১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. বৃহস্পতিবাৰে কংগ্ৰেছৰ সংসদীয় দলৰ বৈঠক। আলোচনা হ'ব বহু গুৰুত্বপূৰ্ণ বিষয়।

২. 'শিৱসেনাৰ পৰা মুখ্যমন্ত্ৰী হ'ব লাগিব। এইটো মহাৰাষ্ট্ৰ ৰাইজে বিচাৰে।' সঞ্জয় ৰাউটে কৰিছে এই মন্তব্য।

৩. বিহাৰৰ জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। গ্ৰেপ্তাৰ ৪ জন লোক।

৪. পাম্পাত হাৰ্ট এটেক হৈ সবৰীমলালৈ যোৱা এগৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু। ৭৬ বছৰীয়া তীৰ্থযাত্ৰীগৰাকী আহিছিল মুম্বাইৰ পৰা।

৫. পুনেৰ কনধৰা পুলিচে গ্ৰেপ্তাৰ কৰিছে ৫জন লোকক। আৰ্থিক কাৰণত এজন লোকক শাৰাশাস্তি কৰাৰ অভিযোগ।

৬. 'বাহিৰৰ পৰা অহা কোনো নেতাক ভয় নকৰিব। এন আৰ চিক লৈ যিকোনো মন্তব্য কৰিব।' এই মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

৭. ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ পৰা নিৰ্দেশ পোৱাৰ পিছতে তৎপৰ হৈছে বাংগালুৰু প্ৰশাসন। ভাৰ্থুৰ হ্ৰদত যাতে কোনো লোকে আৱৰ্জনা পেলাব নোৱাৰে তাৰ বাবে এতিয়াৰে পৰা নজৰ দিব মাৰ্ছেলে।

৮. জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীয়ে হত্যা কৰে পশ্চিমবংগৰ খেতিয়কসকলৰ আত্মীয়ক মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সাক্ষাৎ। পৰিয়ালৰ লোকক সাক্ষাৎ কৰে মন্ত্ৰীগৰাকীয়ে।

৯. জম্মু-কাশ্মীৰৰ কৃষ্ণা ঘাটি চেক্টৰত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন। বিয়লিৰ ভাগত যুদ্ধ বিৰতি উলংঘন কৰে পাকিস্তানে।

১০. দিল্লীত বুধবাৰে অনুষ্ঠিত হয় ভাৰত আৰু উজবেকিস্তানৰ মাজত দ্বি-পাক্ষীক বৈঠক। বৈঠকৰ অন্তত উজবেকীস্তানৰ মন্ত্ৰী পুলত বব'জন'ভে সম্বৰ্ধনা জনায় ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহক।

১১. চাকৰি নিয়মীয়াকৰণৰ দাবীত বুধবাৰে কাহিলীপাৰাত উত্তাল প্ৰতিবাদ সংযোগী শিক্ষা কৰ্মীৰ। বিশেষ টেট অনুষ্ঠিত কৰি নিযুক্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে।

১২. 'CABক লৈ কেৱল সংবাদমাধ্যমতহে চৰ্চা, আন ক'তোৱেই শুনিবলৈ নাপাও।' এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

১৩. এবাৰ হৈ যোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন অনৰ্থক কৰি আকৌ এবাৰ একেখিনি কাম কৰাতো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই মন্তব্য বৰপেটাৰ সাংসদ আব্দুল খালেকৰ।

১৪. জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ সন্মুখীন বন্যহস্তীৰ। ২৪ ঘণ্টাত ৰংজুলিত প্ৰাণ গ'ল দুটাকৈ বন্যহস্তীৰ।

১৫. সংসদৰ চলিত শীলকালীন অধিৱেশনতে গৃহীত হ'ব CAB। ৰাজ্যজুৰি বুধবাৰে কেবাটাও সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ।

১৬. ২০২০ চনৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব অৰুন্ধতী স্বৰ্ণ আঁচনি। আঁচনিখন মুকলি কৰি ইয়াৰ জৰিয়তে সদ্যবিবাহিত কন্যাই এক তোলা সোণৰ মূল্য লাভ কৰিব বুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

১৭. নিহত ব্যৱসায়ী ওমপ্ৰকাশ আগৰৱালাৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য। ব্যৱসায়ীজনৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ ৫ লাখ টকা ঘোষণা।

১৮. খানাপাৰাত মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকাৰ প্ৰতিবাদ। বুধবাৰে উত্তাল কৰি তোলে পৰিৱেশ। মধ্যাহ্ন ভোজনৰ দায়িত্ব এনজিঅ'ৰ পৰা সম্পূৰ্ণৰূপে আতৰোৱাৰ দাবী।

১৯. 'সমগ্ৰ দেশৰ বাবে হ'ব এখনেই NRC।' ৰাজ্যসভাত ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

২০. মহাৰাষ্ট্ৰত উদ্ধাৰ তিনিটা বাঘ। ৰাজ্যখনৰ শিৰুৰৰ পৰা উ্দ্ধাৰ কৰা হৈছে বাঘ কেইটা।

২১. কংগ্ৰেছ এন চি পি বৈঠকত বহিব। তাৰ পৰা কংগ্ৰেছ-শিৱসেনা-এনচিপি বৈঠকত বহিব। কংগ্ৰেছৰ নেতা পৃথ্বীৰাজ শাৱণে এই মন্তব্য কৰিছে।

২২. আমাৰ প্ৰয়োজন নাই। জনতা দল ইউনাইটেদে নিজে নিৰ্বাচন খেলিছে। ঝাৰখণ্ডৰ নিৰ্বাচনৰ প্ৰচাৰ সম্পৰ্কত এই মন্তব্য বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ।

২৩. নৰেন্দ্ৰ মোডীক সাক্ষাৎ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ। টনি এবটে মোডীক সাক্ষাৎ কৰি কেইবাটাও বিষয় আলোচনা কৰে।

২৪. উচ্চ শিক্ষা প্ৰতিষ্ঠানত ২৬ নৱেম্বৰত পালন কৰিব লাগিব সংবিধান দিৱস। ইউ জি চিয়ে দিছে নিৰ্দেশ।

২৫. ব্যক্তিগত কৰণ নহয় এন আৰ এল। কেন্দ্ৰীয় কেবিনেটে বুধবাৰে গ্ৰহ কৰিলে এই সিদ্ধান্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in