১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মঙলবাৰে উপস্থিত হয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ ঘৰত। দুয়োজন নেতাই আলোচনা কৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ।

২. বৰক্ষেত্ৰীৰ গংগাপুৰত শোকাৱহ পথ দুৰ্ঘটনা। এখন মাৰুতী ভানেৰে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথতে মৃত্যু হয় ছালমা আখতাৰা নামৰ এগৰাকী ৪ বছৰীয়া কণমানি ছাত্ৰীৰ।

৩. গহপুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ডিলাপখৰাত পুখুৰীত পৰি ৰিমন দলে নেহা পায়েঙ নামৰ ২ কণমানীৰ মৃত্যু।

৪. সোণাৰিৰ সাপেখাতী সেনা ছাউনীত ছয় আনলা সদস্যৰ আত্মসমৰ্পণ। আত্মসমৰ্পণকাৰীসকল হৈছে মেজৰ অনিল ইবক, ছাৰ্জেণ্ট মেজৰ দুৰ্গেশ তাঁতী, শান্তিয়াল বিৰজীয়া, ৰবাৰ্ট তপ্ন, জিছয়া শৰ আৰু মজেশ চিক।

৫. তিনিচুকীয়া জিলাৰ ডিগবৈৰ নাজিৰাটিঙত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ। কিছুদিন ধৰি উপদ্ৰৱ চলাই থকা এটা নাহৰফুটুকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

৬. চাকৰি ঘূৰাই বিচাৰি উচ্চ ন্যায়ালয়ত আৱেদন কৰিছিল এ পি এছ চিৰ ৪৩ বিষয়াই। পূৰ্বৰ নিৰ্দেশনামতে পুনৰ চাকৰি ঘূৰাই নাপাই ৰাজপত্ৰিত বিষয়াসকলে। মঙলবাৰৰ পিছত ৩০ জুলাইত হ'ব পৰৱৰ্তী শুনানি।

৭. কোচবিহাৰৰ বাছ আস্থানত অসমৰ বাছ চালক ৰাজা আলী আৰু হেণ্ডিমেন মিন্টুক নিৰ্মম প্ৰহাৰ। চালক-হেণ্ডিমেনক প্ৰহাৰৰ প্ৰতিবাদত ৩ দিন ধৰি বন্ধ হৈ আছে বাছসেৱা।

৮. 'হায়দৰাবাদ এখন শান্ত ঠাই। ৰাজ্যিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে হায়দৰাবাদক আই এছ আই এছৰ ঠাই বুলি কোৱাৰ বাবে মানুহে হাহিছে।' মঙলবাৰে এই মন্তব্য কৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাওৱে।

৯. নেপালত সংঘটিত হৈছে শোকাৱহ ঘটনা। হোমলা জিলাত পথৰ পৰা কৰনালী নদীত এখন জীপ পৰি নিৰুদ্দেশ হৈ আছে ১০জন লোক।

১০. কেনিয়াৰ এজন নাগৰিকৰ মৃতদেহ উদ্ধাৰ হৈছে দিল্লীত। তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

১১. মধ্য, পশ্চিম আৰু উত্তৰ ভাৰতত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে উত্কট গৰমে। গ্ৰীষ্ম প্ৰবাহত মৃত্যু হৈছে বহু লোকৰ। মৃতকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে বিহাৰত।

১২. APSCৰ ৪৩ ৰাজপত্ৰিত বিষয়াৰ আদালতত মুখথেকেচা।চাকৰি ঘূৰাই বিচাৰি উচ্চ ন্যায়ালয়ত আৱেদন কৰিছিল ৪৩ বিষয়াই। আজি উচ্চ ন্যায়ালয়ত আছিল প্ৰথম শুনানি ।

১৩. অসমৰ চালকক পঃ বংগৰ কোচবিহাৰত মাৰপিট। কোচবিহাৰৰ বাছ আস্থানত মাৰপিট চালক-হেণ্ডিমেনক। চালক ৰাজা আলী-হেণ্ডিমেন মিন্টুক নিৰ্মম প্ৰহাৰ ।

১৪. শিলচৰত আৰক্ষী বিষয়াৰ চাঞ্চল্যকৰ কাণ্ড। নিৰ্যাতিতাক থানাৰ ভিতৰতে নিৰ্যাতন আৰক্ষী বিষয়াৰ। শিলচৰৰ তাৰাপুৰ আৰক্ষী চকীত এই চাঞ্চল্যকৰ ঘটনা ।

১৫. ২২ জুনৰ পৰা ২৬ জুনলৈ মা কামাখ্যা ধামত অনুস্থিত হব অম্বুবাচী মেলা।২২জুনৰ নিশা ১ বাজি ৪০ মিনিট ১৮ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি আৰু ২৬ জুনৰ দুপৰীয়া ২ বাজি ৪ মিনিট ২২ ছেকেণ্ডত হব নিবৃত্তি।মেলাৰ বাবে বিশেষ তৎপৰ আৰক্ষী-পৰিচালনা সমিতি৷

১৬. তেজপুৰ-কলিয়াবৰ সংযোগী ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ কাণ্ড। নিশা গাড়ী ৰখাই আৰোহীক আক্ৰমণ কৰিলে ডকাইতে ।

১৭. গৌৰীপুৰত কোকৰাঝাৰ আৰক্ষীৰ অভিযান। গো-ধন সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান।
বেপাৰীপট্টিৰ জাহাংগীৰ আলম, মাটিয়াবাগৰ আদম আলীৰ ঘৰত অভিযান ।

১৮. বৰক্ষেত্ৰীত চাৰি বছৰীয়া ছাত্ৰীৰ ওপৰেৰে পাৰ হৈ গ'ল বাহন, থিতাতে মৃত্যু ।

১৯. গহপুৰৰ ডিলাপখৰাত পুখুৰীত পৰি দুই কণমানি ছাত্ৰীৰ সলিলসমাধি। ডিলাপখৰাৰ জয়ন্ত দলেৰ ৮ বছৰীয়া কন্যা ৰিমন দলে আৰু জীয়াভৰলীৰ উত্তৰ ধাৰীকাটিৰ নোহা পায়েঙৰ ৭ বছৰীয়া কন্যা নেহা পায়েঙৰ মৃত্যু।

২০. সোণাৰিত সেনা ছাউনীত অস্ত্ৰ–শস্ত্ৰসহ ৬ আনলা সদস্যৰ আত্মসমৰ্পণ ।

২১. ডিগবৈৰ নাজিৰাটিঙত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ। এখন চাহ বাগানৰ নলাত উদ্ধাৰ মৃতদেহটো। স্থানীয় লোকে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। কিছুদিন ধৰি উপদ্ৰৱ চলাই আছিল অঞ্চলটোত।

২২. আমেৰিকা গ্ৰেজুৱেচন(Graduation) পাৰ্টীত গুলীচালনা, এজন নিহত আৰু ৫ জন আহত ।

২৩. ধুবুৰীৰ ছাগলীয়াত জব্দ বৃহত্‍ পৰিমাণৰ কফ চিৰাপ। আগমনি আৰু ছাগলীয়া বজাৰৰ পৰা জব্দ আৰক্ষীৰ। ১৭৫ বটল কফ চিৰাপ, নিচাযুক্ত টেবলেট জব্দ ।

২৪. হাউলীৰ ইটাৰভিটাত দুৰ্ঘটনাত নিহত এজন লোক। ট্ৰেইলাৰত পাছফালৰ পৰা খুন্দা মাৰে দ্ৰুতবেগী ট্ৰাকে। ঘাইপথৰ মাজত অকস্মাতে ৰৈ গৈছিল ট্ৰাকখন।

২৫. ৰঙিয়াৰ তুলসীবাৰীত বৰলীয়া নৈৰ তাণ্ডৱ। বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ দলং।
দলং উটুৱাই নিয়াত হাহাকাৰ নৈপৰীয়া ৰাইজৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in