১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰতৰ হৈছে প্ৰতিবাদ। ডিব্ৰুগড়, কটন বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ কেবাখনো বিশ্ববিদ্যালয়ত নিষিদ্ধ হৈছে ৰাজনৈতিক নেতাৰ প্ৰৱেশ।

২. ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ হৈ থকাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ ক'লে, 'নাগৰিকত্ব সংশোধনী বিধেয়ক আহিলেও অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল শংকিত হ'ব নালাগে, মাটি-ভেঁটি-কৃষ্টি সম্পূৰ্ণৰূপে নিৰাপদ কৰি ৰখাৰ দায়িত্ব চৰকাৰৰ।'

৩. 'হিমন্ত বিশ্ব শৰ্মাৰ কথাত গুৰুত্ব দিব নালাগে।' সোমবাৰে এই মন্তব্য কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

৪. '১০ শতাংশ কটনিয়ানেহে প্ৰতিবাদ কৰিছে, ৯০ শতাংশ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত আছে।' নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ প্ৰসংগত এই মন্তব্য কৰিছে ৰাজ্যৰ বিজেপি সভাপতি ৰঞ্জিত দাসে।

৫. সোমবাৰে অসম দিৱস। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাউলুং চ্যুকাফাক সুঁৱৰিলে ৰাজ্যবাসীয়ে।

৬. দেশত পুনৰ বলাৎকাৰ কাণ্ড। বিলাসপুৰৰ গৌৰেলা এলেকাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ বলাৎকাৰ। বলাৎকাৰৰ পাছত পাষাণ কেইটাই প্ৰহাৰ কৰে কিশোৰীগৰাকীক।

৭. হায়দৰাবাদ বলাৎকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ। তেলেংগানাত সৰ্বসাধাৰণ ৰাইজে দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

৮. অমৃতসৰ বিমান বন্দৰত দুজন যাত্ৰীক আটক। প্ৰায় ১ কোটি টকাৰ সোণসহ আটক কৰা হয় দুয়োকে।

৯. হিমাচলপ্ৰদেশৰ মানালী-লেহ ঘাইপথত বৰফ জমা হোৱাৰ ফলত যান-বাহন চলাচল ব্যাহত। সোমবাৰে প্ৰশাসনে পথটোৰ পৰা বৰফ আঁতৰোৱাৰ বাবে কাম-কাজ আৰম্ভ কৰে।

১০. মঙলবাৰে অনুষ্ঠিত হ'ব বিজেপিৰ সংসদীয় দলৰ বৈঠক। সংসদৰ পুথিভঁৰাল অট্টালিকাত অনুষ্ঠিত কৰা হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকখন।

১১. বৃদ্ধি পাইছে পানী প্ৰদূষণ। সোমবাৰে চেন্নাইৰ মাৰিনা বীচ্ছত সাগৰীয়ে পানীত বিষাক্ত ফেন জাতীয় পদাৰ্থ পৰিলক্ষিত কৰে স্থানীয় লোকে।

১২. হায়দৰাবাদৰ বলাৎকাৰকাণ্ডৰ দোষীক মাৰি পেলাব লাগে বুলি অভিনেত্ৰী জয়া বচ্চনে কৰা মন্তব্যক সমৰ্থন জনালে টিএমচি সাংসদ মিমি চক্ৰৱৰ্তীয়ে।

১৩. জাপান ভ্ৰমণলৈ যাব নেতা প্ৰধান বিপিন ৰাৱাট। অহা ৩ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ জাপান ভ্ৰমণসূচীত যাব সেনা প্ৰধানগৰাকী।

১৪. ছণ্ডীগড় প্ৰদেশ মহিলা কংগ্ৰেছ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। হায়দৰাবাদৰ এগৰাকী চিকিৎসক যুৱতীৰ হত্যাকাণ্ডৰ দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত।

১৫. বাংগালুৰুৰ আয়কৰ কাৰ্যালয়ত হাজিৰ কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ। ধন আত্মসাতৰ এক গোচৰৰ সন্দৰ্ভত আয়কৰ কাৰ্যালয়ত উপস্থিত কংগ্ৰেছ নেতাগৰাকী।

১৬. নিৰ্ভয়া কাণ্ডৰ এজন দোষীয়ে বিচৰা ক্ষমা আৱেদন খাৰিজ কৰাৰ বাবে দাবী জনাইছে দিল্লী চৰকাৰে। সোমবাৰে সংবাদমাধ্যমৰ আগত এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

১৭. ছত্তীশগড়ৰ ৰায়পুৰত সোমবাৰে উদ্ধাৰ এটি শিশুসহ এগৰাকী মহিলাৰ মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

১৮. ভাৰতীয় মল্লযুঁজাৰু সুশীল কুমাৰে নতুন হিন্দী ছবি কমাণ্ড-৩ৰ এটা দৃশ্যক লৈ আপত্তি দৰ্শাই। ছবিখনত থকা মল্লযুঁজাৰুৰ এটা দৃশ্য বাস্তৱতকৈ বহু পৃথকভাৱে দেখুওৱা হৈছে বুলি মন্তব্য কৰে সুশীল কুমাৰে।

১৯. দেশত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইচে। অল ইণ্ডিয়া মহিলা সমস্ক্ৰুটিকা সংগঠনে ইয়াৰ বিৰুদ্ধে বাংলাগুৰুত সাব্যস্ত কৰিলে প্ৰতিবাদ।

২০. আলাছকাৰ এণ্ড্ৰিয়ন'ফ আৰু এলিটিয়ান দ্বীপ জোকাৰিলে ভূমিকম্পই। ৬.০ প্ৰাবল্যৰ ভূমিকম্পই অনুভূত হয় দ্বীপ দুটাত।

২১. মহাৰাষ্ট্ৰৰ গাডচিৰোলীত নিহত দুজন স্থানীয় লোক। মাওবাদীৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱালে দুয়োজন লোকে।

২২. তামিলনাডুৰ মেট্টুপালায়ামত খহি পৰিল এটা অট্টালিকা। অট্টালিকাটো খহি পৰাৰ ফলত প্ৰাণ হেৰুৱালে প্ৰায় ১৫জনকৈ লোকে।

২৩. পাটনাত নিয়ন্ত্ৰণহীন হৈ বাগৰিল এখন ট্ৰাক। এই দুৰ্ঘটনাত আহত হৈছে ট্ৰাকখনৰ চালক।

২৪. 'বিজেপি নেতৃত্বাধীন চৰকাৰত মহিলাসকল সুৰক্ষিত নহয়। তেওঁলোক শংকিত হৈ পৰিছে।'- এই মন্তব্য সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ।

২৫. মধ্যপ্ৰদেশৰ দেৱাছত কৃষক ৰাইজৰ প্ৰতিবাদ। ইউৰিয়াৰ লাভ নকৰাৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in