১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. হিমাচল প্ৰদেশৰ ৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা ২৪ ঘণ্টাই যান-বাহন চলাচল ব্যাহত। পথত পাহাৰৰ বৃহৎ অংশ খহি পৰাৰ ফলত স্তব্ধ হৈ পৰে পথটো।

২. সোমবাৰে নৱ-নিযুক্তি দিয়া হয় হাৰিয়ানাৰ আৰক্ষী সঞ্চালকক। আই পি এছ মনোজ যাদৱ ৰাজ্যখনৰ নতুন ডি জি পি।

৩ .১ জানুৱাৰী, ২০১৯ৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ ৰাজস্থানত ছোৱাই ফ্লুত আক্ৰান্ত হৈ মৃত্যু মুঠ ১২৭জন লোকৰ। ইফালে, ৩৫৬৪জন লোক ছোৱাইন ফ্লুত আক্ৰান্ত হোৱা বুলি এক সমীক্ষাত প্ৰকাশ।

৪. এএছটিচিৰ বাছযাত্ৰীসকলৰ বাবে সুখবৰ। গুৱাহাটীত উপলব্ধ হ'ব ই টিকেটিঙৰ সুবিধা। পৰিবহন নিগমৰ দুই শতাধিক বাছত উপলব্ধ হ'ব ই টিকট। মাৰ্চ মাহৰ ভিতৰত মহানগৰীৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসমূহত উপলব্ধ হ'ব এই মেচিন।

৫. দিল্লীত ধাৰাসাৰ বৃষ্টিপাত। বৰষুণৰ ফলত যান-জঁটৰ সষ্টি ৰাজধানী চহৰখনত।

৬. মোহালীৰ পঞ্জাৱ ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামৰ পৰা আঁতৰাই দিয়া হ'ল পাকিস্তানী ক্ৰিকেটাৰৰ ফটো। পুলৱামা ঘটনাৰ পাছতেই গ্ৰহণ কৰা হয় এই পদক্ষেপ।

৭. হিমাচলপ্ৰদেশত তুষাৰপাত। তুষাৰপাতৰ ফলত স্তব্ধ হৈ পৰে ৰাজ্যখনৰ বহু অঞ্চলত স্বাভাৱিক জনজীৱন।

৮. পঞ্জাৱ বিধানসভাৰ পৰা নৱজোৎ সিং সিদ্ধুক আউট কৰা দাবী আকালী দলৰ। সোমবাৰে পাকিস্তানৰ সেনা প্ৰধানৰ সৈতে সিদ্ধুৱে উঠা ফটো দাহ কৰি বিৰোধী আকালিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ।

৯. 'কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী কোন হ'ব, হাগ্ৰামা মহিলাৰী এতিয়াও মনে মনে আছে, হাগ্ৰামা মহিলাৰীয়ে এতিয়াও প্ৰাৰ্থী সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা নাই ফলত কোকৰাঝাৰ সমষ্টিৰ পৰা কোন হ'ব বিপিএফৰ প্ৰাৰ্থী সেয়া এতিয়াও স্পষ্ট হোৱা নাই।'– বৰপেটাত এই মন্তব্য প্ৰমীলাৰাণী ব্ৰহ্মৰ।

১০. 'কালা কোট জিন্দা হে।'– তেজপুৰৰ বিজেপি সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ মুখত নতুন ডাইলগ। লোকসভা নিৰ্বাচনৰ টিকট সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ পাছতে সাংসদজনৰ মুখৰ পৰাই ওলাই আহিল এই ডাইলগ। সাংসদজনে ক'লে টিকট নাপালে অথবা পৰাজয় হ'লে পুনৰ উভতি যাব ওকালতিলৈ।

১১. ধুবুৰী চহৰৰ ৰে'ল ষ্টেচনৰ কাষত অবৈধ এণ্ডিঙৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷ আৰক্ষীয়ে আটক কৰে ২জনক। ধৃত মনোজ ওৰফে ৰহিমুদ্দিনশ্বেখ আৰু আজিজুল ইছলাম।

১২. হোজাইত জম্মু কাশ্মীৰৰ ঘটনাৰ প্ৰতিবাদ অব্যাহত। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শাখা সমিতিৰ উদ্যোগত ৰূপায়ন প্ৰতিবাদী কাৰ্যসূচী।

১৩. অট্টালিকা দখল কৰি ৰঙাঘৰত সোমাল কোটিপতি ব্যৱসায়ী তথা ভূ মাফিয়া ৰামেশ্বৰ তালুকদাৰ। নথি জালিয়াতিৰে গুৱাহাটীৰ বিভিন্ন স্থানত ভূমি বেদখল কৰি আহিছিল ব্যৱসায়ীজনে। আনহাতে এগৰাকী IPS বিষয়াৰ বিৰুদ্ধে ভূ মাফিয়াজনক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ।

১৪. পাকিস্তানৰ বিৰুদ্ধে তুলনামূলকভাৱে নৰম স্থিতি লোৱা বুলি আক্ষেপ কৰি প্ৰধানমন্ত্ৰী মোদীক সমালোচনাৰে থকাসৰকা কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমণিয়ান স্বামীয়ে। চৰকাৰে ৰাষ্ট্ৰসংঘত জৱাহৰলাল নেহৰুৱে কাশ্মীৰ প্ৰসংগত দাখিল কৰা আবেদন কিয় প্ৰত্যাহাৰ কৰা নাই বুলি প্ৰশ্ন কৰিছে স্বামীয়ে।

১৫.  পুনৰ থানাৰ পৰা পলায়ন আচামীৰ। জালুকবাৰী আৰক্ষী চকীৰ পৰা হেণ্ডকাফসহ পলায়ন আচামী ইন্দ্ৰেশ্বৰ ৰাভাৰ। এমএমচিএইচৰ পৰাও পলাল এজন আচামী। পলাতক আচামীজনৰ নাম ছাদ্দাম হুছেইন।

১৬. পাঠশালাত আছুৱে আটক কৰিলে প্ৰৱঞ্চক। টিহুৰ নাথকুছিৰ মেগাফুট মাৰ্গত চাকৰি দিয়াত নামত ধন সংগ্ৰহ কৰিছিল প্ৰৱঞ্চকজনে। পাঠশালাৰ দুই যুৱকৰ পৰা ১৩ হাজাৰকৈ মুঠ ২৬ হাজাৰ টকা সংগ্ৰহ কৰিছিল নমাতিৰ পুলক ডেকা নামৰ যুৱকজনে।

১৭. পাকিস্তানী সন্ত্ৰাসবাদৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদ। গোলাঘাটৰ নৱ যুৱ শক্তিৰ এটা দলে নগৰখনত মটৰ চাইকেলেৰে শোভাযাত্ৰা বাহিৰ কৰি পাকিস্তান মুৰ্দাবাদ শ্ল'৸গানেৰে উত্তাল কৰি তোলে পৰিবেশ।

১৮. কাশ্মীৰৰ পুলৱামাত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণৰ ঘটনাক লৈ জুৰীয়াত প্ৰতিবাদ। জুৰীয়া বজাৰ সন্থাই শ্ৰদ্ধাজ্ঞলি আৰু ম'৸ম বাতিলৈ ওলিয়াই সমদল৷ ইফালে তামাৰহাটৰ হাতীধূৰা বজাৰতো শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

১৯. পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ মেজৰ ভি কে ধন্দিয়ালৰ নশ্বৰদেহ অনা হয় বাসভৱনলৈ. দেহৰাডুনৰ বাসভৱনত বিভিন্নজনে জনাইছে শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি

২০. 'অগপৰ ৩জন মন্ত্ৰীক লৈ লুকা-ভাকু খেলিছে চৰকাৰে, মন্ত্ৰীকেইজনেও কেবল মুখ্যমন্ত্ৰীকহে দিছে পদত্যাগ পত্ৰ, তিনিওজনে সদনত বিৰোধীৰ আসনত বহিছে যদিও প্ৰশ্নোত্তৰত নাম আছে আঞ্চলিক দলটোৰ সেই মন্ত্ৰীৰ, এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰক মন্ত্ৰীকেইজনে।'– সদনৰ মজিয়াত এই মন্তব্য আব্দুল খালেকৰ।

২১. পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। মিজোৰামত ৰহস্যজনকভাৱে মৃত্যু লংকাৰ যুৱকৰ। মৃত যুৱকজন লংকাৰ ২নং পিপল পুখুৰীৰ লাটু বৰা।

২২. 'ভূপেন হাজৰিকা ভাৰতৰত্নৰ বাবে যোগ্য, কিন্তু সেইবুলি ইয়াক লৈ ৰাজনীতি নকৰিব৷ ভূপেন হাজৰিকাক ভাৰতৰত্ন দি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নকৰিব৷' এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

২৩. 'অসম তথা উত্তৰ–পুবৰ মানুহৰ আৱেগ আৰু সন্মানক চূড়ান্তভাৱে অপমান কৰি গ'ল অমিত শ্বাহে৷' এই মন্তব্য APCCৰ সভাপতি ৰিপুণ বৰাৰ।

২৪. মঙলদৈত 'মুখ্যমন্ত্ৰীৰ কৃষি সা–সঁজুলি যোজনা' শুভ উদ্বোধন অনুষ্ঠান। কৃষকক কৃষি সা–সঁজুলি ক্ৰয়ৰ বাবে উদগনিমূলকভাৱে ৫ হাজাৰ টকাৰ সাহায্য প্ৰদানেৰে অসম চৰকাৰ। কৃষকক কৃষি সা–সঁজুলি ক্ৰয়ৰ বাবে মঙলদৈ গান্ধী ময়দানত অনুষ্ঠিত সভাত জিলাখনৰ ৭৫ গাঁও পঞ্চায়তৰ ১৫৩৭৪জনক ৫০০০কৈ অনুদান বিতৰণ।

২৫. কৰিমগঞ্জৰ বদৰপুৰত দুৰ্ঘটনাত নিহত ছাত্ৰ। কান্দিগ্ৰামত এখন দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে ছাত্ৰক। দুৰ্ঘটনাত নিহত ছাত্ৰজনৰ নাম মাছৰুদ আহমদ। দুৰ্ঘটনাৰ পিছতে ৬নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ক্ষুব্ধ ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in