১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ঝাৰখণ্ডত সেনা-নক্সালবাদীৰ সংঘাত। এজন সেনা গুলীৱিদ্ধ।

২. ফতেহপুৰত ৰে'লৰ পৰা পৰি এগৰাকী যাত্ৰী নিহত। নমাৰ সময়তে ঘটে এই অঘটন।

৩. বুধবাৰে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰে অভিনেতা অনিল কাপুৰে। সংবাদ মাধ্যমক ব্যক্তিগত কাৰণত প্ৰধানমন্ত্ৰীক লগ ধৰা বুলি জানিবলৈ দিয়ে অভিনেতা গৰাকীয়ে।

৪. মহাৰাষ্ট্ৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাহন সংঘৰ্ষৰ ফলত মৃত্যু হয় ৪ জন লোক ।

৫. মহাৰাষ্ট্ৰৰ থানেত এজন বিজেপি নেতাৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ। গ্ৰেপ্তাৰ বিজেপি নেতা ।

৬. নাইজেৰিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন ট্ৰাকে খুন্দাত নিহত ২০ জন লোক ।

৭. বাঢ় জিলাত ট্ৰাক আৰু বাইকৰ সংঘৰ্ষ। নিহত বাইক আৰোহী।

৮. উদয়পুৰত পথ দুৰ্ঘটনা । প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই।

৯. বিকানৌৰত পত্নীক হত্যা কৰি আত্মহত্যা কৰিলে স্বামীয়ে। মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা ।

১০. বিগত ৫ দিনত বক্স অফিচত লেহেমীয়া গতিত চলিছে 'দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ'। যোৱা ৫দিনত ছবিখনৰ উপাৰ্জন ১৫.৫০ কোটি টকা।

১১. গৌৰখপুৰত ৰৈ ট্ৰাকত খুন্দা মাৰিলে বাইক আৰোহীয়ে। থিতাতে মৃত্যু ২১ বছৰীয়া আৰোহীজন।

১২. লক্ষ্ণৌত তিনিখন বাহনত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত থিতাতে নিহত দুজন।

১৩. কেনিয়াৰ নুৰবীত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১৫জনকৈ লোক। সন্ত্ৰাবাদী বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান।

১৪. বিহাৰৰ ভোজপুৰত এজন যুৱকক গুলীয়াই হত্যা দুৰ্বৃত্তৰ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীয়ে।

১৫. উচ্চতম ন্যায়ালয়ত বুধবাৰে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে দুজন ন্যায়াধীশক। ন্যায়াধীশ দুজন ক্ৰমে দীজেন মহশ্বেৰী আৰু সঞ্জীৱ খান্না।

১৬. অহা ১ ফেব্ৰুৱাৰীত সমগ্ৰ দেশৰ ছবিগৃহত মুক্তি পাব ভূষণ পেটেলৰ ভৌতিক ছবি 'অমাৱশ'। ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব শচীন যোশীক।

১৭. ১ ফেব্ৰুৱাৰীৰ মোডী চৰকাৰে সদনত দাখিল কৰিব অন্তিমখন বাজেট। ৩১ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈকে চলিব এই বাজেট অধিবেশন।

১৮. আম আদমীৰ পাৰ্টিৰ পৰা পদত্যাগ কৰিলে বিধায়ক বলদেৱ সিঙে। অৰবিন্দ কেজৰিৱাললৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ।

১৯. 'সবৰিমালা মন্দিৰৰ সংস্কৃতিক সদায় শ্ৰদ্ধা কৰিব যাব বিজেপিয়ে।'- কেৰালাত এই মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

২০. চীনত ছুৱাইন ফ্লুৰ সন্ত্ৰাস। প্ৰতিৰোধ মূলক ব্যৱস্থা হিচাপে চৰকাৰে মাৰিলে প্ৰায় ৯ লাখ গাহৰি।

২১. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিশ্বনাথত ই-ৰিক্সা চালক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিলে প্ৰতিবাদকাৰীয়ে।

২২. 'মৃত্যুৰ আগলৈকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাম।'- এই মন্তব্য এ আই ইউ ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ।

২৩. আকৌ বিতৰ্কত তথাকথিত গীতিকাৰ অজয় ফুকন। নলবাৰীৰ মাৰোৱাৰ ভোগালী উৎসৱত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে অজয় ফুকনে।

২৪. বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব জোনবিল মেলা। মৰিগাঁৱৰ জোনবিল বিলৰ পাৰত অনুষ্ঠিত হ'ব এই মেলা।

২৫. লিমকা বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত অসমৰ সৰ্বোচ্চ দুৰ্গা প্ৰতীমা। শিল্পী নুৰুদ্দিন আহমেদে মহানগৰীৰ বিষ্ণপুৰ পূজাস্থলীত ২০১৭ত নিৰ্মাণ কৰিছিল এই দুৰ্গা প্ৰতিমাটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in