১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব পদত নিযুক্তি আশুতোষ অগ্নিহোত্ৰী। ৫ বছৰৰ বাবে ডেপুটেশ্যনত অসম-মেঘালয়ৰ কেডাৰজন।

২. দিছপুৰৰ ছুপাৰ মাৰ্কেটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ। এটা .22 পিষ্টল, ৩জাঁই সক্ৰিয় গুলী জব্দ।

৩. সম্মুখত দিল্লীৰ বিধানসভা নিৰ্বাচন। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু ৰাজনৈতিক দলসমূহ। সোমবাৰে কংগ্ৰেছে ঘোষণা কৰে ৭জন প্ৰাৰ্থীৰ নাম।

৪. তামিলনাডুত 'কা'ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। ২ ফেব্ৰুৱাৰীত আইনখনৰ বিৰুদ্ধে সাব্যস্ত কৰিব লগা ৰেলী উলিওৱা হ'ব ৰাজ্যখনৰ মুছলমান ধৰ্মালম্বী লোকসকলে।

৫. 'আমি কা, এন আৰ চি আৰু এন পি আৰৰ বিৰোধিতা কৰিম।'- এই মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙৰ।

৬. নিয়ামেত উপস্থিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড- এছ জয়শংকৰ। প্ৰথমবাৰলৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী গৈছে নিগাৰ নিয়েমালৈ।

৭. দিল্লীৰ শ্বাহিনবাগত উপস্থিত কংগ্ৰেছ নেতা দিগ্বিজয় সিং। কা বিৰোধী আন্দোলনত অংশ লয় কংগ্ৰেছ নেতাগৰাকীয়ে।

৮.উত্তৰপ্ৰদেশৰ নইডাত অদ্ভূত কাণ্ড। এজন আৰক্ষী জোৱানে চুৰি কৰে গাখীৰৰ পেকেট। চিচিটিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য।

৯. ক্ৰমাৎ সুস্থ হৈ উঠিছে চাবুৱাৰ আৰ্চাৰ শিৱাংগিনী গোহাঁই। অহা ২৩ জানুৱাৰীত অসমলৈ উভতিব শিৱাংগিনী।

১০. দিল্লীৰ ৰাজৌৰীত ভয়ংকৰ অগ্নিকাণ্ড। এখন দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

১১. 'উত্তৰপ্ৰদেশ বৰ্তমান অপৰাধৰ ক্ষেত্ৰত প্রথম স্থানত আছে।'- এই মন্তব্য সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ।

১২. মণিপুৰৰ ইম্ফলত গ্ৰেপ্তাৰ ২ আত্মগোপন কৰি থকা কেডাৰক। আছাম ৰাইফলে গ্ৰেপ্তাৰ কৰে দুয়োকে।

১৩. দিল্লীত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত । বৈঠকত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো।

১৪. মাংগালুৰু বিমান বন্দৰত উদ্ধাৰ আই ই ডি। উদ্ধাৰ হোৱা আই ই ডিখিনি এখন মুকলি ফিল্ডত নিষ্ক্ৰিয় কৰা হয়।

১৫. বৰপেটাত পুনৰ ভয়াৱহ নাও দুৰ্ঘটনা। এইবাৰ কপাহতলী চৰত ব্ৰহ্মপুত্ৰত নাও বুৰি এটি শিশুৰ মৃত্যু হোৱাৰ উপৰিও ছজন এইপৰ্যন্ত নিখোঁজ হৈ আছে।

১৬. 'যিসকলক ২০১৯ৰ লোকসভা নিৰ্বাচনত দেশবাসীয়ে নাকচ কৰিছিল তেওঁলোকেই 'কা' সন্দৰ্ভত অপপ্ৰচাৰ বিয়পাই আছে।'- এই মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ।

১৭. ২৪ জানুৱাৰীত মুক্তি পাব নতুন হিন্দী ছবি ষ্ট্ৰীট ডেন্সাৰ ৩। ছবিখনত মুখ্য চৰিত্ৰ আছে অভিনেতা বৰুণ ধৱন আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ।

১৮. দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে আউনীআটী সত্ৰৰ উদ্যোগত ভাওনা মহোৎসৱ। ১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা অংশগ্ৰহণ কৰিব ২৮ টা দলে।

১৯. '৭০-৮০লাখ মুছলমানক অসমৰ পৰা খেদাৰ পৰিকল্পনা কৰিছে চৰকাৰে।' বদৰুদ্দিন আজমলৰ বিস্ফোৰক ভাষ্য।

২০. ৪টাকৈ স্বৰ্ণ জয় কৰা শিৱাংগীয়ে 4×100 মিটাৰ মেডলীত পালে ৰূপ। খেলো ইণ্ডিয়াত এইপৰ্যন্ত অনূৰ্ধ্ব ২১ শাখাৰ সাঁতোৰত ৪টা স্বৰ্ণসহ দুটা ৰূপ জয় শিৱাংগীৰ।

২১. ৰাজ্যত অব্যাহত আছে CAA বিৰোধী প্ৰতিবাদ। সোমবাৰৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে জনতাই।

২২. ই ডি কাৰ্যালয়ত সোমবাৰে উপস্থিত কংগ্ৰেছ সাংসদ তথা পি চিদাম্বৰামৰ পুত্ৰ কাৰ্তি চিদাম্বৰাম। আই এন এক্স মিডিয়া কেলেংকাৰী সন্দৰ্ভত কৰা হয় তেওঁক সোধ-পোছ।

২৩. ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু বাইকৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত দুজন লোক। দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰা হয়।

২৪. বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক নিৰ্বাচিত। দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত তেওঁক দিয়া হয় এই নিযুক্তি।

২৫. যোৰহাটৰ চেলেংহাটত 'গণ গৰ্জন।' 'ৰূপহী অসম'ৰ আৰ্হিত মানৱ শৃংখল প্ৰতিবাদকাৰীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in