১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. শ্বিলং আৰু ইয়াৰে কাষৰীয়া এলেকাসমূহত সান্ধ্য আইন জাৰি।মঙলবাৰৰ পুৱা ৬ বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন।

২. ২৯ মাৰ্চৰ পৰা আৰম্ভ হ'ব আই পি এল ২০২০। চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ৰূপে খেলপথাৰত নামিব মহেন্দ্ৰ সিং ধোনী। সোমবাৰৰ পৰা আৰম্ভ কৰিছে অনুশীলন।

৩. কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে প্ৰতিদিনে। ফ্ৰান্সত সোমবাৰে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ তিনিজন লোকে হেৰুৱালে প্ৰাণ।

৪. ওদালগুৰি আৰক্ষীয়ে বিগত চাৰিদিনত চহৰখনৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৬৯ টা ড্ৰাগছ্ ভৰ্টি কণ্টেইনাৰ, খালী কণ্টেইনাৰসহ চিৰিঞ্জ, ড্ৰাগছ পেডলাৰ জব্দ কৰে। চহৰখনৰ বিভিন্ন প্ৰান্তৰ পৰা আসক্ত যুৱক, কলেজীয়া ছাত্ৰক আটক কৰে।

৫. চেন্নাই বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হয় এজন লোকক। প্ৰায় ডেৰ কেজি ওজনৰ সোণসহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

৬. নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি চিকিৎসাধীন কাঠমাণ্ডুৰ এখন চৰকাৰী চিকিৎসালয়ত। যক্কৃত সংস্থাপনৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছে তেওঁ।

৭. তামিলনাডুৰ চেন্নাইত গ্ৰেপ্তাৰ কৰা হয় এজন লোকক। ৭৩০০ ডলাৰ মূল্যৰ নকল নোটসহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

৮. 'বিশেষ চক্ৰই বিটিচি নিৰ্বাচনৰ পূৰ্বে গণ্ডগোল লগোৱাৰ চেষ্টা কৰিছে।' ১১খন কোৰাণ-৩খন হাদিছ জ্বলোৱা ঘটনাৰ বিৰোধিতা কৰি হাগ্ৰামা মহিলাৰীয়ে।

৯. নেশ্যনেল ইনষ্টিটিউট অৱ ক্ৰিমিন'ল'জী ফৰেনছিক ছাইঞ্চৰ নতুন সঞ্চালক নিযুক্তি। আই পি এছ বিষয়া নাছিৰ কামালক অৰ্পণ কৰা হয় এই দায়িত্ব।

১০. ডিমাপুৰৰ ক্ৰমাৎ শান্ত হৈছে পৰিস্থিতি। দেওবাৰে পাৰপত্ৰহীন ভাৱে নাগালেণ্ডত প্ৰবেশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা অসমৰ ৬৭ গৰাকী লোকৰ ভিতৰত ৯ গৰাকী ব্যক্তিক সোমবাৰে জৰিমনা অবিহনে ডিমাপুৰ আৰক্ষীয়ে মুকলি কৰি দিয়ে।

১১. 'আমি বৰ্তমানলৈ প্ৰায় ৩০০টা গোচৰ ৰুজু কৰিছো।'- দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত এই কথা সদৰী কৰে দিল্লীৰ পুলিচ কমিছনাৰ এছ এন শ্ৰীবাস্তৱে।

১২. হাৰিয়ানাত আৰক্ষীৰ জালত এটা ডকাইতৰ দল। আৰক্ষীয়ে লগতে উদ্ধাৰ কৰে বহু কেইটা অস্ত্ৰ-শস্ত্ৰ।

১৩. 'বিটিচিত দুৰ্নীতিৰে চৰকাৰ চলাইছে হাগ্ৰামাই, কোকৰাঝাৰ চহৰখনকে কিনি পেলাইছে হাগ্ৰামাই।' সোমবাৰে এই মন্তব্য কৰে প্ৰমোদ বড়োৱে।

১৪. দিল্লীত উপস্থিত ৰাছিয়াস্থিত ভাৰতৰ এম্বেছেদৰ নিকলায় ৰিশ্বাটোৱিক কুডাশ্বেভ। সোমবাৰে বিজেপিৰ অধ্যক্ষ জে পি নড্ডাক সাক্ষাৎ কৰে তেওঁ।

১৫. বকোৰ সোণতলী পানীখাইটিত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু। নিহত লোকজনৰ নাম হাছেন আলী(৫৫)।

১৬. 'অহা ১৪ মাৰ্চৰ পৰা কৃষকসকলৰ লাভাৰ্থে বহিঃৰাষ্ট্ৰলৈ পিঁয়াজ ৰপ্তানি কৰা হ'ব।'- এই কথা ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ।

১৭. তীব্ৰ জ্বৰ, পেট আৰু কঁকালৰ বিষ হোৱাৰ বাবে বিগত ৩ দিন ধৰি কাৰাগাৰৰ বিচনাৰ পৰা উঠিব পৰা নাই অখিল গগৈ। উন্নত চিকিৎসাৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

১৮ তেলেংগানা হস্তিনাপুৰামত ভয়ংকৰ ঘটনা। এজন ব্যক্তিয়ে পত্নী আৰু দুটি সন্তানক হত্যা কৰাৰ পাছত বাচি লয় আত্মহত্যাৰ পথ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

১৯. সোমবাৰৰ পৰা আৰম্ভ হ'ল অসম বিধানসভাৰ বাজেট অধিবেশন। প্ৰথম দিনাই উত্থাপন হ'ল কেবাটাও গুৰুত্বপূৰ্ণ বিষয়।

২০. দিল্লীত সংঘঠিত হিংসাত্মক ঘটনাত বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে কেইবাজনো। আৰক্ষীয়ে সৰ্বসাধাৰণৰ সুবিধাৰ্থে ৰাজ্যখনৰ ১৫খন জিলাত মুকলি কৰিছে হেল্প লাইন নম্বৰ।

২১. 'আমি ভাৰতবাসীক অনুৰোধ জনাইছো চীন, ইৰাণ, কোৰিয়া, ছিংগাপুৰ আৰু ইটালীলৈ ভ্ৰমণ নকৰিব।'- এই মন্তব্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনৰ।

২২. দিছপুৰত বিটিচিৰ নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক। বিজেপি নেতৃত্বৰে বৈঠকত মিলিত হয় বিপিএফ নেতৃত্ব।

২৩. ২৪ মাৰ্চত মুক্তি পাব নতুন হিন্দী ছবি 'সূৰ্যবংশী'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা অক্ষয় কুমাৰে।

২৪. বিটিচি নিৰ্বাচনত অকলে যুঁজিব বিজেপিয়ে। ব্ৰহ্মপুত্ৰ অতিথিশালাৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত বৈঠকত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

২৫. কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ সোমবাৰে উত্তাল হ'ল গহপুৰ। মহকুমাধিপতিৰ কাৰ্যালয় ঘেৰাও কৰে ৰাইজে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in