১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত বুধবাৰে কোৰোনাত আক্ৰান্ত হৈ দুজনৰ মৃত্যু। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৭৭জনলৈ পাইছে বৃদ্ধি।

২. বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব জোনবিল মেলা। মাঘ মাহৰ দ্বিতীয় সপ্তাহত উদযাপন হোৱাটো এই মেলা পৰম্পৰা।গোভাদেওৰজাৰ জোনবিল মেলালৈ এইবাৰো আহিব দেশৰ ভিন্ন প্ৰান্তৰ লোক। পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো এই মেলাত চলিব বিনিময় প্ৰথা।

৩. অসমৰ কেইবাটাও জনগোষ্ঠীয়ে বুধবাৰে পালন কৰে মাঘ বিহুৰ উৰুকা। বিশেষকৈ দেউৰী আৰু তিৱাসকলে নিজৰ পৰম্পৰা ৰক্ষা কৰি পালন কৰে এই উৎসৱ।

৪. চিত্ৰশিল্পী নলিনীকান্ত বৰুৱালৈ অমূল্য মান্না আলোকচিত্ৰ বঁটা। নগাঁৱৰ কিশলয় ভৱনত প্ৰদান কৰা হ'ল এই
বঁটা প্ৰদান কৰে। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই।

৫. ২৯ জানুৱাৰীত জিলা পুথিভঁৰালত ৰাজ্যিক অভিৱৰ্তন। বুধবাৰে এক সংবাদমেল সম্বোধন কৰে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহাইয়ে। তেওঁ কয় যে 'কা' য়ে দেশ আৰু ৰাজ্যৰ ঐক্যত ব্যাঘাত জন্মাইছে। বিভেদকামী শক্তিয়ে কা' বলৱৎ কৰিবলৈ উঠি পৰি লাগিছে বুলিও মন্তব্য কৰে গোঁহাইয়ে

৬. বুধবাৰৰ পৰা আৰম্ভ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ। গুৱাহাটী পৰিবহণ নিগমৰ উদ্যোগত মাহজোৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষাৰ সজাগতা অভিযান আৰম্ভ।

৭. হোৱাইট হাউচৰ পৰা ডোনাল্ড ট্ৰাম্পৰ বিদায়ৰ ক্ষণ সমাগত। শেষ বাৰৰ বাবে আমেৰিকাৰ জনসাধাৰণক সম্বোধন ট্ৰাম্পৰ

৮. গোলাঘাটত কংগ্ৰেছৰ জোৰ সমদল। আৰক্ষীৰ সৈতে হতাহতি কংগ্ৰেছ কৰ্মীৰ। গৌৰৱ গগৈৰ নেতৃত্বত উলিওৱা হৈছিল জোৰ সমদল

৯. ৩১ দিনৰ ভৰি দিলে লাইকা দধিয়াবাসীৰ প্ৰতিবাদে। প্ৰতিকুল বতৰকো নেওচি অব্যাহত প্ৰতিবাদ। বুধবাৰে উকলিব চৰকাৰে দিয়া সময়সীমা। বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিব প্ৰতিবাদকাৰীয়ে।

১০.দেৰগাওঁত অগপৰ জাতীয় ঐক্য সমাৰোহ। কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰজোঁটকলৈ কটাক্ষ মন্ত্ৰী অতুল বৰাৰ

১১. কোভিড প্ৰটকল মানি অনুষ্ঠিত হ'ব নিৰ্বাচন। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে মুখ্য নিৰ্বাচনী আয়ুক্তই। এহেজাৰ ভোটদাতাৰ অধিক হ'লে ভোটকেন্দ্ৰৰ কাষতে স্থাপন হ'ব নতুন ভোটকেন্দ্ৰ।

১২. বুধবাৰৰ সন্ধিয়া ৬ বজালৈকে দেশত ৭৮৬৮৪২জন লোকক কোভিড টীকাকৰণ প্ৰদান কৰা হৈছে।– এই কথা সদৰী কৰিলে স্বাস্থ্য মন্ত্ৰণালয়ে।

১৩. কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত। বুধবাৰে চৰকাৰ আৰু কৃষকৰ মাজত এক বৈঠক অনুষ্ঠিত হয়। পুনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ'ব আন এখন বৈঠক।

১৪. চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে অনুসন্ধানকাৰী সংস্থাটোৰে ডিএছপি আৰ কে ঋষিক। উৎকোচ লোৱা এক ঘটনাত অভিযুক্ত চিবিআইৰ ডিএছপি গৰাকী।

১৫. কৰ্ণাটকত আকৌ ৫০১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংক্যা ৯৩৩৫৭৮জনলৈ পাইছে বৃদ্ধি।

১৬. ৩০ জানুৱাৰীত দেশজুৰি পালন কৰা হয় শ্বহীদ দিৱস। কেন্দ্ৰ চৰকাৰে আহ্বান জনাই যে, শ্বহীদ দিৱসৰ দিনটোত দেশৰ স্বাধীনতাৰ বাবে বলিদান দিয়া শ্বহীদ সকলক স্মৰণ কৰি দুই মিনিটৰ বাবে মৌনতা অৱলম্বন কৰা হ'ব।

১৭. মুম্বাইত বুধবাৰে ৫০১জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। মহানগৰীখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩০৪১২২জনলৈ পাইছে বৃদ্ধি।

১৮. মুম্বাইত এনচিবিয়ে গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক। লগতে জব্দ কৰে বৃহৎ পৰিমানৰ ড্ৰাগছ।

১৯. বুধবাৰে দিল্লীত পুনৰ ২২৮জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৬৩৩০৪৯জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২০. মহাৰাষ্ট্ৰত আকৌ ৩০১৫জন আক্ৰান্ত কোৰোনাত। ৰাজ্যখনত বুধবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ৫৯জনৰ মৃত্যু।

২১. শপতগ্ৰহণ অনুষ্ঠানলৈ যোৱাৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতি জ' বাইডেনৰ টুইট। টুইটটোত তেওঁ লিখিছে- 'এয়া আমেৰিকাৰ বাবে এক নতুন দিন।'

২২. কেৰালাত আকৌ ৬৮১৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৬৯৬৯৩জন ৰোগী।

২৩. তাণ্ডৱ ৱেব ছিৰিজখনৰ বিৰুদ্ধে পুনৰ গোচৰ ৰুজু। মুম্বাইৰ ঘাটকোপাৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে ৱেব ছিৰিজখনৰ বিৰুদ্ধে গোচৰ।

২৪. ৰঞ্জন বেনাৰ্জীয়ে কলকাতাত বিজেপিত কৰিলে যোগদান। ৰঞ্জন বেনাৰ্জী আদিত্য বিৰলা গ্ৰুপৰ প্ৰাক্তন উপ সভাপতি।

২৫. পঞ্জাৱৰ কাপুৰথালাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিটা বিদেশী ড্ৰাগছ সৰবৰাহকাৰীক। প্ৰায় ৩.৫ কেজি হেৰ'ইনখন গ্ৰেপ্তাৰ কৰে তিনিওকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in