১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. গুজৰাটত শুকুৰবাৰে উদ্বোধন কৰা হয় থ্ৰী ডি জেলাৰ প্ৰজেকশ্যন শ্ব'। ৰাজ্যখনৰ দাণ্ডি কুটিৰত প্ৰধানমন্ত্ৰী মোডী উদ্বোধন কৰে এই প্ৰজেকশ্যন শ্ব'।

২. পশ্চিমবংগত আবকাৰী বিভাগ আৰু বাগদোগ্ৰা আৰক্ষীৰ যৌথ অভিযান। অভিযানত জব্দ কৰে ৮৫০ লিটাৰ অবৈধ বিলাতী সুৰা আৰু ২০০ লিটাৰ স্পিৰীট।

৩. বুলন্দচহৰ ঘটনাত প্ৰাণ হেৰুওৱা আৰক্ষী বিষায় সুবোধ কুমাৰৰ পৰিয়ালক চৰকাৰে ৫০ লাখ টকা এককালীন সাহায্য প্ৰদান কৰে। মিৰুট জ'নৰ এ ডি জি প্ৰশান্ত কুমাৰে জনোৱা মতে, আৰক্ষী সকলেও একলগ হৈ ৭০ লাখ টকা সাহায্য দিয়ে পৰিয়ালটোক।

৪. জম্মু-কাশ্মীৰত হিমস্খলনত আৱদ্ধ হোৱা ১০জনৰ বৰ্তমানলৈ ৫ জনক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।

৫. 'যিবোৰ কংগ্ৰেছে যোৱা ৫০-৫৫ বছৰত কৰিব নোৱাৰিলে, বিজেপি মাত্ৰ ৪বছৰত কৰিলে।'- অন্ধ্ৰপ্ৰদেশত এই মন্তব্য কৰিলে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।

৬. লুধিয়ানাত জি এছ টি বিভাগে গ্ৰেপ্তাৰ কৰে দুজনক। দুয়োৰে পৰা জব্দ ১.৬ কোটি টকাৰ সোণ আৰু হীৰাৰ আ-অলংকাৰ।

৭. ভাৰত চৰকাৰে সেনা বাহিনীৰ বাবে নভাল এয়াৰ স্কুৱাড্ৰনছ আৰু মাৰিটাইম ছাৰ্ভিলেন্স এয়াৰক্ৰাফ্টৰ দুখন বিমান আৱন্টন কৰা বুলি জানিবলৈ দিয়ে নৌ সেনা অধিবক্তাই।

৮. শুকুৰবাৰে হ্ৰাস পালে সোণৰ মূল্য। প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ৮০ টকা। আনহাতে, প্ৰতি কিঃগ্ৰাঃ ৰূপত বৃদ্ধি পালে ১৮০ টকা।

৯. শুকুৰবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে বিক্ৰমাৰ্কা মাল্লুক তেলেংগানাৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে মনোনিত কৰে।

১০. ছন্দিগড়ত ঘন কুঁৱলীৰ ফলত ট্ৰাক আৰু বাছৰ সংঘৰ্ষ। এই দুৰ্ঘটনাত গুৰুতৰভাৱে ৭জন লোক আহত হোৱাৰ লগতে নিহত দুজন।

১১. ছত্তীশগড়ত শুকুৰবাৰে সেনাই উৎখাত কৰে মাওবাদীৰ এটা ঘাটি। বৃহৎ পৰিমানৰ বিস্ফোৰক সামগ্ৰীৰ লগতে মাৰণাস্ত্ৰ উদ্ধাৰ।

১২. মন্দি জিলাৰ আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে প্ৰায় এহাজাৰ কিঃগ্ৰামঃ গাঞ্জাৰ সৈতে এজন ব্যক্তিক।

১৩. নতুন দিল্লীৰ উত্তৰ ৰোহিনী অঞ্চলত বৃহস্পতিবাৰে নিশা এখন জুৱেলাৰৰ দোকানত চুৰিকাণ্ড। প্ৰায় ৫ কোটি টকাৰ গহণা চুৰি কৰি নিয়ে চোৰে।

১৪. উত্তৰপ্ৰদেশ ছুমভদ্ৰাত ট্ৰাক আৰু বাইকৰ সংঘৰ্ষ। থিতাতে নিহত ২জন বাইক আৰোহী।

১৫. উদয়পুৰত থকা বাবা ৰাম ৰহিমৰ এখন আশ্ৰমত অগ্নিকাণ্ড। বহু নথিপত্ৰ পুৰি ছাই হোৱাৰ লগতে কেবালাখ টকাৰ সামগ্ৰী ভস্মীভূত।

১৬. ২০১৯ৰ ১৯ জুলাইত মুক্তি পাব পৰিচালক ৰাজ মেহটাৰ হিন্দী ছবি 'গুড নিউজ'। মুখ্য চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু কৰীণা কাপুৰ খানে।

১৭. মুম্বাইৰ বিবন্দিত ভয়ংকৰ অগ্নিকাণ্ড। কেবাটাও জাহ গ'ল এই অগ্নিকাণ্ডত।

১৮. 'শচীনক খং কৰা দেখিছো। কিন্তু খং কৰা দেখা নাই ধোনীক।'- ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ এই মন্তব্য।

২০. প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে সেনা বাহিনীত মহিলা আৰক্ষী নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। মুঠ ২০ শতাংশ মহিলাক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে সীতাৰমনে।

২১. 'মোক এজন পৰিচালকে যৌন নিৰ্যাতন চলাইছিল। কিন্তু সেয়া বুজিবলৈ মোৰ বহু বছৰ প্ৰয়োজন হ'ল।'- এই মন্তব্য কৰিলে বলিউদৰ অভিনেত্ৰী স্বৰা ভাস্কৰে।

২২. শনিবাৰে পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ ৰেলী। ৰেলীত ভাগ ল'ব দেশৰ কেবাটাও বিৰোধী দলৰ নেতৃবৰ্গই।

২৩. কলম্বীয়াৰ ৰাজধানী বগোটাত গাড়ী বিস্ফোৰণ। ১০জন লোক আহত হোৱাৰ লগতে নিহত ১০জনকৈ লোক।

২৪. শিৱসাগৰৰ 'স্বপ্নালয়'ত কিশোৰী ধৰ্ষণ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে। শিৱসাগৰৰ আৰক্ষী অধীক্ষকক দিলে তদন্তৰ খতিয়ান দাখিলৰ নিৰ্দেশ।

২৫. 'জাতীয়তাবাদী লোক বুলি মুখ্যমন্ত্ৰীক সকলোৱে জানিছিল, জাতিদ্ৰোহী এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।'- এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in