১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. শুকুৰবাৰে কাতিবিহু। গেঁৰধৰা ধাননি দেখি কৃষকৰ বুকুত মেলে আশাৰ পোখা। ধাননি পথাৰ, ভঁৰাল, তুলসীৰ তলত চাকি জ্বলাই লখিমীক আদৰাৰ প্ৰস্তুতি চলিছে সমগ্ৰ ৰাজ্যত।

২. দীপাৱলীক লৈ জিলা প্ৰশাসনৰ নীতি–নিৰ্দেশনা। নিশা ১০ বজাৰ পিছত ফুটাব নোৱাৰিব আতচবাজী।মহানগৰৰ মুঠ ২১ টা স্থানত আতচবাজী বিক্ৰীৰ অনুমতি দিছে জিলা প্ৰশাসনে

৩. অৱধ অসম এক্সপ্ৰেছত অভিযান চলাই ৰেল আৰক্ষীয়ে জব্দ কৰে দুটাকৈ ফেক্টৰীত নিৰ্মিত পিষ্টল। আৰক্ষীৰ সন্দেহ, ডিমাপুৰ নাইবা ডিফুৰ পৰা অনা হৈছিল পিষ্টল।

৪. ৭ দিনৰ আৰক্ষীৰ জিম্মাত জেহাদী আজাহাৰ উদ্দিন। পাটাছাৰকুছি থানাৰ লকআপত চলিছে মাৰাথান জেৰা। জেৰাত ফাদিল হৈছে JMB ৰ বহু গোপন তথ্য।

৫. কয়লাৰ Rat Hole Mining–ৰ কাৰণেই হ'ল জলবিস্ফোৰণ। ৮ দিনৰ পিছত সাৰ পালে NEEPCO কৰ্তৃপক্ষই। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভয়ংকৰ জলবিস্ফোৰণৰ পিছত দিল্লীত সংবাদমেল NEEPCO ৰ চি এম ডিৰ ।

৬. আজি কৰৱাচৌথ। বিজেপিৰ জ্যেষ্ঠ নেতা ম শিৱৰাজ সিং চৌহান আৰু তেওঁৰ পত্নী সাধনা চৌহানে পালন কৰে কৰৱাচৌথ।

৭. মু্ম্বাইলৰ লোকেল ট্ৰেইনত যাত্ৰা ৰিলে বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নড্ডাই। থানেৰ পৰা কুৰলা ইষ্টলৈ ৰেলত যাত্ৰা কৰে তেওঁ।

৮. মুম্বাইত গ্ৰেপ্তাৰ দুজন লোকক। প্ৰায় ২ কোটি টকা সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোক দুজনক।

৯. জম্ম-কাশ্মীৰৰ ছাটুৰত আৰক্ষীৰ অভিযান। এটা বাসগৃহৰ পৰা অভিযান কালত উদ্ধাৰ বহু বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ।

১০.মহাৰাষ্ট্ৰৰ পাৰ্লিত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শ্ৰী বেইজনাথ জ্যোতিৰ্লিং দেৱস্থানত পূজা-অৰ্চনা আগবঢ়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে।

১১. কৰৱাচৌথত পালনত ব্যস্ত বলিউডৰ অভিনেত্ৰীসকলে। স্বামীৰ দীৰ্ঘায়ুৰ বাবে অভিনেত্ৰী শ্বিলপা ছেট্টী, ৰবিনা তণ্ডন, নীলম কোঠাৰীকে ধৰি কেইবাগৰাকীও অভিনেত্ৰীয়ে পালন কৰে কৰৱাচৌথ।

১২. উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে সাক্ষাৎ কৰে ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱটক। দুয়ো বহু গুৰুত্ব বিষয়ত আলোচনাত বহে।

১৩.ছত্তীশগড়ত নাহৰফুটুকীৰ সন্ত্ৰাস। বন বিভাগে ৰাজ্যখনত ধামটাৰীত পিঞ্জৰাৱদ্ধ কৰে এটা নাহৰফুকুটী। নাহৰফুটুকীটোৱে অঞ্চলটোৰ বহু কেইজনৰ ওপৰত চলাইছিল আক্ৰমণ।

১৪. ডবকাত দ্ৰুতবেগী মেজিক বাহনে খুন্দিয়ালে গছত, থিতাতে নিহত চালক।

১৫. শিৱসাগৰত মহিলা কনিষ্টবলক বলাৎকাৰৰ চেষ্টা, আৰক্ষীৰ জালত অভিযুক্ত।

১৬. ধেমাজিৰ চমৰাজানত উদ্ধাৰ বৃহত্ অজগৰ।কুমতীয়া নৈৰ বালিচৰত উদ্ধাৰ ১৫ ফুট দীঘল অজগৰ।স্থানীয় যুৱকে ধৰিলে অজগৰডাল।

১৭. অহা ১ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ যোৰহাটৰ চাউলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন তথা প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। বৃহস্পতিবাৰে এক সংবাদমেলত এই কথা সদৰী কৰে আয়োজক সংস্থাটোৰ মুখ্য সম্পাদিকা জীনা ৰাজকুমাৰীয়ে।

১৮. ফিলিপিনছত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবান্দিত আৰু তেওঁৰ পত্নী সবিতা কোবিন্দ। ৭ দিনীয়া ভ্ৰমণসূচীৰে ফিলিপিনছ আৰু জাপানলৈ যাব তেওঁলোক।

১৯. উৰীত পাকিস্তানৰ বোমা বিস্ফোৰণ। বিস্ফোৰণ কেইবাটাও বাসগৃহত ক্ষতিগ্ৰস্ত। বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় এই বিস্ফোৰণ।

২০. হিমাচলপ্ৰদেশৰ কুল্লুত ধাৰাসাৰ তুষাৰপাত। তুষাৰপাতৰ ফলত শস্য আৰু আপেলৰ খেতি ক্ষতিগ্ৰস্ত হোৱা বুলি জনাইছে স্থানীয় খেতিয়কে।

২১. হিমাচলপ্ৰদেৰ কাংৰা, চাম্বা, মান্দি, কুল্লুত শুকুৰবাৰে ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনাই কৰে এই কথা।

২২. ডিব্ৰুগড়ৰ পৰা লালগড়লৈ গৈ থকা সময়তে আটক দুজনক। অবাধ অসম এক্সপ্ৰেছত পিষ্টলসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে।

২৩. 'কংগ্ৰেছ-এন চি পিয়ে দেশবাসীয়ে কি বিচাৰে সেই কথা নাজানে। সেয়েহে ২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাইজে তেওঁলোকক শাস্তি দিছিল।'- এই মন্তব্য প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

২৪. মহাৰাষ্ট্ৰৰ সতৰাত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এক জন সমদলত অংশ লোৱাৰ উদ্দেশ্যে সতৰাত উপস্থিত প্ৰধানমন্ত্ৰীগৰাকী।

২৫. পঞ্জাৱত অগ্নিকাণ্ড। গুৰুদ্বাৰ পুঞ্জা ছাহিবত সংঘটিত এই অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনী জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in