১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত আকৌ কোৰোনাত আক্ৰান্ত ১৯জন। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৯৭৬জনলৈ পাইছে বৃদ্ধি।

২. জন্মু কাশ্মীৰৰ সীমান্তত ১৫০ দীঘল বিশাল সুৰংগ আৱিস্কাৰ হয়। সীমান্ত সুৰক্ষা বাহিনীয়ে ৩০ ফুট গভীৰতাত সুৰংগটো উদ্ধাৰ কৰে।

৩. ভাৰতীয় সেনা বাহিনীত বৃহৎ নিযুক্তি। শিক্ষাৰ্থী, নিবনুৱাৰ বাবে সুখবৰ। অষ্টম শ্ৰেণী উত্তীৰ্ণই পাব কেন্দ্ৰীয় চাকৰী।

৪. শোণিতপুৰত আছুৰ বন্ধৰ সৰ্বাত্মক প্ৰতিক্ৰিয়া।ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে আছু কৰ্মীয়ে। কিছু কিছু অঞ্চলত আছু আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সুত্ৰপাত হয়।

৫. ভেকচিন যোগানৰ বাবে মোডীক ধন্যবাদ জনালে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে। জেইৰ বলচোনোৰোৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাইয়ো বিশ্ব কোভিড যুঁজত মোডীয়ে আগৱঢ়োৱা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

৬. দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে শনিবাৰে গুৱাহাটীত উপস্থিত হয় অমিত শ্বাহ। শনিবাৰে মেঘালয়ৰ বিশেষ কাৰ্যসূচীত অংশ লৈছে অমিত শ্বাহে। শ্বিলঙৰ NEC ৰ বৈঠকত মিলিত হয় গৃহমন্ত্ৰী গৰাকী।

৭. মাৰ্চ-এপ্ৰিলত RBIয়ে প্ৰত্যাহাৰ কৰিব পুৰণি ৫, ১০, ১০০টকীয়া নোট। মে' মাহৰ পৰা দেশত পোৱা নাযাৱ এই পুৰণি মুদ্ৰা।

৮. কলকতাত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে মমতা বেনাৰ্জীয়ে প্ৰদৰ্শন কৰিলে প্ৰতিবাদ। কলকতাৰ ভিক্ট'ৰিয়া মেম'ৰিয়েলৰ 'অনুষ্ঠিত অনুষ্ঠানত মোডীৰ ভাষণৰ আগতেই মঞ্চ এৰিলে ক্ষুব্ধ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

৯. ৰাজ্যজুৰি পালন কৰা হৈছে পথ সুৰক্ষা মাহ। এই উপলক্ষে জিলাই জিলাই প্ৰশাসন, পৰিবহন বিভাগে গ্ৰহন কৰিছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী। চৰকাৰীভাৱে ৰূপায়ণ কৰা এই মাহজোৰা অনুষ্ঠানত সহযোগিতা আগবঢ়াইছে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও।

১০. কোৰোনাকালৰ পিছত মাত্ৰ ৩ মাহতে দুই কোটিৰো অধিক টকা ৰাজহ সংগ্ৰহ কৰি অভিলেখ গঢ়িলে কাজিৰঙা পৰ্যটনে। বিদেশী পৰ্যটক শূন্য যদিও ঘৰৰ অতিথিৰেই ভৰি পৰিছে কাজিৰঙা।

১১. পুনেৰ হাদাপছাৰ এলেকাত অগ্নিকাণ্ড। ১১খনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

১২. আৰ জে ডি নেতা লালু প্ৰসাদ ৰাঞ্চীৰ পৰা দিল্লীলৈ নিয়া হৈছে। তেওঁক দিল্লীৰ এইমছত ভৰ্তি কৰা হ'ব স্বাস্থ্য অধিক অৱনতি ঘটাৰ বাবে।

১৩. কৰ্ণাটকত আকৌ ৯০২জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৩জনৰ মৃত্যু।

১৪. মুম্বাইত আকৌ ৪৩৫জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। মহানগৰীখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩০৫৫৬৬জনলৈ পাইছে বৃদ্ধি।

১৫. মহাৰাষ্ট্ৰত পুনৰ ২৬৯৭জনৰ দেহত ধৰা পৰো কোভিড-১৯। ৰাজ্যখনত শনিবাৰে কোৰোনাত আক্ৰান্ত ৫৬জন লোকে হেৰুৱাই প্ৰাণ।

১৬. ৰাজস্থানত শনিবাৰৰ দিনটোত নতুনকৈ ২০৩জন লোক আক্ৰান্ত হয় কোৰোনা ভাইৰাছত। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩১৬৪৮৫জনলৈ পাইছে বৃদ্ধি।

১৭. চুবুৰীয়া ৰাজ্য মণিপুৰতো কম সংখ্যক হ'লেও প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত শনিবাৰে আকৌ ১৭জনৰ দেহত ধৰা পৰে কোভিড ১৯।

১৮. জম্মু-কাশ্মীৰৰ কাঠোৱাৰ আন্তৰাষ্ট্ৰীয় সীমান্তত বিএছএফে বিচাৰি উলিয়াই এটা সুৰংগ । সন্ত্ৰাসবাদীয়ে এই সুৰংগৰে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহ।

১৯. তামিলনাডুৰ ৯জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। লগতে জব্দ কৰে ৩.৯৩ কোটি টকা মূল্যৰ সোণ।

২০. যোৱা ২৪ ঘন্টাত উত্তৰপ্ৰদেশত আকৌ ৩২৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত চাৰিজনৰ মৃত্যু।

২১. অন্ধ্ৰপ্ৰদেশত আকৌ ১৫৮জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ উভতিছে ১৭২জন লোক।

২২. দিল্লীত আকৌ ১৯৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৩৩৭৩৯জনলৈ পাইছে বৃদ্ধি।

২৩. নিৰ্বাচনৰ প্ৰাকক্ষণত গুৱাহাটীত ভূমিহীন লোকক ভূমিপট্টা প্ৰদান কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। অনুষ্ঠানত উপস্থিতিত প্ৰায় ৫০০ হিতাধিকাৰীক প্ৰদান কৰা হয় ভূমিপট্টা।

২৪. ভুপালৰ জৱাহৰ চকৰ পৰা ৰাজভৱনলৈ প্ৰতিবাদকাৰী কৃষকৰ সমৰ্থন কংগ্ৰেছ কৰ্মীয়ে বাহিৰ কৰে এক সমদল। আৰক্ষীয়ে ৱাটাৰ কেনন ব্যৱহাৰেৰে বাধা দিয়ে কংগ্ৰেছ কৰ্মীসকলক।

২৫. পশ্চিমবংগৰ হাউৰাত বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ। বিজেপি কৰ্মীয়ে অভিযোগ কৰা অনুসৰি এই আক্ৰমণ কৰে টিএমচি কৰ্মীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in