১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. আজি কঙালী বিহু। মহা নৱমীৰ মাজতে সমগ্ৰ ৰাজ্যবাসীয়ে সন্ধিয়া তুলসী তলত চাকি জ্বলাই পালন কৰে কঙালী বিহু। পৰম্পৰা অনুযায়ী ধাননি পথাৰতো কৃষক ৰাইজে জ্বলাইছে চাকি।

২. কিউ এছ ব্ৰিকছ ইউনিভাৰ্ছিটী ৰেংকিং ২০১৯ত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ ৪০০খন বিশ্ববিদ্যালয়ৰ ভিতৰত ১৪৬ নং স্থানত তেজপুৰ বিশ্ববিদ্যালয়। ইফালে ভাৰতৰ শীর্ষ ৭৫খন বিশ্ববিদ্যালয়ৰ ভিতৰত ৩৬ নং স্থানত তেজপুৰ বিশ্ববিদ্যালয়।

৩. তিনিদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰাণিল বিক্ৰমছিংঘে। এই ভ্ৰমণকালত দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক সম্বন্ধ অধিক সুদৃঢ় কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব তেওঁ।

৪. তিতলি ঘূৰ্ণিৰ পাছতে প্ৰধানমন্ত্ৰীলৈ আৰ্থিক সাহায্য বিচাৰি ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ পত্ৰ। ৰাজ্যখনলৈ ১০০০ কোটি টকাৰ আৰ্থিক সাহায্য বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ মুখ্যমন্ত্ৰীজনৰ।

৫. পঞ্জাৱৰ লুধিয়ানাত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ লগতে কেবিনেট মন্ত্ৰীসকলৰ ফটো সম্বলিত প্ৰতিকৃতি জ্বলাই শিক্ষকৰ প্ৰতিবাদ। প্ৰাৰম্ভিক পৰ্যায়ত শিক্ষকৰ দৰমহা ১৫০০০ নিৰ্ধাৰণ কৰাৰ লগতে শিক্ষকসকলক স্থায়ীভাৱে নিযুক্তি দিয়াৰ দাবী।

৬. ২১ অক্টোবৰৰ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া মেচখনৰ বাবে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন আৰম্ভ দুয়োটা দলৰ। প্রিয় তাৰকা খেলুৱৈজনৰ অনুশীলন চাবলৈ বৰ্ষাপাৰাত অনুৰাগীৰ ভিৰ।

৭. কঙালী বিহু উপলক্ষে মাজুলীৰ আউনীআটি সত্ৰত বৃহস্পতিবাৰে সন্ধিয়া জ্বলোৱা হয় আকাশবন্তি। আকাশবন্তি চাবলৈ ভিৰ কৰে বহুলোকে।

৮. ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া মেচৰ বাবে গুৱাহাটীত উপস্থিত হৈছেহি দুয়োটা দলৰ বহুকেইজন খেলুৱৈ তথা প্ৰশিক্ষক। বৃহস্পতিবাৰে কেইবাজনো খেলুৱৈৰ লগতে গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী।

৯. দ্ৰুতগতিত আগবাঢ়িছে বগীবিল দলং নিৰ্মাণৰ কাম। বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে দলংখনত পৰীক্ষামূলকভাৱে
চলিল দ্ৰুত ৰে'ল ইঞ্জিন।

১০. ২০০৪ চনৰ আজিৰ দিনটোতে দুৰ্ধষ সন্ত্ৰাসবাদী বীৰাপ্পনাক সংঘৰ্ষত হত্যা কৰিছিল আৰক্ষীয়ে। বীৰাপ্পনাক কৰায়ত্তৰ বাবে চৰকাৰে ব্যয় কৰিছিল ২০ কোটি টকা।

১১. দছেৰাৰ প্ৰাকক্ষণত অপশক্তি নাশ হোৱাৰ কামনাৰে দেশৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে বিয়লি জ্বলিল কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিমূৰ্তি। জম্মু, গুজৰাট ইত্যাদি ঠাইত প্ৰতিমূৰ্তি জ্বলোৱা কাৰ্যই দৃষ্টি হৰণ কৰে বহুলোকৰ।

১২. মি টু সন্দৰ্ভত মহাৰাষ্ট্ৰৰ নৱনিৰ্মাণ সেনাৰ নেতা ৰাজ থাকৰেই নানা পাটেকাৰক সৰ্মথন কৰি ক'লে, 'নানাই এনে কাম কৰিব নোৱাৰে।'

১৩. ডেনৰ্মাক অপেন ট্ৰফীত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ছাইনা নেহৱালৰ। জাপানৰ অকানে যামাগুচিক পৰাস্ত কৰিলে ছাইনাই।

১৪.  প্ৰসংগ মি টু। ৩১ অক্টোবৰত আদালতত ভাষ্য প্ৰদান কৰিব সদ্য পদত্যাগী কেন্দ্ৰীয়মন্ত্ৰী এম জে আকবৰে।

১৫. বিজয়া দশমী উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিকানেৰত সাক্ষাৎ কৰে বি এছ এফ জোৱানৰ পৰিয়ালৰ লোকসকলক। জোৱানসকলৰ পৰিয়ালৰ লোকসকলক সাক্ষাৎ কৰি সন্তুষ্টি ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।

১৬. হায়দৰাবাদৰ পৰা অহা এন আই এৰ এটি দলে গুৱাহাটীত বৃহস্পতিবাৰে নকল টকাসহ গ্ৰেপ্তাৰ কৰে এজন লোকক। মহম্মদ আকবৰ আলী নামৰ লোকজনক ৫,০১,৫০০ টকাৰ নগদ ধনসহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

১৭. তেজপুৰ জিলাৰ পাঁচমাইলত গৰু ভৰ্তি ট্ৰাকসহ চালক আৰু হেণ্ডিমেনক জব্দ কৰি আৰক্ষীক গতালে গাঁওৰক্ষী বাহিনীয়ে। বিশ্বনাথৰ পৰা গৰু লৈ যোৱা ট্ৰাকখনত আছিল ২০ টা গৰু।

১৮. কঙালী বিহু উপলক্ষে ডিব্ৰুগড় জিলাৰ বগপৰা গাঁৱত গাঁওবাসীৰ সৈতে আকাশবন্তি জ্বলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। জাতীয় জীৱনৰ পৌৰাণিক ঐতিহ্য-পৰম্পৰাসমূহ নতুন প্ৰজন্মক ধৰি ৰখাৰ আহ্বান মুখ্যমন্ত্ৰীৰ।

১৯. ছত্তীশগড়ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা। বৃহস্পতিবাৰে ১২ জনীয়া প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰে কংগ্ৰেছে।

২০.  বৃহস্পতিবাৰে উৰিষ্যাত তিতলি ঘূৰ্ণি বতাহত ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ধমেন্দ্ৰ প্ৰধানে। ৰাজ্যখনৰ গজপতি জিলা ভ্ৰমণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে তেওঁ।

২১. চিলাপথাৰত চাইকেল আৰু বাইকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত মহিলাসহ ৩গৰাকী লোক। আহত আটাইকেইজনকে হাস্পতালত ভৰ্তি কৰা হয়।

২২. বুধবাৰে উচ্চতম ন্যায়ালয়ে কেৰালাৰ সৱৰিমলা মন্দিৰত ১০ বছৰৰ পৰা ৫০ বছৰ বয়সৰ মহিলাৰ প্ৰৱেশৰ সপক্ষে ৰায় দিয়াৰ পাছতে মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত। বহুতো ভক্তই বৃহস্পতিবাৰে ভিৰ কৰে মন্দিৰত।

২৩. মেক্সিকান প্ৰব্ৰজনকাৰীক লৈ কঠোৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। মেক্সিকো সীমান্তত সেনাবাহিনী নিয়োগ কৰাৰ কথা ঘোষণা ট্ৰাম্পৰ।

২৪. ইমৰাণ খানৰ প্ৰধানমন্ত্ৰীত্বক অযোগ্য ঘোষণা কৰিবলৈ জনোৱা আবেদন নাকচ পাকিস্তানৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। সম্পত্তিৰ তালিকা ৰাজহুৱা নকৰাৰ অভিযোগ তুলি এই আবেদন জনাইছিল বিৰোধী দলে।

২৫. ভুৱা ভিছাৰে বিদেশ ভ্ৰমণৰ চেষ্টা চলাই আৰক্ষীৰ জালত মহাৰাষ্ট্ৰৰ এজন ৫৮ বছৰীয়া লোক। মহাৰাষ্ট্ৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি লোকজনক গ্ৰেপ্তাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in