১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. কেৰালাৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত অব্যাহত। বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ মধুৰস্থিত বিনায়ক মন্দিৰৰ চৌহদ বানৰ তলত।

২. 'ধোনীয়ে কেতিয়া অৱসৰ ল'ব তাক লৈ ইমান চৰ্চা হোৱাটো ভাল কথা নহয়। তেওঁ যেতিয়া বিচাৰিব অৱসৰ ল'ব। সেয়া তেওঁৰ সিদ্ধান্ত।'- এম এছ ধোনীৰ বন্ধু তথা বিজনেছ পাটনাৰ এ পাণ্ডেয়ে কৰে এই মন্তব্য।

৩. কেৰালাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ২০ আৰু ২১ জুলাইত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা।

৪. মহাৰাষ্ট্ৰৰ মালাদত খহি পৰা দেৱালৰ ফলত বৰ্তমানলৈ ৩১জন লোকৰ মৃত্যু। ২ জুলাইত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত খহি পৰিছিল দেৱালখন।

৫. বিহাৰৰ পাচৰুখী গাঁৱত গা ধুবলৈ গৈ মৃত্যু চাৰিটি শিশুৰ। শিশু কেইটিৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ।

৬. 'মই শীলা দীক্ষিতক ৰাজনীতিত ভৰি দিয়াৰ আগৰ পৰাই চিনি পাওঁ। তেওঁৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি।'- এই মন্তব্য প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ।

৭. বাংগালুুৰুৰ পঞ্চতাৰকা হোটেল তাজ ভিভান্টাত উপস্থিত কৰ্ণাটকৰ কংগ্ৰেছ বিধায়ক ছিদ্দাৰামায়াহ আৰু উপ মুখ্যমন্ত্ৰী জি পৰমেশ্বৰা। গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় দুয়োগৰাকী জ্যেষ্ঠ নেতাই।

৮. 'মোৰ মাতৃয়ে শেষ নিশ্বাস ত্যাগ কৰিলে। বহুত দুখ লাগিছে আজি মোৰ। সকলোৱে কৈছে যে, দিল্লীৰ উন্নতি সাধন কৰাত তেওঁৰ অভূতপূৰ্ব ভূমিকা আছিল।'- এই মন্তব্য শীলা দীক্ষিতৰ পুত্ৰ সন্দিপ দীক্ষিতৰ।

৯. কৰ্ণাটকৰ বিজেপি বিধায়ক এছ আৰ বিশ্বনাথে শনিবাৰে খেলে ক্ৰিকেট। ৰামাডা হোটেলৰ চৌহদত খেলে বিধায়কগৰাকীয়ে ক্ৰিকেট।

১০. দেওবাৰে সোণভাদ্ৰালৈ ৰাওনা হ'ব উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ। সোণভাদ্ৰাৰ গুলীচালনাৰ ঘটনাত নিহত ১০জন লোকৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী আদিত্য নাথে।

১১. দিল্লীৰ ৰাজ্য চৰকাৰে দুদিনৰ বাবে শোক দিৱস পালন কৰিব। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ মৃত্যুৰ পাছত লোৱা হয় এই সিদ্ধান্ত। এই কথা জনায় দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিছডিয়াই।

১২. অভিনেতা এজাজ খানক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ। ধৰ্ম বিৰোধী ভিডিঅ' প্ৰস্তুত কৰাৰ অভিযোগত তেওঁক পঠিওৱা হয় ন্যায়িক জিম্মালৈ।

১৩. দিল্লীৰ নন্দ নগৰী এলেকাত শনিবাৰে পুৱা প্ৰায় ৫ বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত দুজন লোক। ইফালে, আহত আন দুজন।

১৪. 'আমি মোডী চৰকাৰক বিহাৰৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্যাৰ্তৰ বাবে ১০হাজাৰ কোটি টকা মুকলি কৰিবলৈ অনুৰোধ জনাইছো।'- সংবাদমাধ্যমৰ আগত এই মন্তব্য আৰ জে ডি নেতা তেজশ্বী যাদৱ।

১৫. কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মিলিত হয় বিজেপি নেতা বিশ্বভূষণ হৰিচন্দনৰ সৈতে। হৰিচন্দনক অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ বাবে অভিনন্দন জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

১৬. অসমত বান পৰিস্থিতি অপৰিৱৰ্তিত। শনিবাৰলৈ বৰপেটা জিলাত ৬০০ৰো অধিক গাঁও বানত প্লাবিত। বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতি।

১৭. উত্তৰ গোৱা আৰু দক্ষিণ গোৱাত আগন্তুক চাৰিদিন ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। এই কথা জনায় ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।

১৮. ধুবুৰীৰ অস্থায়ী কাৰাগাৰৰ পৰা পলায়ন কৰা এটা কয়দীক আটক আৰক্ষীৰ। ৫৬ ঘণ্টা অভিযান চলাই আৰক্ষীয়ে আটক কৰা কয়দীটো হাফিজুৰ ৰহমান ওৰফে ছাইফুদ্দিন।

১৯. বানপানীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হোৱা জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি। ১২৯ টা বন্যপ্ৰাণীয়ে বানপানীৰ বাবে হেৰুৱালে প্ৰাণ।

২০. মধ্যপ্ৰদেশত এটা চোৰৰ মৃত্যু। এটা ময়ুৰ চৰাই চুৰি কৰাৰ পাছত ৰাইজৰ গণপ্ৰহাৰত মৃত্যু হয় চোৰটোৰ। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

২১. তিনিখন ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি। আনন্দীবেন পেটেলক উত্তৰপ্ৰদেশৰ, জগদীপ ধানখাৰক পশ্চিমবংগৰ আৰু ৰমেশ বেইছক ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয় শনিবাৰে।

২২. দৰ্শকে আদৰি লৈছে হৃতিক ৰোশ্বনৰ নতুন হিন্দী ছবি 'ছুপাৰ ৩০'। শনিবাৰৰ পৰা উত্তৰপ্ৰদেশৰ চৰকাৰে ৰাজ্যখনত ছবিখন টেক্স ফ্ৰী ঘোষণা কৰে।

২৩. ১৫ আগষ্ট ভাৰতীয় ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি বাটলাৰ হাউছ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে।

২৪. ওড়িশ্যাৰ মাগুৰা গাঁওস্থিত এখন বিদ্যালয়ত বিস্ফোৰণ। বিস্ফোৰণত গুৰুতৰভাৱে আহত দুজন ছাত্ৰ। আহত ছাত্ৰদ্বয়ক ভৰ্তি কৰা হৈছে স্থানীয় চিকিৎসালয়ত।

২৫. তেলেংগানাত শোকাৱহ ঘটনা। এটি ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰৰ আত্মহত্যা। বিদ্যালয়ৰ ক্লাছ লিডাৰশ্বীপ নিৰ্বাচনত জয়ী নোহাৱাৰ বাবে আত্মহত্যা কৰে ছাত্ৰজনে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in