১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. বটদ্ৰৱাত স্কুটী চলাই আঙুৰলতা 'বিজয় সংকল্প ৰেলী'। শনিবাৰে যুৱমৰ্চাৰ কৰ্মকৰ্তাৰ সৈতে বিজয় সংকল্প ৰেলীত অংশ ল'লে বিধায়িকাগৰাকীয়ে।

২.  তিতাবৰৰ দুই আবকাৰী বিষয়াক নিলম্বন। আবকাৰী পৰিদৰ্শক তপেশ্বৰ ডেকা আৰু সহকাৰী আবকাৰী পৰিদৰ্শক দুলাল বৰাক নিলম্বন। সুৰা ট্ৰেজেডীৰ ঘটনাৰ পিছতে নিলম্বন আবকাৰী বিষয়া দুগৰাকীক।

৩. বাক্সাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। ঘৰত কোনো নথকা অৱস্থাত এজন বিবাহিত লোকে অপহৰণ কৰে এগৰাকী স্কুলীয়া ছাত্ৰীক। অপহৰণৰ পাঁচ দিন পিছতো কোনো শুংসূত্ৰ নাই ছাত্ৰীগৰাকীৰ।

৪. শনিবাৰে আবকাৰী আয়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ যুঁজাৰু দ্য ফাইটাৰ্ছৰ। অবৈধ সুৰা ব্যৱসায়ীক কৰায়ত্ত কৰা, লালিগুড়ৰ অবৈধ ব্যৱসায় বন্ধ কৰা আদিকে ধৰি কেইবাটাও দাবীত প্ৰতিবাদ সাব্যস্ত।

৫.  নলবাৰীৰ জাগাৰাত জব্দ বহু পৰিমাণৰ ড্ৰাগছ। এখন গাড়ীৰে আনি থকা অৱস্থাত ড্ৰাগছখিনি জব্দ কৰে বেলশৰ আৰক্ষীয়ে। ড্ৰাগছসহ দুজনক আটক কৰিছে আৰক্ষীয়ে।

৬. অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত মহকুমা সমিতিৰ সভাপতি দেৱকান্ত গগৈৰ আকস্মিক মৃত্যু৷ শনিবাৰে হঠাতে অসুষ্ঠ হৈ পৰা গগৈক চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে জাতীয়তাবাদী নেতাগৰাকীয়ে৷

৭.  'প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত লৈছে যে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে হ'ব লাগিব যুদ্ধ।' শনিবাৰে এই মন্তব্য কৰে গৃহমন্ত্ৰী ৰাজনাথ সিঙে।

৮.  গুৱাহাটীত হিন্দুস্তান নিৰ্মাণ দলৰ কাৰ্যকৰ্তা সন্মিলন। অনুষ্ঠানত অংশগ্ৰহণ কৰি দলটোৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰবীণ ভাই টোগাড়িয়াই ক'লে – আমি অসমৰ পৰা বাংলাদেশী মুক্ত কৰিম, এটাও বাংলাদেশীক থাকিবলৈ নিদিওঁ অসমত।

৯. তেজপুৰত নতুন ISBTৰ আধাৰশিলা স্থাপন। আধাৰশিলা স্থাপন কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ২৮.৬ কোটি টকা ব্যয়েৰে ধনুৱানগৰ (মাজগাঁও) তিনিআলিত ১৫ বিঘা ভূমিত নিৰ্মাণ হ'ব আন্তঃৰাজ্যিক বাছ আস্থান।

১০.  গোলাঘাটত পুনৰ ৩ সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ। মিঠানল বিক্রী কৰা মূল অভিযুক্ত আব্দুল কাছিমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সুৰা প্ৰস্তুতকাৰী সৰ্বানন্দ গগৈ আৰু ঘন গগৈ নামৰ আন দুজনকো গ্ৰেপ্তাৰ। এইপৰ্যন্ত মুঠ ৩৭জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

১১. নাগালেণ্ডত কয়লা খনিত কৰ্মৰত অৱস্থাত ৪ শ্ৰমিকৰ মৃত্যু। য়ংলক ফিচিংপানীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। নিহত শ্ৰমিককেইজনৰ নাম কৃষ্ণ গগৈ, টুটু নেওল আৰু ধনেশ্বৰ বুলি জানিব পৰা গৈছে। জানিব পৰা হোৱা নাই আনজনৰ নাম।

১২.  ৰে'ল আৰক্ষীয়ে অব্যাহত ৰাখিছে অবৈধ সুৰা বিৰোধী অভিযান। শনিবাৰে গুৱাহাটীৰ নাৰেংগীত ৰে'ল আৰক্ষীয়ে জব্দ কৰিলে ১০০ লিটাৰৰো অধিক দেশীয় সুৰা।

১৩.  চামগুৰিৰ উদমাৰীত দেশীয় সুৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। উদমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ।

১৪. উত্তৰ নাইজেৰিয়াত এক ৰাজহুৱা স্থানত দুৰ্বৃত্তৰ গুলীচালনা। নিহত হয় ৩২জন নাগৰিক।

১৫. নেপালত শনিবাৰে সংঘেটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত হয় ১১জন লোক।

১৬. অসম-নাগালেণ্ড সীমান্তৰ গেলেকী বনাঞ্চলত পুনৰ নগাৰ বেদখল৷ নগা দুৰ্বৃত্তই জ্বলাই ধ্বংস কৰিলে গেলেকী বনাঞ্চলৰ এশ বিঘাৰো অধিক এলেকা।

১৭. 'পাকিস্তানে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি নিজৰ লগতে মানৱতাক তললৈ নমাইছে।' শনিবাৰে এক সংবাদমেলত এই মন্তব্য উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ।

১৮. 'বিপদজনক সময়ত যিকোনো পৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ভাৰতীয় সেনা।' শনিবাৰে এই মন্তব্য কৰিলে সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটে।

১৯. 'সমগ্ৰ বিশ্বতে এতিয়া অভিনন্দন শব্দৰ অৰ্থই সলনি হৈছে।' শনিবাৰে এক অনুষ্ঠানত এনেদৰে ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

২০. এতিয়াৰে পৰা বায়ু সেনা আৰু নৌ সেনা প্ৰধানক প্ৰদান কৰা হ'ব জেড প্লাছ ন্ৰাপত্তা। চৰকাৰে ঘোষণা কৰে এই কথা।

২১. শনিবাৰে ওধমপুৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত হয় ৬জন লোক।

২২. 'প্ৰধানমন্ত্ৰীৰ কাৰনে দেশলৈ ৰাফেল বিমান ক্ৰয় কৰি অনা পলম হৈছে।' শনিবাৰে এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

২৩. দেওবাৰে পাটনাত এনডিএৰ সংকল্প ৰেলী। অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

২৪. অহা ১৯ এপ্ৰিলত মুক্তি পাব অভিষেক বৰ্মনৰ পৰিচালনাত নিৰ্মাণ হোৱা ছবি কলঙ্ক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভাত আৰু বৰুণ ধাৱানে।

২৫. ৰাজ্যৰ ছবিগৃহত স গৌৰৱেৰে চলিছে অসমীয়া ছবি 'ককাইদেউ বিন্দাছ'। ছবিখন ছবিগৃহত মুক্তি পাইছিল ১ মাৰ্ছত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in