১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. সমগ্ৰ ৰাজ্যত উৱলহ মালহেৰে পালন কৰা হল বিশ্বকৰ্মা পূজা। বিশ্বস্ৰষ্টা বিশ্বকৰ্মাক পূজা-আৰাধনাৰে মুখৰিত হল ৰাজ্য।

২. ৰাজস্থানৰ জয়পুৰত চিআইডিৰ অভিযান। ৪.৭৭ কোটি নকল ভাৰতীয় টকাসহ গ্ৰেপ্তাৰ ২জন।

৩. মুম্বাইৰ থানে আৰু পালঘৰত হ'ব পাৰে বৰষুণ আৰু বজ্ৰপাত। বতৰ বিজ্ঞানে দিছে এই আগজাননী।

৪. সংশোধীত যান বাহন আইনৰ বিৰোধিতা। বৃহস্পতিবাৰে দিল্লীত ৩০ পৰিবহণ সংস্থাই সাব্যস্ত কৰিব ধৰ্মঘট।

৫. পাকিস্তানত হিন্দু মন্দিৰ ভঙাৰ বিৰোধিতা। চত্তীশগড়ত প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰীয় গোৰ্খা সেনা আৰু সিন্ধি জাতিয়ে।

৬. ২০ ছেপ্তেম্বৰত ছবিগৃহলৈ আহিব ৰীমা দাসৰ বুল বুল কেন ছিং। ভিলেজ ৰকষ্টাৰ্ছৰ পিছত বুল বুল কেন ছিঙক লৈ আশাবাদী বুলি প্ৰকাশ ৰীমা দাসৰ।

৭. প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে চিবিআইত গোচৰ ৰুজুু। আয়কৰ ফাঁকিৰ অভিযোগেৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই তৰিলে গোচৰ।

৮. বুঢ়া আৰক্ষী চকীৰ ৯ ছেপ্তেম্বৰৰ ঘটনাৰ বিতং প্ৰতিবেদন বিচাৰি অসমৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ। চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ।

৯. অন্ধ্ৰপ্ৰদেশ চৰকাৰে পূব গোদাবৰী জিলাত সংঘটিত নাও দুৰ্ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা কৰিছে। পূব গোদাবৰী জিলাৰ যুটীয়া আয়ুক্তই কৰিব তদন্ত।

১০. মহানগৰীৰ গণেশগুৰিত নতুনকৈ উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য চলি থকা বাবে কাইলৈৰ পৰা সলনি হ'ব মহানগৰীৰ চিটীবাছ চলাচলৰ পথ। পাঞ্জাবাৰীৰ পৰা গণেশগুৰি হৈ চলা বাছসমূহ ছয়মাইল–নাৰেংগী–নুনমাটি–চানমাৰি হৈ আদাবাৰীলৈ যাব লাগিব। 

১১. মহানগৰীৰ নমাইলৰ গণেশ মন্দিৰৰ সমীপত দপদপকৈ জ্বলি উঠিল এখন টেংকাৰ। জালুকবাৰীৰ পৰা যোৰাবাট অভিমুখে গৈ আছিল টেংকাৰখন।

১২. মঙলবাৰে বিহাৰৰ কেইবাখনো জিলাত বজ্ৰপাতত মৃত্যু হয় ১২জন লোকৰ। ধুমুহা–বৰষুণৰ লগতে হোৱা বজ্ৰপাতত গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক।

১৩. চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শুল্ক বিভাগৰ অভিযান। প্ৰায় ২৯.৩ লাখ টকাৰ ৭৪৮ গ্ৰাম সোণ জব্দ।

১৪. পূব গোদাবৰী জিলাত সংঘটিত নাও দুৰ্ঘটনাত উদ্ধাৰ হৈছে ৩৪ জনৰ মৃতদেহ। জীৱন্তে উদ্ধাৰ কৰা হৈছে ২৬ জন লোকক। বৰ্তমানো সন্ধানহীন হৈ আছে ১৩ জন। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰি কৰিছে এই কথা।

১৫. NRCত অবৈধভাৱে অন্তৰ্ভুক্ত ৮০,০০০লোকৰ নামঃ পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অভিজিৎ শৰ্মা ।

১৬. প্ৰৱল বৃষ্টিপাতৰ আশংকা। মুম্বাইৰ থানে আৰু কংকানত সকলো বিদ্যালয় আৰু কণিষ্ঠ মহাবিদ্যালয় বৃহস্পতিবাৰে বন্ধৰ আহ্বান।

১৭. আফগানিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণ। নিহত ২৪ জন লোক।

১৮. বলিউডৰ প্ৰসিদ্ধ ভৌতিক ছবিৰ নিৰ্মাতা শ্যাম ৰামছেৰ দেহাৱসান। বুধবাৰে পুৱতি নিশা দেহাৱসান ঘটে ছবি নিৰ্মাতাগৰাকীৰ।

২০. বলিউদৰ বিখ্যাত কণ্ঠিশিল্পী কুমাৰ চানুৰ সৈতে কণ্ঠ নিগৰাব ৰাণু মণ্ডলে। এই সন্দৰ্ভত সংবাদমাধ্যমক অৱগত কৰিলে কণ্ঠশিল্পী কুমাৰ চানুৱে।

২১. ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰিলে হিন্দী ছবি ছিছোৰে। মুক্তিৰ ১২ দিনৰ অন্তত ছবিখনৰ মুঠ উপাৰ্জন ১০২.১৯ কোটি টকা।

২২. ২০ ছেপ্তেম্বৰত দেশৰ ছবিঘৰত মুক্তি পাব ৩ খনকৈ হিন্দী ছবি। ইয়াৰে প্ৰস্থানম আৰু দ্যা জয়া ফেক্টৰ ছবি দুখন অন্যতম।

২৩. শুকুৰবাৰে দিল্লী পুলিচে মুকলি কৰিলে এটা মোবাইল এপ। তৎপৰ নামৰ এই এপটোৰ জৰিয়তে যিকোনো সমস্যা তৎক্ষণাত অৱগত কৰিব পাৰিব আৰক্ষীক।

২৪. ভাৰতত ৰাজনৈতিক নেতাতকৈ জণগনে বেছি বিশ্বাস কৰে দেশৰ সেনাক। এটা সংস্থাই দাখিল কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

২৫. পাকিস্তানত হিন্দু সম্প্ৰদায়ৰ সদস্যৰ প্ৰতিবাদ। চিন্ধী হিন্দু যুৱতী নম্ৰিতা চান্দনীৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in