১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. মহাৰাষ্ট্ৰৰ আম্বেগাঁৱত এটা কুঁৱাৰ পৰা উদ্ধাৰ নাহৰফুটুকী। মানিকডোল লেপাৰ্ড ৰেছকিউ চেন্টাৰে উদ্ধাৰ কৰে ৩ বছৰীয়া এই নাহৰফুটুকীটো।

২. হাৰিয়ানাত ধাৰাসাৰ বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ আম্বালাৰ বিবিএমবি কলনীত সৃষ্টি হয় বানৰ।

৩. ঝাৰখণ্ডত শ্ৰাবাণী মেলাৰ শোভাৰম্ভ। এই মেলা শোভাৰম্ভ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে।

৪. ভুপালৰ ছাৰুটিপুৰাবাসীৰ সন্মুখীন হৈছে ভীষণ অসুবিধাৰ। বিদ্যুতৰ খুটা থকা পাছতো এলেকাটোত বৰ্তমানলৈ লাভ কৰা নাই বিদ্যুৎ সংযোগ।

৫. হিমাচলপ্ৰদেশৰ ইন্দিৰা গান্ধী মেডিকেল কলেজ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।কোনো লোক হতাহত হোৱা নাই।

৬. অসমৰ আন প্ৰান্তৰ লগতে ধুবুৰীতো বানে চলাইছে তাণ্ডৱ। নাৱেৰে যাতায়ত কৰিব লগা হৈছে স্থানীয় ৰাইজে।

৭. বিহাৰত বানৰ সংহাৰী ৰূপ। ৰাজ্যখনৰ দাৰভংগাত গাঁওবাসীৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে বাহৰ দলং। গাঁওখনৰ পকী দলং ভাঙি পৰাৰ পাছত নিৰ্মাণ কৰে এই বাঁহৰ দলংখন।

৮. বুধবাৰে ই ডি কাৰ্যালয়ত উপস্থিত টি এম চিৰ প্ৰাক্তন সাংসদ কুমাল ঘোষ। সাৰদা চীট ফাণ্ড কেলেংকাৰীৰে জড়িতৰ সন্দেহত তেওঁক মাতি পঠিওৱা হৈছিল ই ডি কাৰ্যালয়ত।

৯. মুম্বাইত উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে দুটি শিশুৰ মৃতদেহ। কেছাৰভাইত অট্টালিকা খহি পৰাৰ ফলত মৃত্যু হয় শিশু দুটিৰ।

১০. দিল্লীৰ সংসদ মাৰ্গৰ এছ বি আই অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড। ১২খনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। কোনো লোক এই অগ্নিকাণ্ডত হতাহত হোৱা নাই।

১১. পুনেৰ উন্দ্ৰী এলেকাত কোকেইনসহ আটক এজন নাইজেৰিয়ান নাগৰিক। আৰক্ষীয়ে অভিযান চলাই আটক কৰে ৪৪ বৰ্ষীয় বিদেশী লোকজনক।

১২. কুলভূষন যাদৱক লৈ বুধবাৰে আন্তৰাষ্ট্ৰীয় আদালতৰ ৰায়দানক আদৰণি জনালে সুষমা স্বৰাজে। ক'লে- ভাৰতৰ বাবে এয়া ডাঙৰ জয়।

১৩. বক্স অফিচত ছুপাৰ হিট ছুপাৰ-৩০। ৫ দিনৰ অন্তত উপাৰ্জন ৬৪.০৭ কোটি।

১৪. আজি অভিনেতা তথা বিজেপি সাংসদ ৰবি কিষনৰ জন্মদিন। অলেখ লোক জনালে শুভকামনা।

১৫. কৰ্ণাটকৰ মাংগালুৰুত ৪০ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ দুজন সৰবৰাহকাৰী। আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত গ্ৰেপ্তাৰ হয় দুয়োজন।

১৬. মহাৰাষ্ট্ৰৰ থানে আৰক্ষীৰ জালত পৰিল ৫ জন দুৰ্ধৰ্ষ চোৰ। থানেৰ এটা গুদামৰ পৰা প্ৰায় ২৫ লাখ মূল্যৰ বস্ত্ৰ চুুৰি কৰি অনা সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰ কেইজনক।

১৭. বৰপেটাৰ বজালীত বানত ডুবি এজন যুৱকৰ মৃত্যু। মাছ মাছ মাৰিবলৈ গৈ পানীৰ কোবাল সোঁতত উটি যায় কৈলাস কলিতা নামৰ যুৱকজন। মৃত যুৱকজনৰ ঘৰ নিত্যানন্দ নিমুৱা গাঁৱত।

১৮. 'নৰেন্দ্ৰ মোডীয়ে অসমক অষ্টলক্ষ্মী বুলি কয় কিন্তু দুৰ্যোগৰ সময়ত অসমলৈ এটকাও বিশেষ পুঁজি নিদিয়ে, অসমৰ ইতিহাসত আটাইতকৈ কম সাহায্য এই বছৰ দিছে, বান সমস্যাক গুৰুত্ব দিয়া নাই কেন্দ্ৰই।' সংবাদমেলত এই মন্তব্য কৃষক নেতা অখিল গগৈৰ।

১৯. মুখ্যমন্ত্ৰী আদিত্যনাথে উত্তৰ প্ৰদেশৰ অপৰাধমূল ঘটনা নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে।' -এই অভিযোগ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। বুধবাৰে সোনভদ্ৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত গুলিয়াগুলীত ১১ জন লোকৰ মৃত্যু ঘটাৰ পিছতে এই মন্তব্য কৰে প্ৰিয়ংকাই।

২০. অসমৰ বানপীড়িত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়ালে কংগ্ৰেছৰ দুই সাংসদ নগাঁও লোকসভা সমষ্টিৰ প্ৰদ্যুত বৰদলৈ আৰু বৰপেটা লোকসভা সমষ্টিৰ আব্দুল খালেকে।

২১. টহলদাৰী অসম ৰাইফলছৰ সেনা জোৱানে বুধবাৰে কাহিলি পুৱাই অসমৰ তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ পৰা নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠন আলফা স্বাধীনৰ এগৰাকী দুৰ্ধৰ্ষ কেডাৰক আটক কৰে।

২২. পাকিস্তানত কাৰাবন্দী হৈ থকা কুলভূষণ যাদৱৰ ফাঁচীৰ শাস্তি আন্তঃৰাষ্ট্ৰীয় আদালতে খাৰিজ কৰাৰ পিছতে আনন্দ প্ৰকাশ প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ। ক'লে- এয়া ভাৰতীয় আৰু ন্যায়ৰ জয়।

২৩. ভূ-কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগ খাৰিজ সমাজবাদী নেতা আজম খানৰ। ক'লে- 'মোক অনাহকতে ইয়াৰ সৈতে সাঙোৰা হৈছে।' উল্লেখ্য যে, ২৬ গৰাকীকৈ কৃষকক বন্দী কৰি তেওঁলোকৰ ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে আজম খানৰ বিৰুদ্ধে।

২৪. ভাৰতৰ জনপ্ৰিয় দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান বাজাজে ইয়াৰ পালচাৰ(Pulsar) চিৰিজৰ নতুন ১২৫ চি চিৰ এখন পালচাৰ বাইক ভাৰতীয় বজাৰত মুকলি কৰি দিয়াৰ বাবে প্ৰস্তুতি চলাইছে।

২৫. বিশ্বকাপ ২০১৯ত ছেমি ফাইনেলতে নিউজীলেণ্ডৰ হাতত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ হৈছিল ভাৰত। কিন্তু ইয়াৰ পিছতো আই চি চিৰ ৰেংকিঙত শীৰ্ষত থাকিল অধিনায়ক বিৰাট কোহলী আৰু য়ৰ্কাৰ মেন জছপ্ৰীত বুমৰাহ। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in