১ মিনিটত দিনটোৰ ২৫ খবৰ

১ মিনিটত দিনটোৰ ২৫ খবৰ

১. বুলেট ট্ৰেইনৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল আহমেদাবাদ। সহস্ৰাধিক কৃষকে বুলেট ট্ৰেইন প্ৰকল্প বন্ধ কৰাৰ দাবীত মঙলবাৰে কঁপালে গুজৰাটৰ ৰাজপথ। মুম্বাইত একাধিক দল-সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ।

২. দলৱদ্ধ ধৰ্ষণৰ বাতৰি পৰিৱেশনক লৈ হাৰিয়ানাৰ একাংশ সংবাদ মাধ্যমক সকীয়নি উচ্চতম ন্যায়ালয়ৰ। নাম আৰু ফটো প্ৰকাশ কৰাৰ পিছতে এই সকীয়নি দেশৰ সৰ্বোচ্চ আদালতৰ।

৩. হাৰিয়ানাৰ দলৱদ্ধ ধৰ্ষণক লৈ প্ৰধানমন্ত্ৰী মোডীৰ নীৰৱতা সন্দৰ্ভত প্ৰশ্ন ৰাহুল গান্ধীৰ। বিজেপি শাসনত থকা বাবেই মোডী মৌন বুলি কটাক্ষ ৰাহুলৰ।

৪. হাৰিয়ানাৰ দলৱদ্ধ ধৰ্ষণৰ গোচৰৰ তদন্তত হেমাহি কৰা মহিলা আৰক্ষী বিষয়াক নিলম্বন হাৰিয়ানা চৰকাৰৰ।

৫. ৰেৱাড়ী কাণ্ডৰ পিছত হাৰিয়ানাত পুনৰ বলাৎকাৰৰ ঘটনা। ৰাজ্যখনৰ পানীপথত অপহৰণ কৰি বলাৎকাৰ এগৰাকী নাবালিকাক।

৬. ভাৰতৰ নিম্ন আদালতসমূহত এতিয়াও বিচাৰ সম্পূৰ্ণ নোহোৱাকৈয়ে পৰি ৰৈছে ২২ লাখৰো অধিক গোচৰ। শেহতীয়া প্ৰতিবেদনত জনালে আইন মন্ত্ৰণালয়ে।

৭. পশ্চিমবংগতো এনআৰচিৰ কাম আৰম্ভ কৰাৰ দাবী আৰএছএছৰ। একমাত্ৰ এনআৰচিয়েহে ৰাজ্যখনৰ হিন্দুসকলক সুৰক্ষা দিব পাৰিব বুলি দাবী হিন্দুত্ববাদী সংগঠনটোৰ নেতা জিষ্ণু বসুৰ।

৮. দেশৰ প্ৰথমগৰাকী মহিলা আই এ এছ বিষয়াৰ ৯১ বছৰ বয়সত মৃত্যু। মুম্বাইৰ আন্ধেৰীস্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ আন্না ৰাজম মালহোত্ৰাৰ।

৯. এইবাৰ দুৰ্গা পূজাত নতুন ৰূপত দেখা যাব টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক। পূজা উপলক্ষে এটা বিশেষ মিউজিক ভিডিঅ'ত অভিনয়ৰ বিষয়ে সংবাদ মাধ্যমক জনালে গাংগুলীয়ে।

১০. চট্টগ্ৰাম আৰু মংলা বন্দৰ ভাৰতীয় জাহাজৰ ব্যৱহাৰত অনুমোদন ঢাকাৰ। কোনোধৰণৰ সমস্যা অবিহনেই এতিয়া বন্দৰ দুটাত ৰখাব পাৰিব ভাৰতীয় জাহাজ।

১১. চীনে আমেৰিকাৰ বিৰুদ্ধে আৰম্ভ কৰিছে ট্ৰেড ৱাৰ। আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ লক্ষ্যৰে এই বাণিজ্য যুদ্ধ আৰম্ভ কৰা বুলি ড্ৰেগনৰ দেশৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ।

১২. বৃদ্ধ পিতৃক ভৰণ-পোষণৰ ক্ষেত্ৰত অৱহেলা কৰি ৰঙাঘৰৰ আলহী এজন চীনা নাগৰিক। দেশখনৰ আদালতে ২ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে লোকজনক।

১৩. ৰহিংগীয়াক সংস্থাপনৰ বাবে বাংলাদেশ চৰকাৰৰ বিশেষ পদক্ষেপ। অক্টোবৰৰ ভিতৰত অতি কমেও ১ লাখ ৰহিংগীয়া লোকক দেশখনৰ সমীপৱৰ্তী এটা নিৰ্জন দ্বীপলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত।

১৪. ৰাছিয়াৰ বিমানত আক্ৰমণ ছিৰিয়াৰ। ছিৰিয়া চৰকাৰে মিছাইলেৰে আক্ৰমণ চলোৱাৰ অভিযোগ মস্কোৰ।

১৫. দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰীৰ বিৰুদ্ধে এজাহাৰ। ছীল কৰা এটা ঘৰৰ তলা বলপূৰ্বক ভাঙি দিয়াৰ অভিযোগত এজাহাৰ দাখিল।

১৬. তেলেংগানাৰ অনাৰ কিলিঙৰ ঘটনা সন্দৰ্ভত ভূক্তভোগীৰ পিতৃসহ ৭জনক গ্ৰেপ্তাৰ। ১৪ ছেপ্তেম্বৰত নালকোণ্ডা জিলাত সংঘটিত হৈছিল এই দুৰ্ভাগ্যজনক ঘটনা।

১৭. প্ৰাক্তন চিএফঅ' ৰাজীৱ বানছালৰ বিৰুদ্ধে আইনী যুদ্ধত পৰাস্ত ইনফ'ছিছ। বানছালক ১২.২০ কোটি টকা আদায় দিবলৈ ইনফ'ছিছক নিৰ্দেশ আদালতৰ।

১৮. সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান মিজোৰামৰ গীৰ্জাসমূহৰ উমৈহতীয়া সমিতিৰ। তৃতীয় লিংগৰ লোকসকলক প্ৰদান কৰা সমঅধিকাৰৰ বিৰোধিতা ৰাজ্যখনৰ ১৪ টা প্ৰধান গীৰ্জাৰ যাজকৰে গঠিত বিশেষ কমিটিৰ।

১৯. অচিৰেই আৰম্ভ হ'ব বলীউডৰ জনপ্ৰিয় ৰিয়লিটী শ্ব' 'কফি উইথ কৰণ'। শ্ব'টোৰ ষষ্ঠ সংস্কৰণৰ টেইলাৰ মুকলি।

২০. বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰ অসুস্থ। দিল্লীৰ এইমছত ভৰ্তি চকুৰ লগতে আঠুৰ সমস্যাত আক্ৰান্ত মুখ্যমন্ত্ৰীগৰাকীক।

২১. মৰিয়নীৰ কঠালগুৰিত দুৰ্ঘটনাগ্ৰস্ত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন।

২২. শিৱসাগৰ জিলাৰ দিখৌমুখৰ লুইতত মহিলাৰ সলিল সমাধি। এছ ডি আৰ এফে অব্যাহত ৰাখিছে অভিযান।

২৩. কামৰূপ মেট্ৰ, যোৰহাটৰ লগতে ধুবুৰী জিলাতো প্ৰশাসনৰ ডাই ড্ৰে ঘোষণা। আবকাৰী বিধি ২০১৬ৰ অধীনত সকলো সুৰাৰ বিপণী বন্ধৰ নিৰ্দেশ।

২৪. অৱসৰৰ দিনাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন পেমেণ্ট অৰ্ডাৰ। ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ।

২৫. ৮খনকৈ বিশেষ সংসদীয় কমিটিৰ পুনৰ গঠন। ৰাজ্যসভাৰ সৈতে জড়িত সংসদীয় কমিটিকেইখনৰ পুনৰ গঠন প্ৰক্ৰিয়া চূড়ান্ত কৰে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in