছত্তীশগড়ৰ বিজাপুৰত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ গুলীবৰ্ষণ। মাওবাদীৰ গুলীত আহত এজন নিৰাপত্তাৰক্ষী।

৮. দিল্লীত অব্যাহত আছে উত্তেজনা। বৰ্তমানলৈ ১০জনকৈ লোক নিহত এই হিংসাত্মক ঘটনা।

৯. মুম্বাই আৰক্ষীয়ে প্ৰায় ৩০-৩৫জন লোকৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। সোমবাৰে মেৰিন ড্ৰাইভত কা আৰু এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে ৰুজু কৰা হৈছে গোচৰ।

১০. 'দিল্লীত কিয় এনেকৈ হিংসাত্মক ঘটনা সংঘটিত হৈছে তাক আমি চিন্তিত হৈ পৰিছো।'- এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

১১. UPPLৰ সভাপতি দায়িত্ব ল'লে প্ৰমোদ বড়োৱে। ইউজি ব্ৰহ্মৰ স্থলাভিষিক্ত হ'ল এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো।

১২. কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব দিল্লীত। বুধবাৰে অনুষ্ঠিত হ'ব এই বৈঠক।

১৩. ইজিপ্তৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হোছনী মুবাৰকৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ।

১৪. ওড়িশ্যাত এটা মাওবাদীৰ আত্মসমৰ্পণ। ৰাজ্যখনৰ মালকানগিৰিত আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰে মাওবাদীটোৱে।

১৫. 'হেড কনিষ্টবল ৰতন লালে ত্যাগ কৰিছে দেশৰ বাবে। তেওঁক আমি গৌৰাৱান্বিত। আমি তেওঁৰ পৰিয়ালৰ সৈতে আছো।'- এই মন্তব্য দিল্লী আৰক্ষী আয়ুক্ত অমূল্য পাটনায়কৰ।

১৬. হায়দৰাবাদত গ্ৰেপ্তাৰ কৰা হয় চাৰিজন লোকক। প্ৰায় ১.৪০ কোটি টকা নগদ ধনসহ গ্ৰেপ্তাৰ কৰা হয় লোক কেইজনক।

১৭. অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কমিটীয়ে দিলে প্ৰতিবেদন। গৃহমন্ত্ৰী অমিত শ্বাহৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ল'লে প্ৰতিবেদন।

১৮. পুৱা ওড়িশ্যাৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হ্ৰাস পাই কিছু তাপমাত্ৰা।

১৯. ২৪ মাৰ্চত মুক্তি পাব নতুন হিন্দী ছবি সূৰ্যবংশী। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।

২০. দুদিনীয়া ভ্ৰমণসূচী সামৰণি আমেৰিকা অভিমুখে উৰা মাৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। দিল্লী বিমান বন্দৰৰ পৰা পত্নীসহ আমেৰিকালৈ উৰা মাৰে তেওঁ।

২১. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। মঙলবাৰে ৰাজ্যৰ কেবাস্থানতো সাব্যস্ত কৰা হয় প্ৰতিবাদ।

২২. বিহাৰত উপস্থিত মৰেচিয়াছৰ ৰাষ্ট্ৰপতি পৃথ্বিৰাজসিং ৰূপুন। মহাবোধী মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই তেওঁ।

২৩. ৰাজ্যসভাৰ খালী হ'বলগীয়া ৩ আসনৰ নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এখন আসনত বিজেপিয়ে প্ৰাৰ্থী দিয়াৰ লগতে এখনত প্ৰাৰ্থী দিব বিপিএফে।

২৪. 'প্ৰধানমন্ত্ৰী মোডী এজন শান্তি ব্যক্তি। কিন্তু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া ব্যক্তি তেওঁ।'- এই মন্তব্য কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।

২৫. 'দিল্লীৰ গুৰু তেজ বাহাদুৰ হাস্পতালত উপস্থিত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত আহত লোকসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ হাস্পতালত উপস্থিত হয় তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in