১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসমত অব্যাহত বানৰ তাণ্ডৱ। বানৰ ফলত বৰ্তমানলৈ ৩৭জনকৈ লোকে ৰাজ্যখনত হেৰুৱাইছে প্ৰাণ। আৰু দুজনৰ মৃত্যু হৈছে ভূমিস্খলনৰ ফলত।

২. ডাউড ইব্ৰাহিমৰ ভতিজা ৰিজৱানক আৰক্ষী জিম্মালৈ প্ৰেৰণ। অহা ২২ জুলাইলৈ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰিজৱানক।

৩. পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বাহিব খাকান আব্বাছীক গ্ৰেপ্তাৰ। নেশ্যনেল একাউণ্টেবিলিটী ব্যুৰই গ্ৰেপ্তাৰ কৰে প্ৰাক্তন পাক প্ৰধানমন্ত্ৰীগৰাকীক।

৪. ২০ জুলাইত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকিব কাৰ্গিলত। কাৰ্গিল বিজয় দিৱসত অংশ ল'ব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

৫. নেপালত বানৰ সংহাৰী ৰূপ। বৰ্তমানলৈ বান আৰু ভূমিস্খলনৰ ফলত নিহত হয় ৯০ জন। ইফালে ২৯জনকৈ লোক বৰ্তমানেও সন্ধানহীন।

৬. ছত্তীশগড়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা পলাতক কাৰাদণ্ডীক। জেলৰ দেৱাল পাৰ হৈ পলাই গৈছিল কাৰাদণ্ডীটো। পলায়ন কৰাৰ ৫ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে কৰে গ্ৰেপ্তাৰ।

৭. গুজৰাটৰ তক্ষশিলা অৰ্কেডত অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনী সক্ষম হয় জুই নিৰ্বাপন কৰিবলৈ। বৰ্তমানলৈ কোনো লোক হতাহত হোৱা নাই।

৮. নেপালৰ ধনগাডীত ভয়ংকৰ বোমা বিস্ফোৰণ। বিস্ফোৰণত প্ৰাণ হেৰুওৱাই ৫জন লোকে। আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

৯. কৰ্ণাটকৰ গংগাবাথিত অচিনাক্ত দুৰ্বৃত্তাই ভাঙিলে মঠ-মন্দিৰ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

১০. কংগ্ৰেছ বিধায়ক শ্ৰীমন্ত পাটিল চিকিৎসাধীন। চেন্নাইলৈ কোনো ব্যক্তিগত কৰ্মসূত্ৰে যোৱা সময়ত বুকুত বিষ অনুভৱ কৰাৰ পাছতেই ডাক্তৰৰ পৰামৰ্শ অনুসৰি চিকিৎসাধীন হোৱা কথা জনাই বিধায়কগৰাকীয়ে।

১২. ১২গৰাকী বাংলা ছবি আৰু টিভি অভিনেতাই বৃহস্পতিবাৰে যোগ দিয়ে বিজেপিত। বিজেপি নেতা মুকুল ৰয় আৰু দীলিপ ঘোষৰ উপস্থিত দলটোত যোগদান অভিনেতা কেইগৰাকীৰ।

১৩. দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে এটা অবৈধ অস্ত্ৰ সৰবৰাহকাৰীক। আৰক্ষীয়ে জব্দ কৰে ৫টা ছেমি অট'মেটিক পিষ্টল এটা হস্তনিৰ্মিত পিষ্টল আৰু ২৩টা কাৰ্টিজ।

১৪. কলকাতাত বি এছ এফে গ্ৰেপ্তাৰ কৰে বাংলাদেশৰ ৪টা গৰু সৰবৰাহকাৰী। ২৭০টা গৰুসহ বিএছএফে গ্ৰেপ্তাৰ কৰে ধৃত চাৰিটাক।

১৫. অভিনেতা এজাজ খানক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে। ধৰ্ম বিৰোধী ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হয় অভিনেতাজনক।

১৬. বৃহস্পবিতাৰে তৃণমূল কংগ্ৰেছৰ নেতা সব্যাছাশী দত্তৰ পদত্যাগ। টি এম চি নেতাগৰাকী বিধাননগৰৰ মেয়ৰ।

১৭. মুম্বাইৰ মিল্লট নগৰৰ এটা বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। কোনো লোক হতাহত হোৱা নাই এই অগ্নিকাণ্ডত।

১৮. পাটনা বিধানসভাৰ সমীপত শ শ শিক্ষকৰ প্ৰতিবাদ। চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত প্ৰতিবাদ শিক্ষকসকলৰ।

১৯. তামিলনাডুৰ কোচাডাই এলেকাত বান। পানীৰ পাইপ ফটাৰ পাছতেই এলেকাটোৰ পথত সৃষ্টি হয় কৃত্ৰিম বানৰ।

২০. বৃহস্পতিবাৰে পুনে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শুল্ক বিভাগে আটক কৰে দুজন যাত্ৰীক। প্ৰায় ৩৫ লাখ টকা বিদেশী নোটৰ সৈতে আটক লোক দুজনক।

২১. বৃহস্পতিবাৰে মৰিগাঁৱত বন্যাৰ্তক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান।এন ডি আৰ এফৰ উদ্যোগত প্ৰদান চিকিৎসা সেৱা।

২২. ইম্ফলৰ লিলং দলঙৰ সমীপত উদ্ধাৰকাৰী দলৰ অভিযান অব্যাহত। উক্ত স্থানত বুধবাৰে এখন বাহন বাগৰি পৰিছিল নদীত।

২৩. হাৰিয়ানাত ৭জন সমলিংগই লাঠীৰে প্ৰহাৰ কৰে এজন যুৱকক। আৰক্ষীয়ে আটাইকেইজনকে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।

২৪. অহা ১৫ আগষ্টত ভাৰতৰ ছবিগৃহত মু্ক্তি পাব নতুন হিন্দী ছবি 'বাটলা হাউছ'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জ'ন আব্ৰাহামে।

২৫. বলিউড তাৰকা প্ৰিয়ংকা চোপ্ৰাৰ অসম চৰকাৰৰ সৈতে হোৱা চুক্তিৰ ম্যাদ উকলিছে আৰু তেওঁ এতিয়া অসম পৰ্যটনৰ সৈতে জৰিত নহয়। বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৬জুলাইত টুইটাৰযোগে জনায় এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in