১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. পত্নী-পুত্ৰসহ হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন দাখিল । দিনৰ প্ৰায় ২.৩০ বজাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল ড০ শৰ্মাৰ।

২. দুদিনীয়া ভ্ৰমণসূচীৰে অসমত ৰাহুল গান্ধী। ডুমডুমাৰ বিশাল নিৰ্বাচনী সভাত অংশ ল'লে ৰাহুল গান্ধীয়ে। মোডীৰ দৰে মোৰ মিছা কোৱাৰ অভ্যাস নাইঃ ৰাহুল গান্ধী

৩. বিহপুৰীয়াত অমিয় কুমাৰ ভূঞাৰ হৈ প্ৰচাৰ চলালে অভিনেতা যতীন বৰাই।

৪. তিনিদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতলৈ আহিব আমেৰিকাৰ প্ৰতিৰক্ষা সচিব। শুকুৰবাৰে ভাৰতত উপস্থিত হ'ব প্ৰতিৰক্ষা সচিব গৰাকী ।

৫. ২০ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পুনৰ অসমলৈ আহিব । ২০ মাৰ্চত মোডীয়ে চাবুৱাত এক জনসভা সম্বোধন কৰা কথা । ২১ মাৰ্চত মোডীয়ে বোকাখাতত, ২৪ মাৰ্চত বিহপুৰীয়াত আৰু ২৮ মাৰ্চত চিলাপথাৰত সম্বোধন কৰাৰ কথা ।

৬. পুনৰ ভয়াবহ ৰূপ লৈছে কোৰোনাই । যোৱা ২৪ ঘন্টাত দেশত ৪০ সহস্ৰাধিক লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।মহাৰাষ্ট্ৰ,পঞ্জাব,কেৰেলা,কৰ্ণাটক,গুজৰাটত এটা দিনতে বহু সংখ্যক লোক আক্ৰান্ত হৈছে কোভিড ১৯ত ।

৭. বিশিষ্ট সাহিত্যিক সন্তোষ কুমাৰ কৰ্মকাৰ অসুস্থ । শিবসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গৰাকীয়ে অসমীয়া সহিত্যৰ বাবে ওৰেটো জীৱন উছৰ্গা কৰিলে ।

৮. গহপুৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত যুৱতী হ'ল ৰিপুন বৰাৰ কন্যা । নাম তেওঁৰ সংঘামিত্ৰা বৰা । এতিয়া ৰিপুন বৰাৰ হৈ গহপুৰত এতিয়া সংঘামিত্ৰাই চলাইছে জোৰদাৰ প্ৰচাৰ । কেবল কন্যাই নহয় ৰিপুন বৰাৰ পুত্ৰ সিদ্ধাৰ্থও ব্যস্ত হৈ পৰিছে পিতৃৰ নিৰ্বাচনত ।

৯. মহাজোঁট বন্ধনৰ সিদ্ধান্ত মানি লব বুলি সংবাদমেলত মন্তব্য কংগ্ৰেছৰ বিধায়ক ড০ মতিউৰ ৰহমান মণ্ডলৰ। মহাজোট বন্ধনৰ সিদ্ধান্ত বিজেপিক অসমৰ পৰা উৎখাত কৰিব লাগে এই মন্তব্য বিধায়ক গৰাকীৰ ।

১০. আঙুৰলতালৈ আশীৰ্বাদ বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ। সাংবাদিকলৈ প্ৰেৰণ কৰা এটি ভি ডি অ' বাৰ্তাত সত্ৰাধিকাৰ গৰাকীয়ে এইকথা প্ৰকাশ কৰে ।

১১. মঙলদৈত শৰীৰচৰ্চাবিদে যোগদান কৰিলে কংগ্রেছত। কংগ্ৰেছ দলৰ প্ৰাৰ্থী বসন্ত দাসৰ উপস্থিতত বিশিষ্ট শৰীৰচৰ্চা বিদ কবিৰ নেওগৰ নেতৃত্বত মঙলদৈৰ এই লোকে সকলে কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলত যোগদান কৰে।

১২. দৰং জিলা কুমাৰ সন্মিলনৰ উদ্যোগত কুমাৰ মৃৎ শিল্পী সন্থাৰ এদিনীয়া মৃৎ শিল্পৰ কৰ্মশালা। অহা ২২ মাৰ্চ ২০২১ সোমবাৰে এদিনীয়া মৃৎ শিল্পৰ কৰ্মশালা আয়োজন কৰিছে।

১৩. সৰ্বা-হিমন্তক ডাবল ইঞ্জিন আখ্যা ছত্তিশগড়ৰ মুখমন্ত্ৰী ভূপেশ বাঘলৰ। এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এনেদৰে কয় ছত্তিশগড়ৰ মূখ্যমন্ত্ৰী ভুপেশ বাঘেলে

১৪. সময়ত নাপালেহি উপায়ুক্তৰ কাৰ্যালয়, মনোনয়ন দাখিলত ব্যৰ্থ। সময়মতে আহি কামৰূপ গ্ৰাম্যৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত নোহোৱাৰ বাবে মনোনয়ন দাখিলত সমস্যাৰ সৃষ্টি হয় বকো বিধানসভাৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপজ্যোতি দাসৰ।

১৫. নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মাদক দ্ৰব্যৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে জিলা প্ৰশাসনৰ লগতে জিৰা আৰক্ষী প্ৰশাসন।সৰ্থেবাৰীত চক্ৰ বিষয়াৰ নেতৃত্বত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ

১৬. হৃষিকেশ গোস্বামীক লৈ অসন্তুষ্টি প্ৰদেশ কংগ্ৰেছ, নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ।

১৭. ওদালগুৰিত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা- মাজবাটত বিজেপিৰ বিশাল ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰীজনৰ

১৮. প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পোষ্টেল ভোটিং অব্যাহত। ৮০ৰ উৰ্ধ্বৰ, বিশেষভাৱে সক্ষম সকলে দিছে পোষ্টেল ভোট

১৯. 'সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হৈ আছেই'। কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ গুৰুত্বপূৰ্ণ মন্তব্য

২০. বৃন্দাবন গোস্বামীৰ বাসগৃহত অগপৰ সভাপতি। কাৰ্যকৰী সভাপতি কেশৱ মহন্তসহ অতুল বৰাৰ উপস্থিত।

২১. মাটিত বহি চাহ শ্ৰমিকৰ সৈতে ভাত খালে ৰাহুল গান্ধীয়ে। চাবুৱা চাহ বাগিচাত চাহ শ্ৰমিকৰে ৰাহুলৰ আহাৰ গ্ৰহণ।

২২. তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা শুকুৰবাৰে কামৰূপ(ম:) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে কেইবাগৰাকী প্ৰাৰ্থীয়ে।

২৩. দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হয় জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ডিব্ৰুগড়ৰ লাহোৱালত শিক্ষাৰ্থীৰে মত বিনিময়ৰে আৰম্ভ হয় ৰাহুলৰ দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী।

২৪. মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাই টকা ঘূৰাই দিব নালাগে। নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বাৰে বাৰে এই ঘোষণা

২৫. ৰাজ্যত মহা জোঁটৰ নেতৃত্বত চৰকাৰ গঠনৰ দাবী বদৰুদ্দিন আজমলৰ। সৰুক্ষেত্ৰীৰ এআইইউডিএফৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ মনোনয়ন দাখিলৰ সময়ত এই মন্তব্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in