১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ২২ জানুৱাৰীত আলোচনাৰ মেজলৈ আহিব দুৰ্ধৰ্ষ NDFB(S)ৰ নেতা জি বিদায় ওৰফে বিষ্ণু গয়াৰী। ১১ জানুৱাৰীত ম্যানমাৰ ত্যাগ কৰি ভাৰতত প্ৰৱেশ কৰিছিল।

২. সাঁতোৰ কন্যা শিৱাংগী শৰ্মাই খেলো ইণ্ডিয়াত জিকিছে ইটোৰ পিছত সিটো স্বৰ্ণপদক। চমকপ্ৰদ গতিৰে চাৰিটাকৈ সোণৰ পদক বুটলিলে শিৱাংগীয়ে।

৩. মহানগৰীৰ পৰা ৭ লাখ টকাসহ সন্ধানহীন এজন যুৱক। ফাঁচী বজাৰৰ ব্যৱসায়ীৰ পৰা ধন লৈ ওভতাৰ সময়তে নিৰুদ্দেশ হয় যুৱকজন।

৪. ২০ জানুৱাৰীত প্ৰধানমন্ত্ৰী পৰীক্ষাৰ্থী আৰু শিক্ষকসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। পুৱা ১১ বজাৰ পৰা নতুন দিল্লীৰ টালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 'পৰীক্ষা পে চৰ্চা'। কিদৰে পৰীক্ষাৰ চাপৰ পৰা মুক্তি পাব পাৰি সেই বিষয়ক লৈ ছাত্ৰ–ছাত্ৰীৰে কথা পাতিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

৫. CAA বাতিল নোহোৱালৈ দাঢ়ি নাকাটে জুবিনে। বৰপেটাৰ বহৰিত ঘোষণা কৰিলে শিল্পীগৰাকীয়ে।

৬. ৰাজ্যজুৰি CAAৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। দেওবাৰে হোজাইত হাজাৰ হাজাৰ CAA বিৰোধী শ্লোগানেৰে উত্তাল কৰিলে শংকৰদেৱ নগৰ। ইফালে তিনিচুকীয়াতো অনুষ্ঠিত হ'ল CAA বিৰোধী বিশাল গণসমাৱেশ।

৭. কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ল দেওবাৰে। আৰু ইয়াৰ পিছতেই হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিল কাজিৰঙা সমন্বয় ক্ষেত্ৰ।

৮. গ্ৰেপ্তাৰ হোৱা বন বিষয়া আনোৱাৰ ইকবালৰ ঘৰত অভিযান। গুৱাহাটীৰ গীতানগৰত থকা বাসভৱনত অভিযান CIDৰ।

৯. 'কা' বিৰোধী আন্দোলন মষিমূৰ কৰাৰ নতুন পন্থা অৱলম্বন কৰিলে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। এইবাৰ নিশাৰ অন্ধকাৰত মহিলা বিক্ষোভকাৰীৰ লেপ-কম্বল কাঢ়ি নিলে যোগী আদিত্যনাথ চৰকাৰৰ আৰক্ষীয়ে।

১০. সোমবাৰৰ পৰা বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন। উখল-মাখল খৈৰাবাৰীৰ অধিবেশনস্থলী। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ।

১১. বিদেশ মন্ত্ৰী তথা প্ৰতিনিধিৰে কৃষিমন্ত্ৰী অতুল বৰাৰ চৰকাৰী বাসভৱনত দেওবাৰে মত-বিনিময় কৰে। ৰাজ্যৰ কৃষিক্ষেত্ৰৰ ভিন্ন বিষয়ক লৈ হয় আলোচনা।

১২. হিমাচলপ্ৰদেশৰ কাংগ্ৰাত ভয়ংকৰ পথ দু্ৰ্ঘটনা। দুৰ্ঘটনাত তিতাতে নিহত দুজন লোক। ইফালে, গুৰুতৰভাৱে আহত ছয়জনকৈ লোক।

১৩. কৰ্ণাটকৰ মাংগালুৰুত সংঘটিত নাও দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন লোক।

১৪. সৰ্বোচ্চ ন্যায়ালয়ৰ বিপৰীতে খেলপথাৰত দেখা গ'ল মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ব'বদেক। একাংশ ন্যায়াধীশ আৰু অধিবক্তাৰ সৈতে ক্ৰিকেট খেল খেলা পৰিলক্ষিত হয় মুখ্য ন্যায়াধীশগৰাকীক।

১৫. অষ্ট্ৰেলিয়াক পৰাস্ত কৰিলে ভাৰতে। এদিনীয় শৃংখলাৰ তৃতীয়খন মেচ অৰ্থাৎ ফাইনেল মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে ভাৰতে।

১৬. সোমবাৰে বন্ধ থাকিব মহাৰাষ্ট্ৰৰ শ্বিৰদি সাই বাবা মন্দিৰ।ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বন্ধ ৰখা হ'ব মন্দিৰ।

১৭. দেওবাৰে এদিনীয়া শৃংখলাৰ ফাইনেল মেচত অষ্ট্ৰেলিয়া পৰাস্ত ভাৰতৰ হাতত। মেচখনত শতক ৰান কৰে ৰোহিত শৰ্মাই।

১৮. দিল্লীত কা আৰু এন আৰ চিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। জামিয়া মিলিয়া ইছলামিয়াৰ পৰা শ্বাহিন বাগলৈ প্ৰতিবাদী সমদল বাহিৰ কৰে শ শ প্ৰতিবাদকাৰীয়ে।

১৯. কোম্বাইটোৰত শোকাৱহ ঘটনা। এটা বনৰীয়া হস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী ৪০ বছৰীয়া বৃদ্ধাই।

২০. জম্মু-কাশ্মীৰ মাৰোগত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনত নিহত দুজনকৈ লোক।

২১. বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব সোমবাৰে। দিল্লীৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব এই বৈঠক।

২২. ১৪ ফেব্ৰুৱাৰীত মুক্তি পাব নতুন হিন্দী ছবি 'লাভ আজ কল ২০২০'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা কাৰ্তিক আৰিয়ান আৰু ছাৰা আলি খানে।

২৩. প্ৰতিবাদৰ বাবেই ১০০০ কোটি টকাৰ ক্ষতি অসমৰ পৰ্যটন বিভাগৰ। মন্তব্য অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাৰ।

২৪. 'কা' বিৰোধী স্থিতিত মহাৰাষ্ট্র চৰকাৰ৷ 'কা'ক অসাংবিধানিক আখ্যা মহাৰাষ্ট্র চৰকাৰৰ৷

২৫. হৰিনামৰ ধ্বনিৰে মুখৰিত মাজুলী। মাজুলীত আৰম্ভ হৈছে অসম ভাওনা সমাৰোহ। ইপিনে ঢকুৱাখনাতো আৰম্ভ শিশু ভাওনা সমাৰোহ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in