১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. দৰঙৰ বুঢ়া আৰক্ষী চকীৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। চেন্ট্রেল ৱেষ্টাৰ্ণ ৰেঞ্জৰ DIGক দিছে তদন্তৰ নিৰ্দেশ। বুঢ়া আৰক্ষী চকীত ৩ মহিলাক অক্যথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ।

২. 'প্ৰদ্যুৎ বৰদলৈ কোন? মই চিনি নাপাওঁ। মই উইকিপেডিয়া চাব লাগিব।'- সংবাদমাধ্যমৰ আগত ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩. হাৰিয়ানাৰ ৰেল ষ্টেচনসমূহত জি আৰ পি আৰু আৰ পি এফৰ যৌথ অভিযান। বিস্ফোৰক সামগ্ৰী বিচাৰি হাৰিয়ানাৰ ৰেল ষ্টেচনসমূহত অভিযান চলোৱা হয়।

৪. ইন্দোৰৰ ডিটেশ্যন কেম্পৰ পৰা ৫জনৰ পলায়ন। ঘটনা সন্দর্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

৫. 'কেডেলা শিৱ প্ৰসাদ ৰাওৱে মানসিকভাৱে কষ্ট পাই আছিল। আমি তেওঁৰ আত্মহত্যা নে হত্যা কৰা হৈছিল এই সন্দৰ্ভত চিবিআইৰ তদন্ত দাবী কৰিছো।'- এই মন্তব্য অন্ধ্ৰপ্ৰদেসৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ।

৬. হাৰিয়ানাৰ ঝাজিয়াৰত এটা নিৰ্মীয়মান অট্টালিকাত উদ্ধাৰ ৫টাকৈ মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

৭. ১৯ ছেপ্টেম্বৰত ই ডি কাৰ্যালয়ত হাজিৰ হ'ব লাগিব কংগ্ৰেছ নেতা লক্ষ্মী হেব্বালকাৰ। ডি কে শিৱাকুমাৰৰ ধন লুন্ঠন কেলেংকাৰী সন্দৰ্ভত সোধ-পোছ কৰা হ'ব কংগ্ৰেছ নেতাগৰাকীক।

৮. কুপৱাৰাত ৪জন অস্ত্ৰধাৰী দুৰ্বৃত্তই এখন বাহন ৰখাই আক্ৰমণ কৰে চালকৰ সৈতে। তাৰপাছত অগ্নিসংযোগ কৰি জ্বলাই দিয়ে বাহনখন।

৯. চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আটক এজন যাত্ৰীক। লোকজনৰ পৰা উদ্ধাৰ কৰা হয় প্ৰায় ৩২ লাখ টকা নগদ ধন।

১০. নিহত ৮জন দিল্লী আৰক্ষী জোৱানৰ পৰিয়াললৈ ১ কোটি টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা কৰে দিল্লী চৰকাৰে। কৰ্মৰত সময়ত তেওঁলোকে হেৰুৱাইছিল প্ৰাণ।

১১. কংগ্ৰেছ নেতা ডি কে শিৱাকুমাৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ। অহা ১ অক্টোবৰলৈ ন্যায়িক জিম্মাত ৰখা হ'ব শিৱাকুমাৰক।

১২. বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। পুৱা প্ৰায় ১০.৩০ বজাত অনুষ্ঠিত হ'ব এই বৈঠকখন।

১৩. অন্ধ্ৰপ্ৰদেশৰ মহানন্দী মন্দিৰত সোমাল কুন্দু নদীৰ বাঢ়নি পানী। সোমবাৰৰ নিশাৰ পৰা হৈ থকা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বৃদ্ধি পাইছে কুন্দু নদীৰ জলপৃষ্ঠ।

১৪. ৬৯ সংখ্যক জন্মদিন উদযাপন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে। জন্মদিনৰ দিনটোত মাতৃৰে মিলিত হয় প্ৰধানমন্ত্ৰী গৰাকী।

১৫. মঙলবাৰে গুজৰাটত উপস্থিত প্রধানমন্ত্ৰী মোডী। গাৰুদেশ্বৰ দত্ত মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

১৬. কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সাক্ষাৎ কৰে ৰ'জনেফট চীপ এগজিকিউটিফ অফিচাৰ ইকোৰ ইভানোভিচ ছেচিনক। মঙলবাৰে পুৱা সাক্ষাৎ কৰে তেওঁক।

১৭. '৫ আগষ্টৰ পৰা ১৭ ছেপ্টেম্বৰলৈকে কাশ্মীৰত চলা নাই এটা গুলী। এজনো লোকে হেৰুওৱা নাই প্ৰাণ।'- এই মন্তব্য গৃহ মন্ত্ৰী অমিত শ্বাহৰ।

১৮. 'আমাৰ সংস্কৃতিত বিশ্বাস আছে যে, পৰিৱেশ সুৰক্ষিত কৰিলেহে বিকাশ সাধিব পৰা যাব।'- এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

১৯. অন্ধ্ৰপ্ৰদেশৰ গোদাবৰী নদীত নাও দুৰ্ঘটনাত বৰ্তমানলৈ উদ্ধাৰ ১২টাকৈ মৃতদেহ। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

২০. অহা ২ অক্টোবৰত ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি ওৱাৰ। ছবিখনত অভিনয় কৰিছে অভিনেতা হৃত্বীক ৰোশ্বন আৰু টাইগাৰ শ্ৰফে।

২১. কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ মঙলবাৰে হাজিৰ নহ'ল চিবিআইৰ কাৰ্যালয়ত। ৰাজীৱ কুমাৰক বিচাৰিবৰ বাবে চিবিআইয়ে গঠন কৰিছে এটা বিশেষ গোট।

২২. মঙলবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৬৯ সংখ্যক জন্মদিন। কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোডীক।

২৩. ভয়ংকৰ বিস্ফোৰণত কঁপিল আফগানিস্তান, ৰাষ্ট্ৰপতি আছৰাফ গণিৰ সমাৱেশত বিস্ফোৰণ, ২৪জনৰ মৃত্যু

২৪. দিল্লীৰ জ্যোতিনগৰ এলেকাত ভয়ংকৰ ঘটনা। তিনিটা দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে ৰাজুল নামৰ এজন লোকক। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

২৫. 'নৰেন্দ্ৰ মোডী চৰকাৰে দ্বিতীয়টো কাৰ্যালয়ৰ ১০০ দিনৰ খতিয়ান জমা কৰিলে মঙলবাৰে।'- এই কথা জনাই কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in