১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ২০ ছেপ্তেম্বৰত ১২ ঘন্টীয়া অসম বন্ধ আহ্বান। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান জনাইছে বন্ধৰ। বিজেপি চৰকাৰে কোচ ৰাজবংশী সকলক প্ৰতাৰণা কৰাৰ অভিযোগ।

২. ডিআৰডিঅ'ৰ এয়াৰ টু এয়াৰ মিছাইল অস্ত্ৰৰ পৰীক্ষণ সফলতাৰে সম্পূৰ্ণ । ৫বাৰকৈ পৰীক্ষামূলকভাৱে নিক্ষেপ কৰে অস্ত্ৰ মিছাইল।

৩. সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ সন্দৰ্ভত মুম্বাইত জন জাগৰণ অভিযানত অংশ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে। অহা ২২ ছেপ্টেম্বৰত এই অভিযানত অংশ ল'ব গৃহ মন্ত্ৰীগৰাকীয়ে।

৪. ৱ'ৰ্ল্ড ৰেছলিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত ভাৰতীয় খেলুৱৈ। বজৰংগ পুনিয়াই লাভ কৰিলে ছেমি ফাইনেলত স্থান।

৫. 'বিশেষজ্ঞসকলে বিক্ৰম লেণ্ডাৰৰ সৈতে কিয় সংযোগ বিচ্ছিন্ন হৈছিল সেই বিষয়ে জানিবলৈ গৱেষণা চলাই আছে।'- এই কথা জনাই ইছৰ'ই।

৬. 'আমাৰ লক্ষ্য হৈছে দেশৰ অৰ্থনীতিক ২০২৪চনলৈ ৫ ত্ৰিলিয়ন আমেৰিকান ডলাৰ আৰু একেদৰে ২০৩০চনলৈ ১০ ত্ৰিলিয়ন ড'লাৰ কৰাৰ।'- এই মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

৭. কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ বিৰুদ্ধে জাৰি কৰা হ'ব আৰু এখন জাননী। এই জাননী অনুসৰি, শুকুৰবাৰে চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব ৰাজীৱ কুমাৰ।

৮. ভূৱনেশ্বৰৰ নন্দনকাণন চিৰিয়াখানাত এটি হাতীৰ মৃত্যু। হাৰ্পছ ভাইৰেছত আক্ৰান্ত হৈ মৃত্যু হাতীটোৰ।

৯. এয়াৰ মাৰ্শ্বেল আৰ কে এছ ভাদৌৰিয়াক পৰৱৰ্তী ভাৰতীয় বায়ু সেনাৰ মুৰব্বী ৰূপে নিযুক্তি। বৰ্তমান ভাদৌৰিয়া ভাৰতীয় বায়ু সেনাৰ সহ-বায়ুসেনা প্ৰমুখ।

১০. বৃহস্পতিবাৰে ভাৰতত উপস্থিত মংগোলীয়াৰ ৰাষ্ট্ৰপতি খালটমাগীন বা্টুলগা। ৫দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত মংগোলীয়াৰ ৰাষ্ট্ৰপতিগৰাকী।

১১. ব্যৱসায়ী ৰাতুল পুৰী ১ আগষ্টলৈ তিহাৰ জেলত থাকিব লাগিব । অগষ্টা ৱেষ্টলেণ্ড কেলেংকাৰীত অভিযুক্ত ৰাতুল পুৰী।

১২. আমেৰিকালৈ পুনৰ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অহা ২১ ছেপ্টেম্বৰত আমেৰিকাত উপস্থিত হ'ব প্রধানমন্ত্ৰী গৰাকী।

১৩. প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰামৰ ন্যায়িক জিম্মাৰ সময় বৃদ্ধি। অহা ৩ অক্টোবৰলৈ ন্যায়িক জিম্মাত ৰখা হ'ব পি চিদাম্বৰামক।

১৪. ৰাজস্থানৰ কাৰৌলীত পিঞ্জৰাবদ্ধ কৰা হয় এটা বাঘ। বাঘটোৰ আক্ৰমণত মৃত্যু হৈছিল এজন লোকৰ। তাৰপাছত বৃহস্পতিবাৰে বন বিভাগে পিঞ্জৰাৱদ্ধ কৰে বাঘটো।

১৫. হায়দৰাবাদ ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল। প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আঝাৰুদ্দিনে বৃহস্পতিবাৰে দাখিল কৰে মনোনয়ন পত্ৰ।

১৬. 'লোকসভা নিৰ্বাচনৰ সময়ত কৈছিলো যে ইয়াত উন্নতি হ'ব। এতিয়া আমাৰ চৰকাৰৰ মাত্ৰ ১০০ দিন হৈছে।মই আপোনালোকৰ মাজেলৈ সময়ে সময়ে আহি থাকিম।'- এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

১৭. 'মই গৃহমন্ত্ৰী শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছো। আৰু অসমৰ দৰে এন আৰ চি পশ্চিমবংগত প্ৰয়োজন নাই বুলি জনাইছো।'- এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

১৮. জম্মু-কাশ্মীৰৰ পুঞ্চত পাক সেনাৰ গুলীবৰ্ষণ। নিশা প্ৰায় ৮ বজাত গুলীবৰ্ষণ কৰে পাক সেনাই। ভাৰতীয় সেনা বাহিনীও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

১৯. বৃহস্পতিবাৰে দুটাকৈ ভূমিকম্পই জোকাৰিলে ইণ্ডোনেছিয়া। ৬১ প্ৰাবল্যৰ আছিল এই দুয়োটা ভূমিকম্প।

২০. ওড়িশ্যা ক্ৰিকেট এছ'চিয়েশ্যনৰ প্ৰাক্তন সচিব আশীৰ্বাদ বেহেৰাক গ্ৰেপ্তাৰ। চি বি আইয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে বেহেৰাক। অৰ্থ তত্ব চীট ফাণ্ড কেলেংকাৰীত জড়িতৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ।

২১. বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ নাশ্বিকত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মহাজনদেশ যাত্ৰাত অংশ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

২২. প্ৰতিখন ৰাজ্যৰ বিজেপি সাংসদৰ সৈতে আলোচনাত মিলিত হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ। ভিডিঅ' কনফাৰেন্সযোগে প্ৰতিজন বিজেপি সাংসদৰ সৈতে অহা ২১ ছেপ্টেম্বৰত আলোচনাত মিলিত হ'ব গৃহমন্ত্ৰীগৰাকী।

২৩. 'মোডীজীয়ে ৰেলৱেত চুৰিকাণ্ড কৰোৱালে, মন্ত্ৰীৰ বেগ চুৰি কৰোৱালে। এয়া তেওঁৰ উপলব্ধি।'- প্ৰধানমন্ত্ৰী মোডীক এনেদৰে কটাক্ষ কৰিলে ছত্তীশগড়ৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা পি এছ টিকামে।

২৪. বৃহস্পতিবাৰে গুৰদাসপুৰৰ ডেৰা বাবা নানাকত উপস্থিত হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং। কৰ্টাৰপুৰ ক'ৰিডৰৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

২৫. বৃহস্পতিবাৰে বদ্ৰিনাথ মন্দিৰত উপস্থিত সেনা প্ৰধান বিপিন ৰাৱাট। ৰাৱাটৰ সৈতে উপস্থিত থাকে তেওঁৰ পত্নী মধুলিকা ৰাৱাটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in