১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. নিয়ম-নীতি উলংঘা কৰা গুৱাহাটীৰ চিটি বাছৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিবহণ বিভাগ। নীতি-নিয়ম নমনা সকলো চিটি বাছ জব্দ কৰাৰ পাছত চিটি বাছত যাত্ৰীৰ ৰূপত ভ্ৰমণ কৰিলে পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খানে।

২. অৰুণাচলৰ নামচাইত নিশা ভয়ংকৰ দুৰ্ঘটনা। বিয়া খাই উভতাৰ পথত ৰখাই থোৱা বলেৰ'ত খুন্দিয়ালে এখন তীব্ৰবেগী ছেন্ট্র'ই। 

৩. ঢেকীয়াজুলিৰ সমীপৱৰ্তী ৰছলা পিৰাকাটা জামুগুৰীত বড়ো শান্তি চুক্তি স্বাক্ষৰকাৰীক উষ্ম আদৰণি। হাজাৰ হাজাৰ জনতাই দুগৰাকী স্বাক্ষৰকাৰী ক্ৰমে প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীক নৃত্য-গীতেৰে জনালে আদৰণি। 

৪. ঢেকীয়াজুলিৰ ভৰাশিঙৰীৰ গৰুডুবাত গুৰুতৰভাৱে আহত এগৰাকী মহিলা। এটা গঁড়ৰ আক্ৰমণত আহত মহিলাগৰাকী।

৫. বুধবাৰে উদযাপন কৰা হয় আলি আয়ে লৃগাং। পৰম্পৰা অনুসৰি ফাগুনৰ প্ৰথম বুধবাৰটোত মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰে কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং।

৬. বিজেপি বিধায়ক ৰবিন্দ্ৰ নাথ ত্ৰিপাঠী আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু। এগৰাকী মহিলাক বলাৎকাৰ কৰাৰ অভিযোগত ৰুজু কৰা হৈছে গোচৰ।

৭. প্ৰধানমন্ত্ৰী মোডী উপস্থিত ইণ্ডিয়া গেটত। ইণ্ডিয়া গেটৰ হুনাৰ হাট পৰ্যবেক্ষণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

৮. কইম্বাটত তীব্ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী।

৯. 'তিনিদিনীয়া বিধানসভা অধিবেশন অনুষ্ঠিত কৰা হ'ব অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা।'- এই ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

১০. কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। শ্বাহৰ বাসগৃহত সাক্ষাৎ কৰে তেওঁক।

১১. নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচৰ বাবে খেলপথাৰত নামিব ভাৰত। অহা ২১ ফেব্ৰুৱাৰীত টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব।

১২. মুজাফাৰপুৰৰ বেংকত ডকাইটি। ৪ অচিনাক্ত দুৰ্বৃত্তৰ দলে লুটি নিয়ে প্ৰায় ৮ লাখ টকা। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

১৩. বিহাৰৰ গায়াৰ এখন বিদ্যালয়ত সংঘটিত বিস্ফোৰণ। মাওবাদীয়ে সংঘটিত কৰে এই বিস্ফোৰণ।

১৪. পশ্চিমবংগত বিএছএফ জোৱানে গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক। প্ৰায় ১৬ কেজি ওজনৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক।

১৫. টিএমচিৰ অৱসৰপ্ৰাপ্ত সাংসদ তাপস পালৰ দেহাৱসান। টিএমচিৰ প্ৰাক্তন সাংসদগৰাকীৰ মৃত্যুত প্ৰতিক্ৰিয়া ব্যক্ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

১৬. ছত্তীশগড়ত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ। ৰাজ্যখনৰ ছুকমাত সংঘটিত হয় এই ঘটনা। এগৰাকী মহিলা মাওবাদীৰ মৃত্যু হয় এই সংঘৰ্ষত।

১৭. চেন্নাইৰ ৱালাজাহস্থিত সচিবালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে এই প্ৰতিবাদ।

১৮. হিমাচলপ্ৰদেশৰ কিন্নৌৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

১৯. জম্মু-কাশ্মীৰৰ ট্ৰালত আৰক্ষীৰ অভিযান। অভিযানকালত নিহত তিনিটা সন্ত্ৰাসবাদী।

২০. মুম্বাইৰ অন্ধেৰী ৱেষ্টৰ এটা ড্ৰেইনত মঙলবাৰে বাগৰি পৰে এটি কণমানি শিশু। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

২১. ছত্তীশগড়ত নিয়ন্ত্ৰণহীন হৈ বাগৰিল এখন স্কুটী। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোক।

২২. ২০ মাৰ্চত মুক্তি পাব নতুন হিন্দী ছবি 'ইংৰাজী মিডিয়াম'। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ইৰফান খানে।

২৩. বৈদেশীক পৰিক্ৰম মন্ত্ৰী এছ জয়শংকৰ উপস্থিত বাৰ্লিণত। জাৰ্মানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হেইকো মাছক সাক্ষাৎ কৰে তেওঁ।

২৪. মহাৰাষ্ট্ৰ চন্দ্ৰপুৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ৬জন লোক নিহত। ইফালে, আহত ৬জনক হাস্পতালত ভৰ্তি।

২৫. চেন্নাইত চিনেমাৰ শ্বুটিঙৰ সময়ত ভয়ংকৰ ঘটনা। হঠাৎ খহি পৰে এখন ক্ৰেন। এই দুৰ্ঘটনাত নিহত ৩জনকৈ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in