১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ৰাজ্যত বৃহস্পতিবাৰৰ দিনটোত পুনৰ কোৰোনাত আক্ৰান্ত হয় ২১ গৰাকী লোক । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১১৬ গৰাকী লোকে । বৃহস্পতিবাৰে এজনো কোৰোনাত আক্ৰান্ত হৈ এগৰাকীও লোকৰ মৃত্যু হোৱা নাই ।

২.২২ জানুৱাৰীৰ পুৱা ১০.৩০ বজাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সম্বোধন কৰিব । এয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ উদ্দীপ্ত নৱপ্ৰজন্মৰ সৈতে মত বিনিময় কৰাৰ এক উত্তম সুযোগ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

৩. ডবকাৰ ৰাজপথত নাকা তালাচীক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ডবকাৰ খেৱাঘাটত চলিছিল আৰক্ষীৰ নাকা তালাচী ।
তালাচীৰ সময়তে একাংশই শিলগুটি নিক্ষেপ কৰে আৰক্ষীলৈ । এই ঘটনাত ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ দুজন আৰক্ষীৰ লোক আহত হয় । পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ লগতে ঘটনা সন্দৰ্ভত এজন লোকক আটক কৰে আৰক্ষীয়ে ।

৪.নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ সংযোজন কাৰ্যক্ষম কৰা সন্দৰ্ভত বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰসায়ণ আৰু সাৰমন্ত্ৰী ডি ভি সদানন্দ গৌড়াৰে এক বৈঠকত মিলিত হয় ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু বিত্ত,স্বাস্থ্য তথা শিক্ষা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

৫. শোণিতপুৰৰ চাৰিদুৱাৰৰ শালবাৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । হত্যা কৰি ৰাজপথত পেলাই দিয়া হৈছিল মহিলাগৰাকীৰ মৃতদেহটো । এই সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে পুনা মুণ্ডা নামৰ এগৰাকী অভিযুক্তক ।

৬. ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে পথ সুৰক্ষাৰ কাৰ্যসূচী । ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ অংশ ৰূপে বৰপেটা জিলা পৰিবহন বিভাগ ল'লে বিশেষ কাৰ্যসূচী।পাঠশালাত পৰিবহন বিভাগে অনুষ্ঠিত কৰে বাটৰ নাট ।

৭. বোকাখাত কৃষি, পশুপালন আৰু উদ্যান শস্য বিভাগৰ আটকধুনীয়া প্ৰদৰ্শনী। প্ৰদৰ্শনীত অংশ লয় ১০ বিদেশী ৰাষ্ট্ৰই । ভাৰ্চুৱেল মাধ্যমেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে এই প্ৰদৰ্শনী । এই প্ৰদৰ্শনী মেলাত দেশ-বিদেশৰ প্ৰায় দুশ বিপণীয়ে অংশ লয় ।

৮.মহাজোট বন্ধনৰ পিছত আঞ্চলিক গণমৰ্চাই ৮৮ খন আসন পোৱাৰ সম্ভাৱনা বুলি বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই মন্তব্য কৰে গণমৰ্চাৰ নেতৃত্বই । মহাজোট বন্ধনৰ পিছতে আতংকত ভূগিছে বিজেপি এই বুলিও মন্তব্য গণমৰ্চাৰ নেতৃত্বই।

৯. বৃহস্পতিবাৰে বাইহাটাৰ মদনপুৰৰ টোলগেটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।এগৰাকী মহিলাক টোলগেটৰ কৰ্মীয়ে অশালীন আচৰণ কৰা ঘটনাকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

১০. দেশত ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হয় কোভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী । দেশত বৰ্তমানলৈকে ৯ লাখ ৯৯ হাজাৰতকৈও অধিক লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে এক সংবাদমেল যোগে এই মন্তব্য কৰে ।

১১. বোম্বে ষ্টক একচেঞ্জত দিনটোৰ আৰম্ভনিতে ছেনচেক্সে ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰে । যাৰ ফলত এক আনন্দময় পৰিবেশৰ সৃষ্টি হয় । ইফালে ছেনচেক্স বৃদ্ধিৰ বাবে শিৱসেনাৰ সাংসদ অৰবিন্দ সাৱণ্টে কেক কাটি উতসৱ মুখৰ পৰিবেশত অংশ লয় ।

১২ প্ৰতিৰক্ষা প্ৰধান জেনেৰেল বিপিন ৰাৱটে বৃহস্পতিবাৰে যোধপুৰ বায়ু সেনা কেন্দ্ৰ পৰিদৰ্শন কৰে । ৰাৱাটে কেন্দ্ৰটি পৰিদৰ্শন কৰাৰ লগতে ভাৰতীয় বায়ু সেনা আৰু ফৰাচী বায়ু আৰু স্পেচ সেনাৰ মাজৰ অনুশীলন প্ৰত্যক্ষ কৰে ।

১৩. অসম আৰক্ষীৰ ৫৯৭ টা উপ পৰিদৰ্শক পদত নিযুক্তিৰ বাবে ১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ ' পেৰেড গ্ৰাউণ্ড'ত ফিজিকেল ষ্টেণ্ডাৰ্ট টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ'ব ।

১৪. পুনে স্থিত চিৰাম ইনষ্টিটিউটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । চিৰাম ইনষ্টিটিউটৰ নিৰ্মানৰত অট্টালিকাত বৃহস্পতিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত ৫ গৰাকী লোকৰ মৃত্যু হয় ।

১৫. এই বৰ্ষৰ 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১' আগবঢ়োৱা হৈছে জ্যেষ্ঠ সাংবাদিক অতীন দাসলৈ । গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব । এই বঁটাত আছে এক লাখ টকা,প্ৰশস্তি পত্ৰ,স্মাৰক,অংগ বস্ত্ৰ,এখন শৰাই আৰু গামোছা।

১৬. দেশত বৃদ্ধি হৈছে বাৰ্ড ফ্লুৰ সংক্ৰমন । বৃহস্পতিবাৰে ছত্তীশগড়, হাৰিয়ানা, কেৰালা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু পঞ্জাৱৰ ৬ খন ৰাজ্যৰ কুকুৰা বাৰ্ড ফ্লুত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হোৱাৰ লগতে চত্তীশগড়, দিল্লী, গুজৰাট, হ'ল প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত বাৰ্ড ফ্লু কাউৰীৰ লগতে অন্য পক্ষীও বাৰ্ঢ ফ্লুত আক্ৰান্ত হৈছে বুলিনিশ্চিত কৰা হৈছে।

১৭. মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত ২৭ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অংকীয়া ভাওনা সমাৰোহৰ আয়োজনৰ লগত সংগতি ৰাখি অন্তিম দিনা মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ প্ৰতিচ্ছবিৰ ওপৰত ৰাজ্যিক ভিত্তিত এখন চিত্ৰাঙ্কণ প্ৰতিযোগিতাও অনুস্থিত কৰা হৈছে ।

১৮. অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ টিচাৰী চু নদীৰ পাৰত ৰঙা চীনে স্থাপন কৰা আধুনিক গাঁৱৰ বিৰুদ্ধে বৃহস্পতিবাৰে সীমান্তবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।এই ঘটনাত সমগ্ৰ দেশবাসী স্তম্ভিত হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কোনো পদক্ষেপ নোলোৱাত ক্ষুব্ধ হৈ পৰে সীমান্তবাসী ।

১৯. কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সৈতে হোৱা দশমলানি বৈঠকত কেন্দ্ৰীয় চৰকাৰে কৃষি আইন ডেৰ বছৰলৈ বলবৎ নকৰাৰ প্ৰস্তাৱ দিয়ে কৃষক সংগঠন সমূহক ।সংগঠন সমূহে এই প্ৰস্তাৱ সম্পৰ্কে বৃহস্পতিবাৰে আলোচনাত মিলিত হোৱাৰ লগতে ২২ জানুৱাৰীৰ পৰবৰ্তি বৈঠকত এই প্ৰস্তাৱ সম্পৰ্কে মতামত প্ৰদান কৰিব ।

২০.চীন ৰাজতন্ত্ৰৰ পৰম্পৰা অটুট ৰাখি ঐতিহাসিক গোভা ৰাজ্যৰ জোনবিলৰ পাৰত বৃহস্পতিবাৰ পৰা আৰম্ভ হৈছে পাহাৰ ভৈয়ামৰ লোকসকলৰ সম্প্ৰীতিৰ হাট জোনবিল মেলা। ইংৰাজ শাসনলৈ অহাৰ সময়লৈ আহোম সকলৰ দৰে মধ্য অসমতো আছিল তিৱাসকলৰ বহুকেইখন সৰু-বৰ ৰাজ্য ।

২১. ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলালে নাথে ঘোষণা কৰিছে যে ৰাজ্য চৰকাৰখনে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো ছাত্ৰীৰ বাবে বিনামুলীয়া চেনিটাৰী নেপকিন বিতৰণ কৰা বিষয়টো মঞ্জুৰ কৰিছে। শিক্ষামন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত কয় যে, বিদ্যালয়ৰ ছাত্ৰীসকলক পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰিছে।

২২. পাকিস্তানে যুদ্ধ বিৰতি উলংঘন কৰি বৃহস্পতি বাৰে জন্মু কাশ্মিৰৰ পুচ জিলাত গুলিচালনা কৰে । গুলিচালনাত এগৰাকী ভাৰতীয় জোৱান শ্বহীদ হয় । শ্বদীদ হোৱা জোৱান জন হ'ল নিৰ্মল সিং ।

২৩. বিজ্ঞানৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰি জনগণৰ মাজত বিজ্ঞানমনস্কতা গঢ়ি তোলাৰ উদ্দেশ্যে ২৩ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন খন বিহপুৰীয়াত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে ৷

২৪.ব্যাপক সংশোধন হ'ব উচ্চতৰ মাধ্যমিকৰ পাঠ্যপুথিৰ । শিক্ষা সংসদৰ উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত গ্ৰহন কৰা হয় ।
২০২১-২২ শিক্ষা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকত নাথাকিব বিকল্প ইংৰাজী বিষয় ।

২৫. বিহালীৰ মাদুৰালীত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হোৱা শ্ৰমিক গৰ্জন কাৰ্যসূচীৰ পৰা প্ৰতিবাদকাৰীক লৈ উভতি অহা পথত স্কুলীয়া ছাত্ৰক মহতিয়াই লৈ যায় তুকতুক নামৰ আল্ট্ৰা বাছ খনে।দূৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰাবাছ খনৰ নম্বৰ AS 07C 7889৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in