১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে টেলিফোন যোগে বাৰ্তালাপ কৰে ইউনাইটেড কিংগডমৰ বৰিছ জনছনৰ সৈতে। বহু গুৰুত্বপূৰ্ণ বিষয়ত টেলিফোনযোগে আলোচনা কৰে দুয়োখন ৰাষ্ট্ৰৰ প্ৰতিনিধিদ্বয়ে।

২. চিবিআইয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰামৰ বাসগৃহৰ বাহিৰত ওলমালে এখন জাননী। দুঘণ্টাৰ ভিতৰত চিবিআইৰ আগত হাজিৰ হোৱাৰ নিৰ্দেশ।

৩. কৰ্ণাল জিলাৰ যমুনা নৈৰ বাঢ়নী পানীৰ মাজত আৱদ্ধ ৯জন লোকক মঙলবাৰে উদ্ধাৰ। ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বৃদ্ধি পাই নদীখনৰ জলপৃষ্ঠ।

৪. পুনেৰ আম্বে গাঁৱত পিঞ্জৰাৱদ্ধ এটা নাহৰফুটুকী। বন বিভাগৰ লোকে নাহৰফুটুকীটো পিঞ্জৰাৱদ্ধ কৰি এৰি দিয়ে সুৰক্ষিত স্থানত।

৫. কৰ্ণাটক বিজেপিৰ নতুন সভাপতি নিযুক্তি। নালীন কুমাৰ কাটিলক নিযুক্তি দিয়া হয় কৰ্ণাটক বিজেপিৰ নতুন সভাপতি হিচাপে।

৬. স্পেচিয়েল ক'ৰ্টে মঙলবাৰে ব্যৱসায়ী ৰাতুল পুৰীক ই ডিৰ জিম্মাত পঠিয়াই। ৬দিনৰ বাবে ই ডিৰ জিম্মাত থাকিব ব্যৱসায়ীজন। বেংকৰ ৩৫৪ কোটি টকা কেলেংকাৰৰ গোচৰত অভিযুক্ত পুৰী।

৭. জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ। সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী আহত হোৱাৰ সন্দেহ।

৮. কৰ্ণাটকৰ চন্দাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে দেৱালত।

৯. মধ্যপ্ৰদেসৰ পাৱাই ৰেল ষ্টেচনত শোকাৱহ ঘটনা। ভৰি পিচলি ৰে'ল লাইনত পৰাৰ পাছত ষ্টেচনলৈ আহি থকা এখন ৰেলৰ খুন্দাত মৃত্যু হয় ষ্টেচনটো মাষ্টৰ প্ৰমোদ পানছাৰীয়াৰ।

১০. হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দুজনক আটক। প্ৰায় ৩,৫০,০০০ ছৌদি আৰবীয়ান ৰিয়াল জব্দ কৰা হয় লোক কেইজনৰ পৰা।

১১. ব্ৰাজিলত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণ। দুৰ্বৃত্তৰ দলে আৱদ্ধ কৰি ৰাখে ১৮খনকৈ বাছ।

১২. জম্মু বিমান বন্দৰত ৰাজ্যসভাৰ বিৰোধী নেতা গুলাম নবী আজাদক আৱদ্ধ কৰি ৰখা হয়। আবেলি বিমান বন্দৰৰ পৰাই পুনৰ দিল্লীলৈ ঘূৰাই পঠিওৱা হয় তেওঁক।

১৩. মঙলবাৰে উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে সাক্ষাৎ কৰে লাটভিয়াৰ ৰাষ্ট্ৰপতি এগিলছ লেভিটছক। ৰিগাত সাক্ষাৎ কৰে তেওঁক।

১৪. জম্মু-কাশ্মীৰত মঙলবাৰে পাক সেনাৰ যুদ্ধবিৰতি উলংঘা। ভাৰতীয় সেনা জোৱানেও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ। পাক সেনাৰ গুলীত নিহত ভাৰতীয় সেনাৰ জোৱান ৰবি ৰঞ্জন কুমাৰ সিং।

১৫. ওড়িশ্যাৰ ভূৱনেশ্বৰত মঙলবাৰে আটক এজন লোকক। লোকজনৰ পৰা উদ্ধাৰ এডাল বিষাক্ত সাপ।

১৬. উত্তৰাখণ্ডৰ পিঠুৰাগড়ত উদ্ধাৰ এটি নাহৰফুটুকীৰ পোৱালি। বন বিভাগে নাহৰফুটুকীৰ পোৱালিটো উদ্ধাৰ কৰি লৈ যায় সুৰক্ষিত স্থানলৈ।

১৭. তামিলনাডুৰ কইম্বাট'ৰত ভয়ংকৰ ঘটনা। এটা নিৰ্মীয়মান অট্টালিকা খহি পৰাৰ ফলত গুৰুতৰভাৱে তিনিজন শ্ৰমিক আহত। আহত শ্ৰমিক কেইজনক হাস্পতালত ভৰ্তি।

১৮. উত্তৰাখণ্ডৰ উত্তৰাকাশীত উপস্থিত মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱট। বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৯. প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মঙলবাৰে ৭৫ সংখ্যক জন্মদিন। জন্মদিনত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাৱিছে।

২০. নগাঁৱত মঙলবাৰে উদ্ধাৰ প্ৰায় ১৫ ফুট দীঘল এডাল অজগৰ। বন বিভাগে অজগৰডালক উদ্ধাৰ কৰি এৰি দিয়ে অৰণ্যৰ মাজত।

২১. ৭ ছেপ্টেম্বৰত চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান-২ৰ লেণ্ডাৰ। ইছৰ'ৰ মুৰব্বী কে শিৱানে জনাই এই কথা।

২২. ১৩ ছেপ্টেম্বৰত ভাৰতৰ ছবিগৃহত মু্ক্তি পাব নতুন হিন্দী ছবি ড্ৰীম গাৰ্ল। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুড়ানাই।

২৩. ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে মঙলবাৰে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোডীক। দিল্লীৰ কাৰ্যালয়ত সাক্ষাৎ কৰে তেওঁক।

২৪. উত্তৰাখণ্ডৰ বিভিন্ন স্থানত বানৰ তাণ্ডৱ অব্যাহত । বন্যাৰ্তসকলৰ মাজত খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ বাবে উদ্ধাৰকাৰী দলসমূহক সহায় কৰিছে ভাৰতীয় বায়ু সেনা বাহিনীয়ে । হেলিকপ্টাৰযোগে প্ৰদান কৰে সাহায্য।

২৫. বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ। সংঘৰ্ষত আহত ৩জনকৈ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in